অসমশীৰ্ষ

মঙলদৈত ৩ ঘন্টীয়া অৱস্হান ধৰ্মঘট

প্ৰথম খবৰ,মঙলদৈ: মঙলদৈত ২৮ ছেপ্তেম্বৰ তাৰিখত দৰং জিলা গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে মঙলদৈ জিলা পুথিভঁৰাল প্ৰাঙ্গণত বিভিন্ন দাবীৰ প্ৰতিবাদত ৩ ঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্য সুচী ৰপায়ন কৰে ৷ বিশেষ কৈ দৰঙৰবুঢ়া থানাৰ আৰক্ষী বিষয়া মহেন্দ্ৰ নাথ শৰ্মাই নাৰী নিৰ্যাতনকৰাৰ মুল অভিযুক্ত তথা মহিলা আৰক্ষী বিনিতা বড়োক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰক ,বুঢ়া কাণ্ডৰ মুল খলনায়ক ৰফুল আলিক শাস্তি প্ৰদান কৰা ,কলাইগাওঁৰ যুৱতী মমতাজৰ গুৱাহাটী ৰহস্য জনক মৃত্যুৰ অভিযুক্ত নয়ন জ্যোতিক গ্ৰেপ্তাৰ বিচাৰ চলোৱা ,এন আৰ চি ত গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বাদ পৰা পৰিয়ালৰ লোকৰ নাম অন্তৰ্ভুক্ত কৰা তথা সুকীয়া জৰীপৰে গৰীয়া মৰীয়া জাতীয় পৰিষদৰ সাংবিধানিক ময্যদা প্ৰদান কৰা আদি দাবীৰে অবস্থান ধৰ্মঘট কাৰ্য সুচী ৰুপায়ন কৰে ৷কাৰ্য সুচীত স্গঠনটিৰ উপদেষ্টা চহীৰ ভুঞা ,সভাপতি আনোৱাৰ হুছেইন আৰু কেইবা গৰাকীও বিষয় ববীয়া উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close