অসমনলবাৰীশীৰ্ষ

বগলচৰোড – চান্দুকুছি- গোপালথান- বৰনদ্দি-বনগাওঁ পথৰ দুৰৱস্থা

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা ,নলবাৰী:নলবাৰী- ধৰ্মপুৰ সমষ্টি সংলগ্ন এটি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথত পুখুৰী সদৃশ গাতৰ সৃষ্টি হোৱাৰ লগতে পকীখিনি তৰপে তৰপে উঠি যোৱাৰ ফলত ৰাইজে যাতায়াতত নৰক যন্ত্ৰণা ভুগিব লগা হোৱা বিষয়টোই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে চৰকাৰ- জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে ক্ষোভত জ্বলিছে।নলবাৰী সমষ্টিৰ বাহঁজানীৰ বগলচৰোড -চান্দুকুছি -গোপালথান আৰু ধৰ্মপুৰ সমষ্টিৰ বৰনদ্দি- বনগাঁও গড়কাপ্তানী পথটোৰ অধিকাংশ শোচনীয় হৈ পৰাৰ বাবে এলেকাধীন জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।বিশেষকৈ বগলচৰোড, বুদ্ৰুকুছি -চান্দুকুছি -গোপালথান আৰু বৰনদ্দিত পথটোৰ পকী অংশ এৰি যোৱাৰ লগতে পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে।পথটোৰ বগলচৰোড চান্দুকুছি গোপালথানৰ অংশ নলবাৰী সমষ্টি আৰু বৰনদ্দি অংশ ধৰ্মপুৰ সমষ্টিত পৰে। বিধ্বস্ত পথটোৰে দৈনিক ৰাইজে অহা -যোৱা কৰিবলগীয়া হয়।এই পথেৰে সৰু -বৰ গাড়ী, অটৰিস্কা,টেম্প, মটৰ চাইকেল, চাইকেল আদিৰে যাতায়াত কৰা সময়ত যমৰ যন্ত্ৰণা ভুগিবলগীয়া হয় বুলি স্থানীয় ৰাইজে ক্ষোভেৰে প্ৰকাশ কৰে। চৰকাৰে গ্ৰামাঞ্চলৰ বাট – পথৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে যদিও এই বিধ্বস্ত পথটো মেৰামতি কৰিবৰ বাবে স্থানীয় জনপ্ৰতিনিধি, জিলা প্ৰশাসন কিম্বা নলবাৰী গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডলে আগবাঢ়ি নহাটো অতি পৰিতাপৰ বিষয় বুলি এলেকাধীন ৰাইজে মত প্ৰকাশ কৰে। অথচ বিধ্বস্ত পথটোৰে দৈনিক দক্ষিণ নলবাৰী মহাবিদ্যালয়,

চান্দুকুছি পাব্লিক হাইস্কুল,চান্দুকুছি মজলীয়া বিদ্যালয়, চান্দুকুছি শংকৰদেৱ শিশু নিকেতন, নিত্যানন্দ ছোৱালী হাইস্কুল,গংগা পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়, গোপালথান পলিটেকনিকেল ইনষ্টিটিউট (হাইস্কুল) বৰনদ্দি ছোৱালী হাইস্কুল, বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত এলেকাধীন ছাত্ৰ, ছাত্ৰী,চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মচাৰী, ৰাইজে অহা যোৱা কৰিবলগীয়া হয়। এই পথেৰে স্থানীয় ৰাইজে চিকিৎসাৰ বাবে নলবাৰী চহৰলৈ যোৱা ৰোগীসকলে বিধ্বস্ত পথৰ বাবেই অশেষ কষ্ট স্বীকাৰ কৰিব লাগে। তথাপি দীৰ্ঘদিনে বিধ্বস্ত পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৫০ লাখৰো অধিক ধন মেৰামতিৰ বাবে আবণ্টন দিয়া হৈছিল যদিও নলবাৰী পথ সংমণ্ডলৰ এচাম বিষয়া -কৰ্মচাৰীৰ সৈতে মিলি প্ৰাক্তন কৃষি মন্ত্ৰী নীলমনি সেন ডেকাৰ ঘনিষ্ঠ ঠিকাদাৰে লুন্ঠন চলোৱাৰ ফলত কম দিনতেই পথটো ধবংসৰ ফালে গতি কৰে বুলি ৰাইজে অভিযোগ কৰে। সম্প্ৰতি পথটো পুনৰ নিৰ্মাণৰ দিহা কৰিবলৈ এলেকাধীন ৰাইজে ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাক মেৰামতিৰ ব্যৱস্থা শীঘ্ৰে কৰিবলৈ দাবী জনাইছে। অন্যথা এলেকাধীন ৰাইজে সংগ্ৰাম কৰি জনপ্ৰতিনিধি তথা বিভাগক ধিক্কাৰ দিব বুলি হুংকাৰ দিয়ে ।

Related Articles

Leave a Reply

Close