অসমশীৰ্ষ

ভাতৃত্ববোধেৰে নিৰ্বাচনী প্ৰক্ৰিয়া সমাপন কৰিব লাগিব -প্ৰাণ কুমাৰ দাস পূৱ নলবাৰী মণ্ডল বিজেপিৰ সাংগঠনিক নিৰ্বাচনী কৰ্মশালা সম্পন্ন

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী:নলবাৰী জিলা বিজেপিৰ অন্তৰ্গত বাহঁজানীৰ চাৰি পঞ্চায়তৰ ৪১ খন বুথ সমিতিকে ধৰি আন ছয়খন সহ মুঠ দহখন পঞ্চায়তৰ বুথ সমিতিৰে গঠিত পূৱ নলবাৰী মণ্ডল বিজেপিৰ সাংগঠনিক নিৰ্বাচনী কৰ্মশালা খন আজি জিলা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। মণ্ডল বিজেপিৰ সভাপতি জয়ৰাম বৰ্মনে সভাপতিত্ব কৰা কৰ্মশালাত জিলাখনৰ সাংগঠনিক নিৰ্বাচনৰ দায়িত্বত থকা তথা গেৰুৱা দলটোৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি প্ৰাণ কুমাৰ দাস ,ৰাজ্যিক কাৰ্য্যনিৰ্বাহক প্ৰতুল কলিতা,জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, অঞ্জন শৰ্মা, সম্পাদক দিলজিৎ বৰ্মন, মণ্ডলৰ উপ সভাপতি ৰজনী বৰ্মন, সাধাৰণ সম্পাদক ভূপেন ডেকা,খগেন ডেকা,কোষাধ্যক্ষ কিশোৰ কলিতা, মণ্ডলৰ সাংগঠনিক নিৰ্বাচনৰ সহ আহ্বায়কৰ দায়িত্ব থকা তথা পঞ্চায়ত সভাপতি অঞ্জনজ্যোতি তালুকদাৰ,পঞ্চায়ত সভাপতি বীৰেণ দাস,আৰতি বৈশ্য,নমিতা দাস,জোনমণি বৈশ্য তালুকদাৰ, ৰুক্মিণী কলিতা,তপন শৰ্মা,লাৱণ্য নাথ,পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰ্মন, আঞ্চলিক সদস্য হিতেশ তালুকদাৰ,জয়দেৱ দাস,জেচিম আলী,নিৰোদ দাস,অঞ্জলি ডেকা,হিৰণ্য বৰ্মন, ৰাজীৱ দাস জ্যেষ্ঠ নেতা দিলীপ শৰ্মা, সৰ্বেশ্বৰ কলিতা,মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি পৰাগ

চক্ৰৱৰ্তী,সাধাৰণ সম্পাদক অঞ্জন শৰ্মা,আই টি চেলৰ আহ্বায়ক নিহাৰ ভৰালী সহ কেইবাশতাধিক দলীয় কৰ্মী, শক্তি কেন্দ্ৰৰ আহ্বায়ক সকল উপস্থিত থাকে। কৰ্মশালাত জিলা নিৰ্বাচনী প্ৰক্ৰিয়াৰ দায়িত্বত থকা ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি প্ৰাণ কুমাৰ দাসে ভাষনত কয় যে দলৰ নীতি আদৰ্শ আগত ৰাখি ভাতৃত্ববোধেৰে মণ্ডল সমিতিৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপন কৰিব লাগিব।যাতে সকলোৱে সন্মত প্ৰকাশ কৰে বুলি দোহাৰে।

Related Articles

Leave a Reply

Close