অসমশীৰ্ষ

বন্যহস্তীৰ আক্ৰমণত যুৱকৰ মৃত্যু

প্ৰথম খবৰ , তীৰ্থ শৰ্মা,ডিমাকুছি:ওদালগুৰি জিলাৰ অসম-ভূটান সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তী-মানুহৰ সংঘাতে ভয়াবহ ৰুপ লৈছে৷ এই বৰ্ষতে বন্যহস্তীৰ আক্ৰমণত অসম-ভূটান সীমান্তত ২৩জনৰো অধিক লোকৰ মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নাযাওতেই পুনৰ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱকৰ মৃত্যু হয় আজি৷ জানিব পৰা মতে ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ২নং ৰজাগড়ত যোৱা ৯জুলাইত বন্যহস্তীৰ আক্ৰমণত গুৰুত্বৰভাবে আহত হৈছিল খগেন বৰ্মনৰ পুত্ৰ চন্দ্ৰ বৰ্মন৷ দীৰ্ঘদিন ধৰি জিএমচিএইত চিকিৎসাধীন হৈ থকা চন্দ্ৰ বৰ্মনৰ আজি মৃত্যু হয়৷ পিছত মৃতকৰ পৰিয়ালৰ গৃহত ডিমাকুছি থানাৰ এছআই নয়নজ্যোতি গগৈ উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰিবলৈ ওদালগুৰিলৈ প্ৰেৰণ কৰে৷

Related Articles

Leave a Reply

Close