অসমনলবাৰীশীৰ্ষ

ভোগ দখল কৰি থকা কৃষকৰ ভূমিৰ উচিত মূল্য দিয়ক। কৃষক সভাৰ চৰকাৰক দাবী বাহঁজানীত গেছৰ পাইপ বহুওৱাৰ বাবে ভূমি অধিগ্ৰহণকলৈ প্ৰতিক্ৰিয়া অব্যাহত

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা ,নলবাৰী:ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক মন্ত্ৰালয়ে ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা ৰন্ধন গেছ পাইপেৰে যোগান ধৰাৰ বাবে সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ এখন আঁচনি লৈছে। কিন্তু নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত চান্দুকুছি, বৰআজাৰাত উপান্ত কৃষকৰ কৃষি ভূমি অধিগ্ৰহণ কৰি গেছ সৰবৰাহ হোৱা পাইপ বহুওৱা কাম আৰম্ভ কৰিছে যদিও কৃষকৰ ভূমিৰ মূল্য প্ৰদান নকৰাৰ প্ৰতিক্ৰিয়া সম্প্ৰতিও অব্যাহত আছে। উল্লেখ্য যে ভাৰত চৰকাৰৰ উপক্ৰম গেইল (ইণ্ডিয়া) লিমিটেডৰ অধিনৰ মহাৰত্ন নামৰ কোম্পানীটোই এই কাম কৰাৰ সুযোগ লাভ কৰিছে।অভিযোগ অনুসৰি দায়িত্ব পোৱা কোম্পানীটোই যোৱা দেওবাৰে চান্দুকুছি আৰু বৰআজাৰাত কিছু ভূমিত ৰোপন কৰা ৰুৱা এস্কেভেটৰ লগাই কাটি টহিলং কৰিছে আৰু সোমবাৰে একাংশত পাইপ বহুওৱাৰ বাবে এস্কেভেটৰেৰে গাত খান্দিছিল। পিছত সোমবাৰে স্থানীয় উপান্ত কৃষক সকলে তীব্ৰ প্ৰতিবাদ কৰে।যাৰ বাবে কামৰ দায়িত্ব লাভ কৰা মহাৰত্ন কোম্পানীয়ে কাম বন্ধ ৰাখিবলগীয়া হয়। কৃষক ৰাইজৰ অভিযোগ আমাৰ ভূমিৰ মূল্য নিদিয়াকৈ নিজৰ ইচ্ছা মতে চৰকাৰৰ আজ্ঞাবাহি কোম্পানীটোই ভূমি অধিগ্ৰহণ কৰি কাম চলাই থকাটোই প্ৰমাণ কৰিছে দেশৰ পৰিবৰ্তনকামী চৰকাৰৰ বৰমূৰীয়া সকলে কৃষকৰ বাবে কিমান চিন্তা কৰে। এই চৰকাৰে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰাৰ বাদে কৃষকৰ বাস্তৱ একো উন্নয়ন কৰিবলৈ সক্ষম হোৱা নাই বুলিও এচাম কৃষকে ক্ষোভ উজাৰে সংবাদ মাধ্যমৰ আগত। আনহাতে নলবাৰী জিলাৰ কৃষক সভাই আজি এক বিবৃতিত অভিযোগ কৰা মতে চৰকাৰে ৬০ ফুটকৈ বহল ভূমিৰ চৰকাৰী মূল্য মাটিৰ মালিকক প্ৰদান কৰা কথা কৈছে যদিও পূৰ্বৰ ভূ -স্বামী সকলক হে সেই মূল্য প্ৰদান কৰা হব। ফলত দীৰ্ঘদিনে পুৰুষানুক্ৰমে ভোগ দখল কৰি থকা, ভূমিৰ খতিয়ান লাভ কৰা দুখকাৰী, শ্ৰমকাৰী কৃষক সকলে বিবুদ্ধিত পৰাই নহয় হতাশাত দিন অতিবাহিত কৰিছে। দেশ -ৰাজ্যৰ বিজেপি চৰকাৰে কৃষকৰ নামত বহুত কিবা কিবি উন্নয়ন কৰা বুলি ৰৌজাৰ বৌজাল কৰি আছে যদিও বাস্তৱত তেনে কোনো উন্নয়নৰ ব্যৱস্থা নকৰি পুঁজিপতি গোষ্ঠীকহে সকাহ দিয়াৰ কুচকাৱাজ চলিছে আৰু পাকে প্ৰকাৰে ৰায়তী আইনক ভেঙুচালিত পৰিণত কৰিব বিচৰা হৈছে বুলিও জিলা কৃষক সভাই বিবৃতিটোত ক্ষোভ প্ৰকাশ কৰে। সেয়েহে কৃষক সভাই উপান্ত তথা ভোগ দখল কৰি অহা কৃষক সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Close