অসমশীৰ্ষ

মুখ্য মন্ত্ৰীৰ বিশেষ বৃত্তি পৰিক্ষাৰ ফলাফলত জিলাখনৰ ভিতৰত শীৰ্ষস্থানত উজ্জ্বল

প্ৰথম খবৰ,বাদুলিপাৰা,পাৰ্থপ্ৰতীম বৰুৱা:মুখ্য মন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত বাদুলিপাৰৰ সমিপৱৰ্তী ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ উজ্জ্বল বড়াই অষ্টম শ্ৰেণীৰ শাখাত ৯০ শতাংশ নম্বৰেৰে গোলাঘাট জিলাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় ৷ উজ্জল বড়া কাণফলা ভকতগাঁৱৰ প্ৰাঞ্জল বড়া আৰু প্ৰণতি বড়াৰ পুত্ৰ ৷ আনহাতে ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা অষ্টম শ্ৰেণীৰ শাখাত সৰ্বমুঠ ৬১ গৰাকী আৰু পঞ্চম শ্ৰেণীৰ শাখাত ৩৮ গৰাকীয়ে এই বৃত্তি লাভ কৰিছে ৷ জিলাখনৰ পৰা অষ্টম আৰু পঞ্চম শ্ৰেণীৰ শাখাত ক্ৰমে ৫৩৫ আৰু ৬১৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷

Related Articles

Leave a Reply

Close