অসমশীৰ্ষ

মন্ত্ৰী পীয়ূষ হাজৰিকা সমষ্টিত দলংৰ বাবে প্ৰতিবাদ ৰাইজৰ

প্ৰথম খবৰ মৰিগাঁও: মৰিগাঁও জাগীৰোড সংযোগী মূল পথটিৰ জাগী ভকতগাঁৱস্থিত কপিলীৰ ওপৰত নিৰ্মাণ হোৱা নৱ-নিৰ্মিত দলঙখন বহুবছৰ ধৰি এটা খুঁটাও সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰে বিভিন্ন দল সংগঠন তথা মৰিগাঁৱৰ জনসাধাৰণ।  ২০১১ চনত কংগ্ৰেছ চৰকাৰৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ দিনৰ পৰা নিৰ্মাণ কাৰ্যৰ দ্বায়িত্বত থকা চিমপ্লেক্স নামৰ বহুজাতিক নিৰ্মাণ প্ৰতিষ্ঠানটোৱে ন বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে দলঙখনৰ নিৰ্মাণৰ কাম। আজি দিনৰ ভাগত নিৰ্মাণকাৰী সংস্থা ছিমপ্লেস্কৰ পৰা সুমতি বিচাৰি মৰিগাঁও জিলাৰ জাগিভকত গাঁৱৰ ৰাইজে নাম-প্ৰসংগৰে বহুলোকে হাতত ঘট লৈ কপিলীৰ পাৰত প্ৰাৰ্থনা কৰি এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।ইপিনে  নটা বছৰৰ পূৰ্বেই এই অঞ্চলৰ দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল এই প্ৰতিষ্ঠানটোৱে । ৰাইজৰ অভিযোগ দলংখনৰ বাবে আৱণ্টিত হোৱা ২৯ কোটি টকাৰ ১৯ কোটি টকা মোকলাই আজি পৰ্য্যন্ত খুটাকেইটাৰ কামো সম্পূৰ্ণ কৰিব নোৱাৰিলে এই প্ৰতিষ্ঠানটোৱে। উল্লেখ যে, ১৯৬২ চনত তেতিয়াৰ মন্ত্ৰী  মতিৰাম বৰা দিনতেই  জাগী ভকতগাঁওস্থিত কপিলী নৈৰ ওপৰত নিৰ্মাণ হৈছিল দলঙখন। দলংখনৰ বহন ক্ষমতা আৰু ম্যাদ বিভাগীয় ভাবে উকলি যোৱাত ৰাইজে অতি বিপদ সংকুল যাত্ৰা কৰিব লগা হৈছে । আনহাতে, এই নিৰ্মাণ প্ৰতিষ্ঠানটোৰ সৈতে নগাঁও গড়কাপ্তানী ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডল আৰু মৰিগাঁও গড়কাপ্তানী বিভাগৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত  চিমপ্লেক্স প্ৰতিষ্ঠানটোৰ  উচ্চপদস্থ বিষয়াৰ লগত আলোচনাৰ জৰিয়তে কম দিনৰ ভিতৰতে পথটোৰ লগতে দলঙখনৰো সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিছিল যদিও চিমপ্লেক্স নামৰ প্ৰতিষ্ঠানটোৱে অগুষ্ঠ পদৰ্শণ কৰি পথটোৰ নিৰ্মাণ কাৰ্য্যত অতি লেহেমীয়া কৰাৰ লগতে চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰাত কোনো কাম নকৰাত ক্ষোভিত হৈ পৰিছে মৰিগাঁৱৰ জনসাধাৰণৰ লগতে বিভিন্ন দল সংগঠন।  মৰিগাঁও জিলাৰ এই দলংখনৰ সমস্যাটোক কেন্দ্ৰকৰি কপিলী দলং নিৰ্মাণ দাবী সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলাৰ সমূহ জাতীয় সংগঠনৰ সহযোগত  জাগী ভকতগাঁৱত আজি বহুকেইটা দল সংগঠনৰ লগতে স্থানীয় ৰাইজ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ গড়কাপ্তানী বিভাগ হাই হাই, চিমপ্লেক্স মুৰ্দাবাদ ধ্বনিৰে কপাই তোলে । আনহাতে ৰাজ্যিকমন্ত্ৰী পীয়ূস হাজৰিকা নিজৰ সমষ্টিৰ এই দলং খনৰ কাম ইমান দিনে শেষ নোহোৱাটো তাৎপৰ্য বহন কৰাৰ লগতে প্ৰতিক্ৰিয়া চলিছে ৰাইজৰ মাজত৷

Related Articles

Leave a Reply

Close