অসম

মঙলদৈৰ নিকটবৰ্ত্তী মনিটাৰীত খিতেশ্বৰ চহৰীয়া প্ৰাইজমানি ফুটবল খেল

প্ৰথম খবৰ, মঙলদৈ:
মঙলদৈৰ নিকটবৰ্ত্তী মনিটাৰী গাৱঁৰ বিগত বৰ্ষৰ দৰে এইবছৰো স্বৰ্গীয় খিতেশ্বৰ চহৰীয়া প্ৰাইমানি ফুটবল প্ৰতিযোগিতা খনি স্হানীয় মনিটাৰী খেল পথাৰত অনুষ্ঠিত হৈআছে ৷উল্লেখ্য যে বিগত বৰ্ষত দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা৷খেলুৱৈ সকল আহিছিল যদিও এই বাৰ উক্ত ফুটবল খেল খনি আন্তঃৰাষ্ট্ৰীয় পয্যায়ত অনুষ্ঠিত হোৱাত বৃহত্তৰ ৰঙামাটি ,আউলাচৌকা
পুনিয়া ৰ৷উপৰিও অন্যায় অঞ্চলৰ ক্ৰীড়া প্ৰেমীৰ সমাগমে মনিটাৰী গাৱঁত এক উৎসৱ মুখৰ পৰিৱেশৰ কৰি তুলিছে ৷যুৱ সমাজ কৰ্মী জিতু ডেকাই প্ৰথম খবৰক জনোৱা মতে ,মনিটাৰী মহামিলন সংঘই যথেষ্ট উৎসাহেৰে খেল খনিৰ আয়োজন কৰিছে ৷ইতিমধ্যে অসম তথা ভাৰতৰ বহিঃ ৰাষ্ট্ৰ ভুটানৰ ফুটবল দলে খেল খেলি দৰ্শকক আমোদ প্ৰদান কৰিছে ৷অহা কালি মনিটাৰীৰ খেল পথাৰত মধ্যপ্ৰদেশ ফুটবল দল আৰু অৰুনাচল ফুটবল দলে আকৰ্ষণীয় খেল খন খেলিব ৷ ইতিমধ্যে মণিপুৰৰ পৰাও ইয়াত দল এটিয়ে অংশ গ্ৰহন কৰিছে বুলি সমিতিৰ তৰফৰ পৰা৷জনাইছে ৷সমিতিয়ে ক্ৰীড়া প্ৰেমীৰ সহযোগিতা বিচাৰিছে ৷ইতিমধ্যে যোৱা কালিয়ে মধ্যপ্ৰদেশৰ দলটিয়ে ইয়াত উপস্থিত হৈ আজি তীব্ৰ অনুশীলন কৰি আছেহি ৷

Related Articles

Leave a Reply

Close