মহিলাযুৱ

মৌচুমী বৰিৰ ধাৰাবাহিক উপন্যাস- মনৰ নিজানত

তৃতীয় খণ্ড

খণ্ড-৩

: লি, তুমি ওলাই থাকিবা৷ মই আৰু সোনমানু তোমাক নিবলৈ আহিম৷ — বিক্ৰমে ফোনত জনালে৷
:বাৰু — কাকলিয়ে লাহেকৈ ক’লে৷ বহুদিনৰ মূৰত বিক্ৰমৰ মাত শুনা পাই কাকলিয়ে কিবা এক অজান পুলক অনুভৱ কৰিলে৷ যি জনৰ ওপৰত প্ৰচণ্ড খং আৰু অভিমান কৰি কাকলি ৰাজনন্দিনীয়ে ঘৰ এৰি গুচি আহিছিল অথচ সেইজনৰ এষাৰ মাতেই আজি তাইক বিহবল কৰি তুলিছে৷ সোনমানুক চাবলৈ ব্যাকুল হৈ পৰিছে তাই৷

মাকেও নাতি আৰু জোঁৱাই আহিব বুলি বিধে বিধে খোৱাৰ যোগাৰ কৰিলে৷প্ৰভু ভগৱন্তক হাতযোৰ কৰি ক’লে — “ইমানতে মোৰ জী-জোঁৱাইৰ সংসাৰখন যেন ৰক্ষা পৰে প্ৰভু৷”

হঠাতে কলিংবেলৰ শব্দত কাকলিয়ে দৌৰি যোৱাদি গৈ দ্ৰয়িং ৰূমৰ দুৱাৰ খুলি দিলে৷ বাহিৰত বিক্ৰমৰ বন্ধু অমল ৰৈ আছিল৷
: অমল দা আপুনি? আহক — কাকলিয়ে ভিতৰলৈ মাতিলে৷
: নাই, নাই, ভিতৰলৈ নাযাওঁ৷ বিক্ৰম গে’টৰ মুখত ৰৈ আছে তোমাক নিবলৈ৷ তোমাক ওলাই আহিবলৈ কৈছে৷ — অমলে ক’লে৷ অমলৰ কথাত কাকলি চিন্তান্বিত হৈ পৰিল৷
তাই বিক্ৰমলৈ ফোন লগালে৷ বিক্ৰমে নম্ৰতা আৰু মৰম মিহলি মাতেৰে ক’লে–

: লি, আমি তোমালোকৰ ঘৰৰ গে’টৰ মুখত ৰৈ আছো, তুমি ওলাই আঁহা৷
: ঘৰত নুসুমুৱা নেকি? মায়ে তোমালোকৰ বাবে খোৱাৰ যোগাৰ কৰি ৰৈ আছে৷
: নাই, নুসুমাওঁ লি৷ তোমাৰ মা-দেউতাৰ আগত মোৰ মুখ দেখুৱাবলৈ লাজ লাগিছে৷ মই যাব নোৱাৰো লি৷ তুমি ওলাই আঁহা৷মোৰ কথা বুজা৷ — বিক্ৰমে কৈ উঠিল৷

: মা, বিক্ৰম ভিতৰলৈ নাহে৷ তোমালোকৰ আগত মুখ দেখুৱাবলৈ লাজ লাগিছে বোলে তেওঁৰ! — কাকলিয়ে মাকক ক’লে৷
: তাক মইয়ে লৈ আহিছো ৰ’বি৷ — মাকে কৈ উঠিল৷ কিন্তু হঠাতে কাকলিয়ে মাকক বাধা দি উঠিল৷
:মা, থাকক দিয়া৷ তোমাৰ জোঁৱাই কেনেকুৱা তুমি জানাই নহয়! কৰিম বুলিলে কৰিব,নকৰোঁ বুলিলে নকৰে!আকৌ বা এই কথাটো লৈ কি পৰিস্থিতিৰ সৃষ্টি কৰে কোনে জানে!! — কাকলিয়ে কৈ উঠিল৷
: কিন্তু মই অত’সোপা যোগাৰ কৰিলো,খাব কোনে এতিয়া? -মাকে কৈ উঠিল৷
:ভাইটিক মই কৈ দিছো ৰ’বা,তাৰ লগৰ সোপাক ইয়াতে ৰাতিৰ ভাতটো খাই যাবলৈ ক’বলৈ৷ — কাকলিৰ কথাত মাক মনে মনে থাকিল৷ অলপ দেৰিৰ মৌনতাৰ পিছত কাকলিক মাকে দুখেৰে কৈ উঠিল-

