অসমশীৰ্ষ

মৃত আশা কৰ্মীৰ শেষ আশা, বিভাগীয় কৰ্তৃপক্ষই পুৰণ কৰিব নে ?

প্ৰথম খবৰ, বগৰিবাৰী,ৰুনা লায়লা:ৰাণীগঞ্জ স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বয়জেৰ আলগা গাওঁ পঞ্চায়তৰ নায়েৰ আলগা ৪ৰ্থ খণ্ড গাওঁৰ আশা কৰ্মী খাদিজা খাতুন প্ৰায় দুবছৰ পূৰ্বে দুৰাৰোগ্যত ইহ জগত ত্যাগ কৰে । মৃত আশা কৰ্মী জন পৰিপূৰ্ণ অশিক্ষিত হোৱা হেতুকে তাইৰ সৰু ভাই বোৱাৰী(দেওৰ বোৱাৰী) মঞ্জিৰা খাতুনে প্ৰয়াত আশা কৰ্মী জনীৰ কাম-কাজ চলাই আছিল । স্নাতক ডিগ্ৰি দাৰী মঞ্জিৰা খাতুনে আশা কৰ্মীক সহযোগীতা আগবঢ়াই যথেষ্ঠ অভিজ্ঞতা অৰ্জনৰ উপৰি ধাই হিচাবে অঞ্চলটোত ব্যপক সুনাম অৰ্জন কৰে । আশা কৰ্মী খাদিজা খাতুনে নিজৰ মৃত নিশ্চিতৰ ওমান পাই কণ কণ শিশু লৰা-ছোৱালী কেউজনক মঞ্জিৰা খাতুনৰ হাতত অৰ্পণ কৰি মাতৃৰ দৰে মৰম চেনেহ দিয়াৰ বাবে অনুৰোধ জনায় । মৃতৰ পূৰ্বে খাদিজা খাতুনে একাংশ আশা কৰ্মী, চিকিৎসালয়ৰ বিষয়-ববীয়া আৰু পৰিয়ালৰ মাজত তাই নিজৰ ইচ্ছা ব্যক্ত কৰি মঞ্জিৰা খাতুনক আশা কৰ্মীৰ পদটো প্ৰদানৰ বাবে অনুৰোধ জনায যদিও আশা কৰ্মীৰ আশা বাটৰ পূতলা হৈ থাকিল । বিশেষ সুত্ৰে জানিব পৰা মতে, উক্ত পদটোক লৈ একাধিক অযোগ্য প্ৰাৰ্থীয়ে খোৱা কামোৰা লগোৱাৰ উপৰি দালালৰ হতৱাই ধনেৰে বিষয়াক মেনেজ কৰাৰ প্ৰয়াস চলোৱাত অঞ্চলটোত ধাত্ৰী হিচাবে খ্যাত আনোৱাৰা খাতুন নামৰ আন এগৰাকী যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰে । মানব অধিকাৰে বিশেষ মৰ্যদা প্ৰদান কৰা মাতৃ সেৱাৰ এই পদটোক লৈ বিষয়-ববীয়াৰ সিদ্ধান্ত ৰাইজৰ বাবে লক্ষণীয় দিশ পৰিছে ।

Related Articles

Leave a Reply

Close