অসম

ফকিৰাগ্ৰামত ডকাইতিৰ কাণ্ডৰ পলাতক ডকাইত আটক

 

প্রথম খবৰ , ফকিৰাগ্ৰাম , কিশোৰ মিশ্রা  ১২ ছেপ্টেম্বৰ ২০১৯ : কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানা এলেকাৰ ফকিৰাগ্ৰাম ওতৰ ৰাভাপাৰাত যোৱা ১ ছেপ্টেম্বৰ সংঘটিত ডকাইতি কাণ্ডৰ পলাতক ডকাইতটোক আৰক্ষীয়ে পুনৰ আটক কৰিবলৈ সক্ষম হৈছে। উলেখ যে যোৱা ১ ছেপ্টেম্বৰত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানা এলেকাৰ ফকিৰাগ্ৰাম ওতৰ ৰাভাপাৰাত পুৱা প্রায় ৯ ম্যান বজাত সংঘটিত হোৱা এক ডকাইতি কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ প্ৰাপ্ত বাতৰি মতে পুৱা প্রায় ৯ ম্যান বজাত সংঘটিত হোছিল ডকাইতিৰ ঘটনা৷ ওতৰ ৰাভাপাৰাৰ সত্য নাথৰ পুত্র বিজু নাথ নামৰ লোকজনৰ গৃহত বিজু নাথ নাথাকে সুযোগ লৈই চাৰিজনীয়া এটি ডকাইতৰ দলে বিজু নাথৰ বন্ধুৰ পৰিচয় দি ঘৰত প্রবেশ কৰি গৰমৰ সুজুগ লোই ফেনোৰ তলত বহি চা খাই চিয়াৰত বহি থোকা বিজু নাথৰ পত্নীৰ হাত বান্ধি ডিঙিত চোকা অস্ত্র লগাই চিঞৰ বাখৰ কৰিবলে মানা কৰি নগদ ধনসহ লুটপাট চলাই ঘৰৰ পৰা পলায়ন কৰে। পলায়ন কৰাৰ পিছত বিজু নাথৰ পত্নী চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে খেদি খেদি চাৰিজনীয়া ডকাইতৰ পৰা তিনিজনক আটক কৰিবলে সক্ষম হয়। পিচত একাংশ ৰাইজে ডকাইত তিনিজনক উত্তম মধ্যম দিয়ে। উক্ত ঘটনাৰ খবৰ পাই ফকিৰাগ্রাম আৰক্ষী চকিৰ পৰা আৰক্ষীৰ এটা দল ঘটনা স্থলিত উপস্থিত হৈই আটক কৰা ডকাইত তিনিটাক ফকিৰাগ্রাম আৰক্ষী চকিলৈ লৈ আহে। আৰু পিছত ফকিৰাগ্রাম আৰক্ষী চকি ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাই উক্ত ঘটনাত জড়িত পলাতক ডকাইতক বিচাৰি বিচাৰি বুধবাৰে বঙাইগাওঁ পৰা আটক কৰে। আটক কৰা ডকাইতটো চিৰাং জিলাৰ বাসুগাওঁ আৰক্ষী চকি অন্তর্গত হেকুৱাপাৰা গাঁৱৰ বাসিন্দা হীৰেন বর্মনৰ পুত্র কার্তিক বর্মন (২৮) বুলি চিনাক্ত কৰা হয় । 

Related Articles

Leave a Reply

Close