: বিক্ৰমৰ স্বভাৱটো বৰ বেলেগ ধৰণৰ মাজনী৷ তই ভালদৰে থাকিবি তাৰ লগত৷ নিজৰ কৰ্তব্য কৰিবি৷ নাতিটোৰ পৰিচৰ্যা কৰিবি৷ তহঁতৰ ভুলৰ বাবে যাতে নাতিটোৱে কষ্ট পাব লগা নহয় মন কৰিবি৷ তোক লৈ, তহঁতৰ সংসাৰখনক লৈ আমাৰ চিন্তা বাঢ়িছে৷ যি দেখিলো জোঁৱাইয়ো বৰ অবুজন৷ আমি মনত বৰ দুখ পাইছোঁ৷
: দুখ নকৰিবা মা৷ তোমাৰ জীয়ৰীয়ে তোমালোকক আৰু দুখত পৰিব নিদিয়ে৷
–এইবুলি কৈ মাকক সেৱা এটা কৰি কাকলি অমলৰ লগত ওলাই আহিল৷ দীঘল পদূলিটো পাৰ হৈ কাকলিয়ে যেতিয়া গে’ট খুলিলে বিক্ৰমে সোনমানুক কোচত লৈ গাড়ীখনৰ কাষত ৰৈ থকা দেখা পালে৷ তাই আগবাঢ়ি গৈ সোনমানুক কোচত ল’লে৷ সোনমানুৱে পিছে দেউতাকৰ ফালে হাত মেলি প্ৰথমে কান্দি উঠিল! কাকলিয়ে যেতিয়া তাক বুকুত সোমোৱাই মৰম কৰিলে আৰু “মইহে সোনমানু, মইহে সোনমানু,তোমাৰ মা” বুলি ক’বলৈ ধৰিল তেতিয়াহে সি কাকলিৰ কোচত মনে মনে ৰ’ল৷ সোনমানুৱে প্ৰথমে মাকক চিনি নোপোৱাৰ দৰে কৰাত কাকলিৰ অভিমান হ’ল আৰু মনে মনে ভাবিলে—” একেই, বাপেক-পুতেক দুয়ো একেই৷ ইও বিক্ৰমৰ স্বভাৱেই লৈছে!!”

সোনমানুক কোচত লৈ কাকলি পিছৰ চিটত বহিল আৰু অমল আৰু বিক্ৰম আগত বহিল৷ বিক্ৰমে গাড়ী ষ্টাৰ্ট দিলে৷ মাকৰ উমসনা পৰশত সোনমানু অলপ দেৰিৰ পিছতে টোপনি গ’ল৷

বিক্ৰমে অমলক বিদায় দিবলৈ এঠাইত গাড়ী ৰখালে৷
: বিক্ৰম,কাকলিক আৰু দুখ নিদিবি৷ কাকলি,তুমিও এনেকৈ ঘৰ এৰি হঠাতে গুচি নাযাবা৷ তহঁতৰ সংসাৰখন সুখৰ হওক৷ — এইবুলি কৈ অমল গ’লগৈ৷

