অসমনলবাৰীশীৰ্ষ

বেতন বঞ্চিত কৰ্মচাৰীৰ তীব্ৰ সংগ্ৰামৰ হুংকাৰ, শীঘ্ৰে বন্ধ হোৱাৰ পথত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী-বেলশৰ সংমণ্ডলৰ ৩১খন আঁচনি

প্ৰথম খবৰ ,নলবাৰী:নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত আঁচনি কেইখনৰ লগতে জিলাখনৰ মুঠ বিভিন্ন প্ৰান্তৰ ৩১খনকৈ বিশুদ্ধ খোৱা পানী যোগান আঁচনি সম্পূৰ্ণ বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে। আজি কৰ্মচাৰী সকলে এক বিবৃতিত জনোৱা মতে কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ তথা দৰমহাৰ পৰা বঞ্চিত হোৱাৰ ফলত বিগত এঘাৰ বছৰে বিনা বেতনে কাম কৰি আছে। তথাপিও ৰাইজক বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত কৰা নাই। কিন্তু চৰকাৰক আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাত কৰ্মচাৰী সকলে হতাশ হৈ পৰিছে। যাৰ বাবে জিলাখনৰ আঁচনিত কৰ্মৰত বেতন বঞ্চিত কৰ্মচাৰী সকলে আঁচনি কেইখনত নিজৰ কৰ্ম নকৰি বন্ধ কৰি দিব জনস্বাস্থ্য বিভাগৰ নলবাৰী আৰু বেলশৰ সংমণ্ডলৰ অধীনস্থ বিশুদ্ধ খোৱা পানী যোগান আচনি৷জানিব পৰা মতে বিগত ২০০৯ চনতে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে নলবাৰী আৰু বেলশৰ সংমণ্ডলৰ অধীনত ৩১খন নতুন আঁচনি বাঁহজানীকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত স্থাপন কৰিছিল৷সেই সময়তে বিভাগটোৱে আচনি সমূহ স্থাপনৰ বাবে চৰকাৰী ভূমিৰ অভাৱত ব্যক্তিগত মালিকাধীন প্ৰায় দুইকঠাকৈ ভূমি গ্ৰহণ কৰি তাৰ মূল্য হিচাপে মাটিৰ মালিকক একোটাকৈ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আঁচনিৰ কাম সম্পূৰ্ণ কৰি মাটিৰ গৰাকীক আঁচনি চলোৱাৰ দায়িত্ব অৰ্পন কৰে৷সেই মৰ্মে উক্ত আঁচনিত মাটিৰ গৰাকীয়ে আঁচনিত কাম কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছে যদিও আজি পৰ্য্যন্ত চৰকাৰে সেই কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰাটো দূৰৰে কথা নুন্যতম পাৰিশ্ৰমিকো প্ৰদান নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে কৰ্মচাৰী সকলে । আনহাতে উক্ত সংমণ্ডল দুটাৰ পুৰণি আঁচনি সমুহতো একোজনকৈ নতুন কৰ্মচাৰী নিয়োগ কৰে যদিও তেওঁলোকৰ দৰমহাৰ ব্যৱস্থা গ্ৰহন কৰা নাই চৰকাৰে ।
এইক্ষেত্ৰত কৰ্মচাৰী সকলে পূৰ্বৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা নিয়মীয়া কৰণৰ দাবী উত্থাপন কৰি আহিছিল যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বৰ্তমানৰ পৰিবৰ্তনকামী চৰকাৰৰ পৰাও কোনো সুফল নোপোৱা বুলি কৰ্মচাৰী সকলে অভিযোগ উত্থাপন কৰিছে৷বেতন বঞ্চিত কৰ্মচাৰী সকলে বিবৃতিটোত উল্লেখ কৰা মতে জিলাখনৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধান শীঘ্ৰে নকৰিলে চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে শীঘ্ৰে তীব্ৰ সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ দিয়াই নহয় জিলাখনৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ কৰ্মচাৰী সন্থাৰ অহা ১২ ছেপ্তেম্বৰত বাঁহজানীৰ মুগকুছিত হবলগীয়া এখন সভাত কঠোৰ সিদ্ধান্ত লোৱা হব বুলিও জনা গৈছে ।

Related Articles

Leave a Reply

Close