অসমশীৰ্ষ

মাজুলীত খ্ৰীষ্টিয়ান ধৰ্মৰ আগ্ৰাসন ,অসম সত্ৰ মহাসভা নিচুপ

প্ৰথম খবৰ,মঙলদৈ:আজি কেইটিমান বছৰৰ পৰা বিশ্ব ইতিহাসৰ স্বাক্ষৰ স্বৰুপ মাজুলীৰ সত্ৰ সমুহে অসমীয়া জাতিৰ শংকৰী কৃষ্টিক প্ৰসাৰ ,প্ৰচাৰ আৰু সংৰক্ষণ কৰি আহি থাকোটেই সম্প্ৰতি গোজে বৰ গছ হোৱাৰ দৰে শংকৰ মাধৱৰ ধৰ্মক নস্যাৎ কৰি এচাম লোকৰ প্ৰৰোচনাত ক্ৰমাৎ খ্ৰীষ্টিয়ান ধৰ্মৰ আগ্ৰাসন হৈ এতিয়া গোটেই মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বুলি মাজুলীৰ দক্ষিণ পাট আশ্ৰমী সত্ৰ ৰ সত্ৰাধিকাৰ জনাৰ্দ্দন গোস্বামীয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়ে ৷উল্লেখনীয় যে জনাৰ্দ্দন গোস্বামীয়ে এই কাৰ্যৰ বিৰুদ্ধে ঠিয় দিয়াৰ বাবেই ইতিমধ্যে মাজুলীৰ আদালতৰ চমন পাব লগীয়া ঘটনাই বিষয় টো আৰু অধিক চিন্তনীয় কৰি তুলিছে সচেতন মহলক ৷যিহেতু মাজুলীত বসবাস কৰা লোক সকল অসমীয়া বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ যদিও তাত শংকৰ মাধৱৰ বৈষম্য ধৰ্মৰ সত্ৰ বেছি আছিল ৷গোস্বামী দেৱে জনোৱা মতে ,মাজুলীত পূৰ্বৰ পৰা ই ৩৫ খন সত্ৰ আছিল আৰু ইয়াৰ বিপৰীতে খ্ৰীষ্টিয়ান ধৰ্মৰ গীৰ্জা,অৰ্থাৎ প্ৰাৰ্থনা ঘৰ আছে ৬৪ খন গঢ়ি উঠিছে ৷দেখা গৈছে লাহে লাহে মাজুলীৰ সত্ৰ সমুহ সংৰক্ষণ নহয় বিলুপ্ত হোৱাৰ সময় সমাগত ৷জনৈক পায়েং নামৰ ব্যক্তি যিয়ে মাজুলীৰ বায়ু পানী আৰু ইতিহাস নাজানে ,তেওঁৰ দৰে ব্যক্তিয়ে কেনে দৰে সত্ৰাধিকাৰ জনৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰিব পাৰিলে ?
ইতিমধ্যে মাজুলীৰ বিভিন্ন দল সংগঠন আৰু সত্ৰাধিকাৰ সমাজে খ্ৰীষ্টিয়ান ধৰ্মৰ আগ্ৰাসনৰ বিৰুদ্ধে তীব্ৰ তৰ ভাবে উঠিপৰি লাগিছে ,যাতে শংকৰী সংস্কৃতিৰ লুপ্তপ্ৰায় নহয় ৷মাজুলীৰ অসমসত্ৰ মহাসভাৰ দৰে এটি ধৰ্মীয় অনুষ্ঠান থকাৰ পিছতো এই আগ্ৰাসনৰ বিৰুদ্ধে মাত মতা নাই বৰং সত্ৰাধিকাৰ গোস্বামীৰ কাৰ্যক তুলুঙা মন্তব্য দিয়া বুলিও আমাক জনায় ৷মাজুলী বাসীৰ এই ধৰ্ম সংকটত সমগ্ৰ অসম বাসী আৰু অসমৰ জাতীয় সংঠন বোৰে মাত নমতাটোত হে সন্দেহ জনক ৷এই অসম চৰকাৰে মাজুলীৰ এই ঘটনাতৰ তদন্ত আৰু মাজুলীৰ ওপৰত কৰা ২০০৬ আইনৰ তাৎক্ষণিক ভাবে প্ৰয়োগ কৰিব লাগে বুলি সত্ৰাধিকাৰ সমাজে দাবী জনাইছে।

Related Articles

Leave a Reply

Close