মহিলাযুৱ

মৌচুমী বৰিৰ ধাৰাবাহিক উপন্যাস মনৰ নিজানত

খণ্ড 8

সোনমানুৰ তিনিবছৰ বয়স হওঁতে প্লে স্কুলত নাম লগাই দিয়া হ’ল৷সোনমানুৰ স্কুলৰ সময় ন বজাৰ পৰা এঘাৰ বজালৈ৷ সোনমানুক স্কুলত থ’বলৈ কাকলিয়েই যায় আৰু ছুটি হোৱালৈকে আনবোৰ অভিভাৱকৰ লগত তাই বাহিৰতে কটাই দিয়ে৷ বহুত দিনৰ মূৰত ঘৰখনৰ পৰা অলপ সময়ৰ কাৰণে বাহিৰলৈ ওলাবলৈ পাই কাকলিৰ মনটো মুকলি মুকলি লগা হ’ল ৷ তাই স্কুলৰ বান্ধৱী তৃষাকো লগ পালে৷ তৃষাৰ ল’ৰাটোও সোনমানুৰ লগতে একেলগে পঢ়ে৷ এদিন তৃষাই কাকলিক বিউটি পাৰ্লাৰলে লগ ধৰিলে ৷ পাৰ্লাৰত সোমাই তৃষাই কাকলিক কৈ উঠিল — “তইচোন চুলিখিনি ষ্টেপ কাট কৰিব পাৰ’৷ বৰ ধুনীয়া লাগিব তোক৷” পাৰ্লাৰত বহা মানুহগৰাকীয়েও তৃষাৰ কথাত হয়ভৰ দিলে৷ তেওঁলোকৰ কথা শুনি কাকলিৰো মন ঘূৰিল ৷
“চুলিখিনি বৰ দীঘল হৈছে আৰু ফাটিচেও৷ ষ্টেপকাট কৰিলে বেয়া নহ’ব, নিজকে অলপ ফ্ৰেচো লাগিব৷” –এইবুলি ভাবি তৃষাৰ লগতে তাইও চুলিখিনি ষ্টেপকাট কৰালে৷

গধূলি বিক্ৰম অফিচৰ পৰা অহাৰ পিছত কাকলিলৈ ঘনে ঘনে চাব ধৰিলে৷
:ইমানকৈ মোক কিয় চাইছা? বেলেগ দেখিছা ন?” — কাকলিয়ে হাঁহি ক’লে৷
: অঁ, বেলেগ দেখিছো তোমাক৷ তুমি চুলি কটালা?
: ওঁ, ষ্টেপ কাট৷ ভাল দেখিছানে?

হঠাতে বিক্ৰমৰ মুখখন গহীন হৈ পৰিল৷
: সোনমানুক স্কুলত থ’বলৈ গৈ তুমি এইখনহে কৰি ফুৰিব লৈছা নেকি?তুমি সোনমানুক স্কুলত থ’বলৈ যোৱা বন্ধ কৰি দিম ৷ পাখি গজিছে গাত? হাঁ, পাখী গজিছে? চুলি কটাবলৈ আহিছা? কোন প্ৰেমিকক দেখুৱাবলৈ চুলি কটালা?
বিক্ৰমে চকু দুটা পকাই কাকলিৰ কান্ধত ধৰি জোকাৰি দিয়ে৷
:হুঁহ! চুলি কটাই ছোৱালী বোলাবলৈ আহিছে!!!
–এইবুলি কৈ বিক্ৰম শোৱনীকোঠালৈ খঙত সোমাই যায়৷ আৰু কাকলি দোষীৰ কাৰাগাৰত থিয় হৈ থ’ৰ লগা কপৌজনীৰ দৰে একেঠাইতে ৰৈ থাকে৷
“নিজৰ চুলিখিনি কটোৱাবলৈও মোৰ স্বাধীনতা নাইনে? বিনা কথাত তেওঁ মোক কিয় সন্দেহ কৰিব!!” –দুচকুৰে পানী বৈ আহে কাকলিৰ ৷ তেওঁ মোক বাৰে বাৰে কিয় ইমান দুখ দিয়ে? আমাৰ দুয়োৰে এই সংসাৰ কোন জনমৰ পাপৰ ফল?–ভাবি ভাবি তাই গৈ আগফালৰ বাৰাণ্ডাখনত বহি ৰয়৷ অলপ দেৰিৰ পিছতে সোনমানু আহি তাইৰ কোলাত বহে আৰু কয় —
” মা, মোৰ ভোক লাগিছে৷ ”
তাই সোনমানুক কিবা এটা খাবলৈ দি বিক্ৰমক চাহ দিয়েগৈ৷ বিক্ৰমে মুখ ফুলাই টিভি চাই থাকে৷