গাড়ী চলাই থাকি বিক্ৰমে ক’লে — “আজিহে আমাৰ সংসাৰখন পূৰা হোৱা যেন লাগিছে৷” কাকলিয়ে একো নক’লে মনে মনে থাকিল৷ মাথোঁ ভাবিলে–
” নিজৰ জেদ তুমি কেতিয়াও নেৰিলা বিক্ৰম৷ মোৰ আজলী মায়ে মৰমেৰে যোগাৰ কৰা খোৱাখিনিও উপেক্ষা কৰি আহিছা৷ মাহঁতৰ আগত থিয় হ’বলৈ তোমাৰ সাহস নহ’ল৷সঁচাই, তুমি বৰ ৰহস্যময় ব্যক্তি৷ তোমাক কোনদিনা যে পূৰাকৈ বুজি পাম!!” কাকলিৰ হুমুনিয়াহ ওলাই আহিল৷

: কি ভাবি আছা? — বিক্ৰমে ষ্টিয়েৰিঙত হাত থৈ সুধে৷
: কি নো ভাবিম৷ মনৰ নিজানত ভাবিবলৈটো ঢেৰ কথাই থাকে বিক্ৰম! — কাকলিয়ে কৈ উঠে৷
: বহুত খং দেই তোমাৰ!! আমাক এৰি একেবাৰে মাৰ ঘৰ! — বিক্ৰমে ধেমালিৰ সুৰত কয়৷
:খং তুলাজনৰ একা!!
: মই আৰু কি, পাগল মানুহ! আৱাৰা পাগল ডিৱানা …
“হয়, তুমি পাগলেই” – কবলৈ লৈও কাকলি ৰৈ যায় ৷

ঘৰ সোমাই কাকলিৰ এইবাৰ অবাক হোৱাৰ পাল৷ বেলুন,পুতলা আৰু ফুলেৰে ঘৰটো সজাই থৈছে বিক্ৰমে!
:ঘৰটো ইমান ধুনীয়াকৈ সজাই থৈছা যে!! -কাকলিয়ে আশ্চৰ্যচকিত মানুহৰ দৰে কৈ উঠে৷
: তুমি আহিবা বুলি ….আৰু তুমি এটা কথা পাহৰিছা৷ মোক বেয়া পোৱা যে! — বিক্ৰমে তললৈ মূৰটো কৰি সৰু ল’ৰাৰ দৰে কৈ উঠে৷

কাকলিয়ে বিচনাখনত সোনমানুক আলফুলে শুৱাই দি পুনৰ সুধি পেলায়৷
:মই কি পাহৰিলো?
বিক্ৰমে কাকলিক দুবাহুৰ মাজত সোমোৱাই লৈ কয় —
:আজি আমাৰ বিবাহ বাৰ্ষিকী লি ৷ তুমি প্ৰমিজ কৰা –আমাক এৰি থৈ নাযাওঁ বুলি! –কথাখিনি কওঁতে বিক্ৰমৰ মাতটো থোকাথুকি হয়৷

বিক্ৰমৰ মৰম আকলুৱা আকুতি ভৰা কথাবোৰ শুনি কাকলিৰ হৃদয়খন গলি গলি পমি যায়৷ পাৰ ভাঙি উপচি পৰে দুচকুৰ বন্যা৷

বিক্ৰম আৰু তাইৰ মাজৰ ভুলৰ হিচাপ নিকাচ যিমান কৰিলেও বিক্ৰম তাইৰ একান্তই নিজৰ,তাইৰ জীৱন পথৰ সংগী,তাইৰ স্বামী, যাক বেয়া পাইও বেয়া পাব নোৱাৰি৷ হৃদয়ত পাথৰ বহাওঁ বুলি ক’লেও পাথৰ বহাব নোৱাৰি৷ –কাকলিয়ে ভাবি থাকে৷

: লি, কি নো ইমান ভাবি আছা৷ যোৱা চাহ কৰা৷ তোমাৰ হাতৰ চাহ একাপ খুউব খাব মন গৈছে৷ –এইবুলি কৈ বিক্ৰমে বাৰান্দাৰ চকীখনত বহেগৈ৷

