অসমশীৰ্ষ

বীৰ জীজামাতা পুৰস্কাৰ প্ৰদান দুজনী মহিলাক। নলবাৰীত ক্ৰীড়া ভাৰতী অসম প্ৰান্তৰ উদ্যোগত ভাৰত জাগো দৌৰ অনুষ্ঠান সম্পন্ন

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা ,নলবাৰী:ক্ৰীড়া ভাৰতীৰ অসম প্ৰান্তৰ উদ্যোগত আৰু জিলাৰ সহযোগত আজি নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ‘ জাগো ভাৰত দৌৰ ‘ অনুষ্ঠান হয়। উল্লেখ্য যে স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগো চহৰত বিশ্ব ধৰ্ম সভাত ভাষন প্ৰদান কৰি ভাৰতীয় সংস্কৃতি আৰু হিন্দু ধৰ্ম দৰ্শনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা দিনটোৰ স্মৰণত ক্ৰীড়া ভাৰতীয়ে প্ৰতিবছৰে যুৱ সমাজৰ মাজত ৰাষ্ট্ৰ প্ৰেমৰ ভাব জাগৃত কৰা আৰু সমাজক নেতৃত্ব দিয়াৰ প্ৰেৰণা যোগোৱাৰ বাবে জাগো ভাৰত দৌৰ অনুষ্ঠিত কৰি আহিছে। তদুপলক্ষে নলবাৰীত আয়োজিত অনুষ্ঠানৰ কাৰ্যসূচী মতে আজি পুৱা ৬ বজাত ভাৰতমাতা আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আৰু মাল্যাৰ্পন কৰে আৰ এছ এছ নেতা ডাঃ উমেশ চক্ৰৱৰ্তীয়ে। ৬ -৩০ বজাত সমূহীয়া দৌৰ উদ্বোধন কৰে আন্তঃ ৰাষ্ট্ৰীয় দৌৰবিদ বিজিত গগৈয়ে । ৭ বজাত বীৰ জীজামাতা পুৰস্কাৰ প্ৰদান অনুষ্ঠান । অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে আৰ এছ এছ নেতা ৰবীন্দ্ৰ সিনহা, মুখ্য অতিথি হিচাপে স্থানীয় সাংসদ দিলীপ শইকীয়া ,বিশিষ্ট অতিথি হিচাপে স্থানীয় বিধায়ক অশোক শৰ্মাই উপস্থিত থাকি তত্বগধুৰ ভাষন ৰাখে। আৰ এছ এছ নেতা দিলীপ শৰ্মাৰ সঞ্চালনাত হোৱা অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, ক্ৰীড়া ভাৰতীৰ নেতা শ্যামন্ত শইকীয়া, দিপাংকৰ বৰুৱা, মনোজ দে , পৰেশ বৰ্মন, ৰাজীৱ শৰ্মা, বিপুল কুমাৰ সাউদ সহ ভালেমান ৰাইজে অংশ গ্ৰহণ কৰে। বীৰ জীজামাতা পুৰস্কাৰ প্ৰদানট কৰা হয় জিলাখনৰ চামতাৰ পাঁচগৰাকী ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈক লালন পালন কৰা মাতৃ ভাতৰী প্ৰিয়া দেৱী আৰু নলবাৰীৰ অমুল্যা হালৈক।

Related Articles

Leave a Reply

Close