: চুলি কটাবলৈও তোমাক সুধিব লাগিব নেকি? মোৰ কি কোনো স্বাধীনতা নাই? — কাকলিয়ে কয়৷
:অঁ, সুধিব লাগিব৷ তুমি মোৰ পত্নী হয় ৷ মোৰ ভাল লগা ধৰণে তুমি থকাটো বিচাৰো মই৷ এইকথাটো তোমাক মই কিমানবাৰ কৈছো৷ তুমি নুবুজা কিয়??– বিক্ৰমে চিঞৰি কৈ উঠে৷
: চুলিখিনি দীঘল হৈ তলবোৰ ফাটিছিল, সেয়ে ….ভাবিলো অলপ ফ্ৰেছো লাগিব৷
: লি, তুমি কিয় বুজি নোপোৱা তোমাক দীঘল চুলিত মই ভাল পাওঁ৷ তোমাৰ চুলিত মুখগুজি শুলে মোৰ ভাল টোপনি আহে৷ তুমি জানি বুজি এনে কৰিছা৷ মোক অশান্তি দিবলৈকে এনে কৰিছা৷

— বিক্ৰমৰ আকৌ খংটো উঠি আহে৷ তেওঁ কাকলিৰ কাষৰ পৰা উঠি গৈ বাৰান্দাত বহেগৈ৷
বিক্ৰমৰ খং দেখি তাই পুনৰ বিক্ৰমৰ লগত কথা নপতাই ভাল হ’ব বুলি ভাবে আৰু ভাত ৰান্ধিবলৈ পাকঘৰত সোমাই৷

সেইদিনা বিক্ৰমে ভাত মুখলৈকে নিনিলে আৰু মুখ ফুলাই শুবলৈ গ’ল৷ কাকলিয়ে বিক্ৰমক অলপ মনাবলৈ চেষ্টা কৰি মৰমেৰে ক’লে–
: তুমি এতিয়াও শুব পাৰিবা৷ চুলিখিনি টকলা কৰা নাইতো!!
: মোৰ কাষৰ পৰা আঁতৰত শোৱা তুমি! তোমাৰ মতলব বেলেগ দেখিছো ! কথাবোৰ বৰ ভাল দেখা নাই মই৷
: কি মতলব দেখিছা?
: তোমাৰ পাখী গজিছে৷ সেইয়াই মতলব৷

বিক্ৰমৰ কথাত কাকলি মৌন হৈ ৰ’ল৷ বুজিবলৈ চেষ্টা নকৰা মানুহক বুজাবলৈ টান!– কাকলিয়ে মনে মনে তাকে ভাবিলে আৰু ভগৱানৰ নাম লৈ সোনমানুক সাৱটি শুই গ’ল৷

পিছদিনা সোনমানুক স্কুলত থ’বলৈ বিক্ৰম নিজে ওলাল৷ কথাৰ কটাকটি কৰি পৰিবেশ নষ্ট নকৰোঁ বুলি ভাবি কাকলি মনে মনে থাকিল৷

অলপ মুকলি আকাশলৈ উৰা চৰাইজনীক বিক্ৰমে যেন পুনৰ সজাত ভৰাই বন্দী কৰি থ’লে৷

বিক্ৰমে সোনমানুক স্কুলত থ’বলৈ যোৱাৰ পিছত কাকলিয়ে দীঘল হুমুনিয়াহ এটা কাঢ়িলে — “বিক্ৰমৰ এই ব্যৱহাৰৰ মই প্ৰতিবাদ কৰিব লাগিব৷ মই মুক্ত আকাশলৈ ওলাই যামেই৷ চাকৰি এটাৰ সন্ধান কৰিব লাগিব৷ এইয়াই হ’ব বিক্ৰমৰ ওচৰত মোৰ প্ৰথম প্ৰতিবাদ৷ ”
ooooooo

বিক্ৰমে ভাল পোৱা আকাশ নীলা শাৰীখন গাত মেৰিয়াই ল’লে কাকলি ৰাজনন্দিনীয়ে৷ শাৰীখনৰ লগত মিলাই ডাঙৰকৈ নীলা ফুট এটা ল’লে৷ সেওতাত সেন্দুৰ বোলালে তাৰপিছত নিজকে আইনাত চাই ৰ’ল৷ নিজকে ধুনীয়া দেখিছে তাই, মাথো মুখত হাঁহি নাই৷ সেয়ে বিক্ৰমে দেখুওৱা খঙৰ পৰা উৎপত্তি হোৱা মনৰ অসন্তোষ খিনি এটা হাঁহিৰে সামৰি থ’লে তাই৷

ঘৰৰ কোঠাবোৰ ধুনীয়াকৈ সজালে ৷ বিক্ৰমে ভালপোৱা ফুলা লুচি, আলু ভাজি আৰু পায়স বনাই বিক্ৰম অফিচৰ পৰা ঘূৰি অহালৈ বাট চাই ৰ’ল৷ যথাসময়ত বিক্ৰম অফিচৰ পৰা পালেহি৷ আহিয়েই কাকলিলৈ হতবাক হৈ চালে৷
:আজি শাৰী পিন্ধিছা যে? — বিক্ৰমে সুধিলে৷
: ওঁ, পিন্ধিব মন গৈছে৷ কেনে দেখিছা? — এইবুলি কৈ কাকলিয়ে বিক্ৰমলৈ টাৱেলখন আগবঢ়াই দিলে৷ বিক্ৰমে মুখেৰে নামাতি কাকলিৰ হাতৰ পৰা টাৱেলখন লৈ বাথৰূমত সোমাল৷

কাকলিয়ে আগফালৰ বাৰাণ্ডাখনৰ ঘূৰণীয়া টেবুলত খোৱাবস্তু সজাই বিক্ৰম আৰু সোনমানুক মাতিলে খাবৰ বাবে ৷ বিক্ৰমে সোনমানুক কোচত লৈ বাৰাণ্ডাত বহিলহি৷ কাকলিও আহি কাষত বহিল৷ আকাশৰ জোনবাইজনীয়ে তিনিওকে দূৰণিৰ পৰা চাই ৰ’ল৷

: তোমাক ধুনীয়া দেখাইছে৷ মোক আকৰ্ষণ কৰিবলৈ পিন্ধিছা নেকি? — বিক্ৰমে কাকলিক জোকালে৷
: দেতা,দেতা মায়ে আজি শাৰী পিন্ধিছে৷ মাক ধুনীয়া লাগিছে ন? — সোনমানুৱেও কৈ উঠিল ৷
:তোমালোক পিতা-পুত্ৰই শাৰী পিন্ধিলে ভালপোৱা বাবে পিন্ধিছো আকৌ৷ — কাকলিয়ে হাঁহি ক’লে৷
: গান এটা গোৱা৷ — কাকলিয়ে বিক্ৰমক কুটুৰিলে৷

বিক্ৰমে গাবলৈ আৰম্ভ কৰিলে —

বিমূৰ্ত মোৰ নিশাটি যেন/ মৌনতাৰ সূতাৰে বোৱা/এখনি নীলা চাদৰ/ তাৰেই এটি মিঠা ভাঁজত/নিশ্বাসৰে উম/আৰু জীয়া জীয়া আদৰ/ এখনি নীলা চাদৰ…

কাকলিয়ে বিক্ৰমৰ চকুত দেখা পালে অজস্ৰ ভালপোৱাৰ তিৰবিৰণি৷ সোনমানু শুই যোৱাৰ পিছত বিক্ৰমে কাকলিক বিচনালৈ ডাঙি লৈ গ’ল আৰু আলফুলে শুৱাই কাকলিৰ চকুত চকু থ’লে, ওঁঠত ওঁঠ….