ক্ষন্তেক পিছতে কাকলিয়ে ট্ৰেট দুকাপ চাহ, প্লেটত মিঠাই, ভুজিয়া লৈ বিক্ৰমৰ কাষত বহেহি৷

বিক্ৰমে চাহৰ কাপত চুমুক দিয়ে আৰু কাকলিৰ মুখলৈ চাই গুণগুণাই গায় —

” হামে তুমছে প্যাৰ কিতনা
য়ে হাম নেহি জানতে
মগৰ জি নেহি ছকতে
তোমহাৰে বিনা….”

oooooo

অংকুশৰ বিয়া৷ সিদিনা বজাৰত মালতীক লগ পাইছিল কাকলিয়ে৷ মালতীৰ মুখৰ পৰাই শুনা পালে তাই অংকুশে বিয়া পাতিবলৈ লৈছে বুলি৷ অংকুশৰ বিয়াৰ খবৰ শুনি কাকলি ৰাজনন্দিনীৰ মনটো আনমনা হৈ পৰিছে৷ অংকুশে কোৱা কথাবোৰ মনলৈ আহিছে তাইৰ ৷অংকুশে কৈছিল –” তোমাক মই তোমাৰ ধৰণেৰে ভাল পাওঁ৷ তোমাক মই মোৰ মতে সজাই ল’ব নিবিচাৰোঁ৷ তুমি সদায় সুখী হৈ থাকিবা, শান্তিত থাকিবা -তাকে বিচাৰোঁ মই৷ আমি আমাৰ বিশ্বাসৰ ডোলেৰে আমাৰ ভালপোৱাৰ সম্পৰ্কটোক জীয়াই ৰাখিম৷ মই তোমাক সন্দেহ নকৰোঁ, আনে তোমাৰ লগত কথা পাতিলে মই ঈৰ্ষাত নজ্বলো৷ মই জানো-তুমি সদায় মোৰেই হৈ আছা আৰু মোৰেই হৈ থাকিবা৷I love you for all that you are, all that you have been and all you are yet to be.”

কাকলিয়ে প্ৰায়েই অংকুশৰ ওপৰত খং, অভিমান দেখুৱাইছিল৷ অংকুশে তেতিয়া কৈছিল — “প্ৰকৃত ভালপোৱাত খং, অভিমান, expectation -এইবোৰ একোৰে ঠাই নাথাকে সোনজনী৷আমি মাথো ইজনে সিজনক ভালপোৱা দিব লাগে, দিব লাগে আৰু দিব লাগে আৰু দুটি আত্মা ভালপোৱাৰে সমৃদ্ধ হৈ থাকিব লাগে৷ সঁচা প্ৰেমত সদায় শান্তি থাকে৷ Love is little more than a divine poem. ” কাকলিয়ে অংকুশৰ কথাবোৰ শুনি কৈ উঠিছিল — “তুমি দিয়া ভালপোৱাৰ ব্যাখ্যা মই ভালদৰে বুজি নাপাওঁ অংকুশ কিন্তু তোমাক ভালপাওঁ বাবেই তোমাৰ ওপৰত অভিমান কৰিচোন মোৰ খুউব ভাল লাগে আৰু তুমিও যদি মোৰ ওপৰত ক্ষন্তেকীয়া অভিমান দেখুৱালাহেঁতেন তেতিয়াও মই খুউব আনন্দ পালোহেঁতেন কিন্তু তুমি যে কি ধাতুৰে গঢ়া — মোক কোনোদিন অভিমানেই কৰা নাই!” কাকলিৰ কথা শুনি অংকুশে হাঁহি কয় — “অভিমানে ইজনে সিজনৰ দূৰত্ব বঢ়াই৷ মই তোমাৰ পৰা দূৰত থাকিব নিবিচাৰো সেইবাবে অভিমানো নকৰোঁ, চিম্পল কথা!!” অংকুশৰ কথা শুনি কাকলিৰ মূৰটো ঘূৰাই যায় আৰু কয় –“এইবোৰ স্বৰ্গলোকৰ দেৱ-দেৱীৰ ভাষা হয়তো৷ মই তোমাৰ দৰে দেৱতা হ’ব নোৱাৰোঁ দেই৷”

