অসমশীৰ্ষ

ফকিৰাগ্ৰামত শাৰদীয় দুৰ্গোৎসৱক লৈ প্ৰশাসনৰ সভা

প্রথম খবৰ , ফকিৰাগ্রাম , কিশোৰ মিশ্ৰা:কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাত আজি ৰাতিপুৱা ১১ বজাত সমাগত দুৰ্গাপূজা আয়োজন উপলক্ষে এখন নাগৰিক সভা অনুষ্ঠিত হয়৷শক্তিআশ্ৰম মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৰেশ চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কোকৰাঝাৰ জিলা কোকৰাঝাৰ জিলা ভিডিপি অধ্যক্ষ আব্দুল বাৰেক আহমেদই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰি চিও বিডিও জোগেন আবাংজ, সমাজসেৱী প্ৰদীপ নাৰায়ন দেৱ,ফকিৰাগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় কুমাৰ সাহা , থানা এলেকাৰ ভিডিপি সভাপতি, সম্পাদক সকলৰ উপৰি পুজা কমিটি সমুহৰ সভাপতি আৰু সম্পাদক আৰু ৰাইজ উপস্থিত থাকে৷উক্ত সভাত ফকিৰাগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে দুৰ্গোৎসৱৰ সময়ত জাৰি কৰা চৰকাৰী নীতি-নিৰ্দেশনা সমুহ মানি চলিবলৈ পূজা সমিতি সমুহক আহ্বান জনায়৷সভাত তেখেতে পুৰুষ-মহিলা স্বেচ্ছাসেৱক নিয়োগ,পূজা মণ্ডপ সমুহত কটকটীয়া পহৰা ব্যৱস্থা কৰা,সময় মতে প্ৰতিমা বিসৰ্জন আৰু মণ্ডপ সমুহ চাফচিকুণকৈ ৰখাৰ ব্যৱস্থা কৰাৰ আহ্বান জনায় ৷ সভাত স্থানীয় ব্যক্তি সকলে শান্তি-শৃংখলা বজাই ৰাখি পুজা উপভোগ কৰিবলৈ  আহ্বান জনায় ।

Related Articles

Leave a Reply

Close