যুৱ

মৌচুমী বৰিৰ ধাৰাবাহিক উপন্যাস- মনৰ নিজানত

দ্বিতীয় খণ্ড

মৌচুমী বৰি


বিক্ৰমে দিয়া সন্তানৰ প্ৰস্তাৱত মান্তি নহয় তাই৷ তাই বিক্ৰমক কয় — “মই এতিয়াও সন্তানৰ বাবে মানসিকভাৱে প্ৰস্তুত হোৱা নাই৷ মোক ডিগ্ৰীটো কমপ্লিট কৰি ল’বলৈ দিয়া ৷ তাৰপিছত ভাবিম৷ তোমাক দেখোন আমাৰ বিয়াৰ প্ৰথম নিশাই কৈছিলোঁ৷”
বিক্ৰমে কয় – ” নহয় লি, মই বিচাৰো প্ৰথম আমাৰ জীৱনলৈ সন্তানটি আহক তাৰপিছত তুমি তোমাৰ ডিগ্ৰীৰ কথা ভাবিবলৈ বহুত সময় পাবা৷” কিন্তু কাকলি নিজৰ মতত অলৰ অচৰ হৈ থকা দেখি বিক্ৰমৰ খং উঠি আহে ৷ খঙতে চিঞৰি উঠে – ” নালাগে মোক তোমাৰ দৰে ঘৈণী৷ আজিয়েই মই তোমাৰ মা-দেউতাক জনাই আছোঁ৷” আঘাত দিবলৈ যেন এইয়াই যথেষ্ট৷ সৰ সৰকৈ কাকলিৰ দুচকুৰে চকুপানী বৈ আহে৷ বিক্ৰম কোঠাৰ পৰা দপদপাই ওলাই যায়৷
বিক্ৰমৰ এই ৰূপ তাই আগতে কাহানিও দেখা নাছিল৷ মতৰ অমিল থাকিলেও তাইৰ প্ৰতি উন্মত্ত ভালপোৱা তাই দেখিছে কিন্তু এনে এক হিংসুক ৰূপ তাই বিক্ৰমৰ মাজত দেখা নাছিল৷

পিছদিনা মাকৰ ফোন আহে কাকলিলৈ৷ কাকলিয়ে সকলোবোৰ কথা মাকৰ আগত কান্দি কান্দি কৈ পেলায়৷ মাকে কয় — ” সংসাৰখন শান্তিপূৰ্ণ কৰিবলৈ হ’লে এৰা ধৰাৰ মাজেৰেই চলিব লাগিব মাজনী৷ কিমান সন্তানহীন দম্পতিয়ে সন্তানৰ বাবে হাবাথুৰি খাইছে, সন্তান এটি পৃথিৱীলৈ অহাৰ সমান অমিয়া সুখ ক’তো নাই৷ তই না নকৰিবি মাজনী৷ সন্তান এটি আহিলে তহঁতৰ সংসাৰখন সুখৰ হৈ পৰিব ৷” মাকৰ কথাবোৰ ভাবি চাই তাই৷ সন্তান তাইও বিচাৰে কিন্তু দেৰিকৈ৷ অভিমান হয় – তাইক কোনেও আজিলৈকে বুজিবলৈ যত্নই নকৰিলে৷ অংকুশেও নুবুজিলে তাইক৷ চকুৰ পানী ভৰি আহে তাইৰ৷ অংকুশে অন্তত: বুজা হ’লে তাইৰ হাতখন এনেকৈ এৰি নিদিলেহেঁতেন!! তাই বিচৰাবোৰত চোন সদায় বাধাই আগভেটি ৰৈ থাকে৷ কিয় এনে হয় মোৰ লগত? আনৰ মনোকামনা পূৰ্ণ কৰিবলৈকে জন্ম হ’লো নেকি মই — ভাবে তাই৷ ভাবি ভাবি গাললৈ বৈ অহা চকুপানী শুকাই যায় কাকলি ৰাজনন্দিনীৰ৷

আকৌ মৌনতা বিৰাজ কৰে বিক্ৰম আৰু কাকলিৰ মাজত৷ এইবাৰ পিছে মৌনতা ভাঙিবলৈ বিক্ৰমেই আগভাগ লয়৷ বিষাদৰ প্ৰচ্ছায়া সানি বহি ৰোৱা কাকলিক বিক্ৰমে সাৱটি ধৰে আৰু হুক হুকহুকায় কান্দি পেলায়৷ ” বহুত দুখ দিলো তোমাক” — বিক্ৰমে কয়৷ “আচলতে লি, আমাৰ জীৱনলৈ দেৰিকৈ সন্তান এটি আহিলে মই চাকৰিৰ পৰা অৱসৰ লোৱালৈকে সৰুৱেই হৈ থাকিব৷ মোক মোৰ সন্তান এটি লাগে৷ সন্তানটি চাবলৈ মই উদগ্ৰীৱ হৈ আছো লি৷ তোমাৰ গৰ্ভত মোৰ এটি সন্তান হ’ব-ভাবিলেই মনলৈ সুখ নামি আহে লি৷ মোক তুমি বুজা লি৷ ”

হওক সকলোৰে ইচ্ছা পূৰণ হওক৷ বিক্ৰমেটো জোৰ কৰিয়েই নিজৰ ইচ্ছাবোৰ পূৰণ কৰে! সকলোটো তেওঁৰ মতেই হ’ব লাগে৷ কাকলিয়ে তেওঁৰ মতে চলিলেই এজন সুখী প্ৰেমিকৰ ৰূপত ধৰা দিয়ে বিক্ৰমে৷ কাকলিৰ মনৰ ভিতৰত সোমাবলৈ কোনোদিনেটো চেষ্টা নকৰে তেওঁ৷ বিয়া দুটি আত্মাৰ মিলন বুলি কোৱা হয়৷ কিন্তু ক’তা দুটি আত্মাৰ একাত্মতাত ফাঁক থাকি যায় কিয়? এই কিয়ৰ প্ৰশ্নