অসমশীৰ্ষ

প্ৰধানমন্ত্ৰীৰ ওপজা দিনত গছপুলি ৰোপণ আৰু প্লাষ্টিক বৰ্জনেৰে পৃথিৱীখনক ৰক্ষা কৰিবলৈ আহ্বান বিধায়ক দীপক কুমাৰ ৰাভাৰ

প্ৰথম খবৰ, দুধনৈ,ভবেশ চন্দ্ৰ ভাগৱতী:ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিনৰ লগত সংগতি ৰাখি  ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ সৌজন্যত আৰু দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ ৩৬ নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই এটি  গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিচতে  প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিন উপলক্ষে আয়োজিত এখন সভাত সভাপতিত্ব কৰে  দুধনৈস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যক্ৰম সমন্বয়ক ড’ হিতু চৌধুৰীয়ে৷ কৃষি বিজ্ঞানী বেঞ্জামিন কামানে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত বিধায়ক দীপক কুমাৰ ৰাভাই পৃথিৱী খনক গোলকীয় উঞ্চতাৰ পৰা ৰক্ষা কৰিবলৈ  গছপুলি ৰোপণৰ লগতে প্লাষ্টিক বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনায়৷ গছ পুলি ৰোপন আৰু প্লাষ্টিক বৰ্জন এই দুটা কাম অভ্যাসত পৰিণত কৰিব পাৰিলেহে সুন্দৰ পৃথিৱী খনক ৰক্ষা কৰিব পৰা যাব বুলি কয়৷ বৰ্তমান বনধ্বংস জল সংকটৰ অন্যতম কাৰণ বুলিও অভিহিত কৰে বিধায়ক গৰাকীয়ে৷ কৃষি বিজ্ঞানী বেঞ্জামিন কামানে ভূমি সংৰক্ষণ আৰু জল সংৰক্ষণৰ বাবে গছ অপৰিহাৰ্য বুলি কোৱাৰ লগতে সকলোকে গছপুলি ৰোপণেৰে পৃথিৱীখনক ৰক্ষা কৰা অভিযানৰ অংশীদাৰ হবলৈ আহ্বান জনায়৷ বৃক্ষ ৰোপণৰ ফলত জনসাধাৰণে সততে ভোগ কৰি অহা বানপানীৰ সমস্যা আৰু খৰাঙৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি কয়৷ আনহাতে সভাপতিৰ ভাষণত কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যক্ৰম সমন্বয়ক  ড’ হিতু চৌধুৰীয়ে ৰাইজক উদ্দেশ্যি কয় যে ৩৫০০ জোপা গছে ১০হেজাৰ কিলোমিটাৰলৈকে যান বাহনৰ পৰা হোৱা প্ৰদূষণ ৰোধ কৰিব পাৰে৷ তেওঁ  পুনৰ কয় যে- এজোপা বৃহৎ গছে দহ গৰাকী ব্যক্তিক এবছলৈ অক্সিজেনৰ যোগান ধৰিব পাৰে৷  সভাত উপস্থিত থকা কৃষক তথা ৰাইজৰ মাজত মহানিম গছ, ডালিমৰ গছ, কাজু বাদামৰ লগতে অন্যান্য ফলমুলৰ গছকে ধৰি ২৩০০শ গছপুলি বিতৰণ কৰা হয়৷ সভাত কৃষি বিজ্ঞানী বিশ্বজিত দে বিশিষ্ট সমাজ কৰ্মী সঞ্জয় ৰাভা, কৃষি বিজ্ঞান কেন্দ্ৰৰ মীনাক্ষী বৰা কামান, মৌচুমী ভূঞা,পলী শইকীয়া আৰু শতাধিক কৃষক ৰাইজ উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close