কাকলিৰ বিয়াৰ দুদিন আগত অংকুশে গীতৰ ভাষাৰে কাকলিলৈ সৰুকৈ এখন চিঠি দিছিল যি খন পঢ়ি তাই খুউব কান্দিছিল কোনেও নেদেখাকৈ ৷ অংকুশে লিখিছিল —
“মোৰ বাবে তুমি/ আঁজুৰি নিছিঙিবা/ তোমাৰ পদূলিৰ ৰজনীগন্ধা ….
……….

সময়ে শিকাব/ সময়ে বুজাব/ সময়ক জানো পাৰি দুহাতে ৰাখিব/ মই নহ’লেও তগৰ ফুলিব/আহিব জোনাকী ৰাতি /আবিৰ সানিব ………”

বিক্ৰমৰ লগত সংসাৰ কৰিলেও ইমানদিনে অংকুশৰ প্ৰেম-ভালপোৱাখিনি কেৱল তাইৰেই সম্পদ বুলি ভাবি আহিছিল কাকলিয়ে কিন্তু অংকুশৰ বিয়াৰ খবৰে সৰুকৈ হ’লেও তাইক ঈৰ্ষান্বিত কৰি তুলিলে৷

“অংকুশ মোৰ হৈ নাথাকিল৷ অংকুশৰ জীৱনলৈ অহা ছোৱালীজনীৰ বাবে মই ঈৰ্ষা অনুভৱ কৰিছো৷ কিন্তু কিয়? এইয়া মোৰ ভুল হৈছে৷ মই ভুল চিন্তা কৰিছো৷ মোৰটো এতিয়া এখন সমৃদ্ধ সংসাৰ৷ মই সুখী৷ মইওটো এতিয়া অংকুশৰ হৈ থকা নাই!! অংকুশৰোটো নিজৰ মতে জীয়াই থকাৰ অধিকাৰ আছে৷ ঘৰখনৰ প্ৰতি দায়িত্ববোধ আছে!! নাই,নাই, অংকুশৰ ওপৰত থকা মোৰ অধিকাৰকণ বুলি ভবা চিন্তাৰ পৰা মই মুক্ত হ’ব লাগিব৷ নাভাবো, আৰু নাভাবো৷ মোৰ মনৰ গহণকোণৰ চন্দুকত সযতনেৰে ভৰাই থ’ম অংকুশৰ স্মৃতি যি স্মৃতি কঢ়িয়াই লৈ যাম মোৰ সমাধিলৈ৷”

সেইদিনা গধূলি আকাশৰ তৰাবোৰলৈ চাই চাই কাকলিয়ে অংকুশলৈ মনৰ তৰংগেৰে বাৰ্তা পঠালে —
“অংকুশ তুমি ভালে থাকা৷ তোমালোকৰ নৱজীৱনলৈ মোৰ শুভেচ্ছা থাকিল ৷ হৃদয়ৰ সঁচা পবিত্ৰ আন্তৰিকতাৰে মই তোমালৈ শুভকামনা জনালোঁ৷”

পৃথিৱীৰ কোনোবা কোণত অংকুশেও হয়তো কাকলিৰ বাৰ্তা পাইছিল৷ ঘনে ঘনে তাৰ কাকলিলৈ মনত পৰিছিল আৰু কাকলিৰ লগত কথা পাতিবলৈ মন গৈছিল৷

(আগলৈ)

Related Articles

Leave a Reply

Close