অসমশীৰ্ষ

মঙলদৈত টেট শিক্ষকৰ ৰক্ত দান

প্ৰথম খবৰ,মঙলদৈ: ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে মঙলদৈতো শিক্ষক দিৱসৰ লগত সংগতি ৰাখি টেট শিক্ষক সকলে ৰক্ত দান কাৰ্য সুচী ৰুপায়ন কৰে ৷যোৱা ৭ ছেপ্তেম্বৰ তাৰিখে মঙলদৈ শান্তি পুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত দৰঙৰ মুঠ ২৬ গৰাকী শিক্ষকে ৰক্ত দান কৰে ৷উল্লেখনীয় যে এই কাৰ্য সুচীত মঙলদৈ ৰ স্বেচ্ছাসেৱী অনুষ্ঠান ইউনিটি উই দা ব্লাড ডোনাৰ্ছে ৰক্ত দান অংশ গ্ৰহণ কৰে ৷মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভড়াঁল কৰ্তৃপক্ষই য়ো সহযোগ কৰে ৷আন হাতে এই স্বেচ্ছাসেৱী সংস্হাটিয়ে জিলা খনৰ বিভিন্ন অঞ্চলত গৈ দুৰ্গত সকলক সহায় সহযোগ কৰাৰ লগতে তেজৰ অভাবত জাতে কোনো ৰোগীৰ মৃত্যু নহয় তাৰ কাৰণে সততে পোৱা কৈ তেজৰ যোগান ধৰি আহি এক জাগৰণ তথা প্ৰশংসনীয় কাম কৰি আহিছে ৷

Related Articles

Leave a Reply

Close