পিছদিনা পুৱা যোৱা নিশাৰ ভালপোৱাৰ উম বিক্ৰমৰ গালে মুখে বিয়পি থাকিল৷পুৱাৰ চাহকাপ খাই উঠাৰ পিছত
কাকলিয়ে বিক্ৰমলৈ চাই ক’লে–
: মোক অলপ ব্যস্ততা লাগে বিক্ৰম৷ তোমালোক ওলাই যোৱাৰ পিছত ঘৰত সোমাই সোমাই মই মানুহজনী কিবা হৈ যাম যেন লাগে৷ মোৰ বাবে কিবা এটা কৰি দিয়ানা৷
: কি কৰি দিম কোৱা লি — বিক্ৰমে মৰমেৰে ক’লে৷
: প্ৰথমে খং নকৰোঁ বুলি কোৱা৷
: নকৰোঁ বাৰু — বিক্ৰমে ক’লে

:মই চাকৰি কৰিব বিচাৰো৷ প্ৰাইভেট স্কুল এখনতে সোমাই থাকিব পৰা হ’লেও…

কাকলিৰ কথা শুনি হঠাৎ বিক্ৰমৰ মুখৰ চেহেৰা সলনি হৈ গ’ল৷
: ভাবিম বাৰু মই৷ — বিক্ৰমে গহীনাই ক’লে৷

কাকলিয়ে ভয় খাই আছিল তাইৰ এই প্ৰস্তাৱটোৱে বিক্ৰমক পুনৰ ক্ৰোধিত কৰিব, তাইক গালি পাৰিব৷ কিন্তু তেনে একো নহ’ল৷

সোনমানুক স্কুল যাবৰ বাবে কাকলিয়ে ৰেডি কৰিলে তাৰপিছত বিক্ৰমৰ চাৰ্টৰ বুটাম লগাই দিলে ৷ অফিচলৈ যোৱা বেগটো হাতত দিলে৷

: লি,কালিৰ পৰা মই তোমাক বেলেগ দেখিছোঁ — কাকলিলৈ চাই বিক্ৰমে ক’লে ৷
: ওঁ, তুমি বিচৰা ধৰণৰ হ’বলৈ চেষ্টা কৰিছো বিক্ৰম৷ মোৰ বেয়া লাগিছে — তোমাক সদায়ে মই খং তুলাই থাকো৷ তুমি ভালপোৱা কামবোৰ নকৰোঁ৷ সেয়ে মই নিজকে সলনি কৰাৰ সিদ্ধান্ত লৈছোঁ৷ মই তোমাৰ পত্নী৷ তুমি ভালপোৱা ধৰণেৰে থকাটো মোৰ দায়িত্ব ৷ — কথাখিনি কওঁতে কাকলিৰ চকু দুটা সেমেকি উঠিল৷ বিক্ৰমে নেদেখাকৈ চকুপানী মোহাৰিলে তাই৷
বিক্ৰমে কাকলিক দুবাহুৰ মাজত লৈ ক’লে — “মই তোমাক ভালপাওঁ লি৷ জনমে জনমে যেন মই তোমাক পত্নী হিচাপে পাওঁ৷”
কাকলিয়ে বিক্ৰমৰ বুকুত মূৰ গুজি নীৰৱে ৰ’ল৷ #মনৰ নিজানত মাথো ভাবি ৰ’ল –” সকলো কথাৰে অতিপাত বেয়া বিক্ৰম৷ মই বুজি উঠিছোঁ, তুমি মোক জোখতকৈ বেছি ভালপোৱা৷ তুমি কোনো কথাই কম্প্ৰমাইজতো আহিব নিবিচাৰা৷তুমি মোক বেয়া নাপাবা বিক্ৰম, মই তোমাৰ স’তে মাথো এই জনমটোৱেই বিচাৰোঁ!! ইমান মতবিৰোধ লৈ জনম জনম তোমাৰ স’তে কেনেকৈ থাকিম তুমিয়েই কোৱা বিক্ৰম?”

(আগলৈ)

Related Articles

Leave a Reply

Close