অসম

বালিকৰিয়াত পৰিপুষ্টি অভিযান কাৰ্যসূচী সম্পন্ন

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা ,নলবাৰী , ১২ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰখনে দেশৰ শিশুসকলৰ পুষ্টিহীনতা আৰু কিশোৰ-কিশোৰী আৰু গৰ্ভৱতী মহিলাসকলৰ ৰক্তহীনতা দুৰীকৰণৰ উদ্দেশ্য ২০১৮ চনৰ পৰা পৰিপুষ্টি(পোষণ)অভিযান কাৰ্য্যসূচী চলাই আহিছে।২০২০ চনৰ ভিতৰত সমগ্র দেশতে উক্ত সমস্যা নিৰ্মূলৰ উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সহায়ত সমাজ কল‍্যাণ বিভাগৰ জৰিয়তে সময়ে সময়ে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছে। বিগত বৰ্ষৰ দৰেই এই বেলিও সমগ্র দেশতে ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পুষ্টি মাহ হিচাপে পালন কৰা হৈছে। সেই অনুসৰি আজি নলবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ৮ নং বালিকৰিয়া চক্ৰৰ উদ‍্যোগতো বালিকৰিয়া বাসুদেৱ মন্দিৰ প্ৰাংগণত পৰিপুষ্টি অভিযান কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। এই উপলক্ষে শিক্ষক যোগেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মধুমেহ আৰু উচ্চ ৰক্তচ্চাপ ৰোগৰ বিষয়ে বিস্তৃত বিবৰণী আগবঢ়োৱা হয়। সভাত জিলা শিশু উন্নয়ন প্ৰকল্প বিষয়া ইৰাণী ঠাকুৰীয়া, মুখ্য সেৱিকা দীপিকা কলিতা, কৌশল্যা দেৱী, ভাৰতী কলিতা, ৰেণু ভৰালী, দুলুমনি লহকৰ, এ এন এম নিকন শীল, আৰু পঞ্চায়ত সভাপতি বীৰেন দাসও উপস্থিত থাকে।একেখন সভাতে স্থানীয় ভাবে উৎপাদিত পৰিপুষ্টি আহাৰৰ ভিটামিন, মিনাৰেল আৰু প্ৰটিন যুক্ত খাদ্যৰ প্ৰদৰ্শনী মেলাও অনুষ্ঠিত কৰে। আনহাতে বালিকৰিয়া ৬নং অংগনৱাড়ী কেন্দ্ৰৰ পৰা আজি এটি শোভাযাত্ৰা উলিয়ায।শোভাযাত্ৰাকাৰী সকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ ৰক্তহীনতা পৰা শিশু-মাতৃক ৰক্ষা কৰক,বাল‍্য বিবাহ বন্ধ কৰক, মুক্তভাৱে শৌচ- প্ৰস্ৰাৱ কৰা বন্ধ কৰক,পলিঅ, মুক্ত অসম গঢ়ক আদি শ্লোগান দি প্ৰায় দুইশতাধিক সমদলকাৰীয়ে সজাগতাৰ হকে অভিযান চলাই।

Related Articles

Leave a Reply

Close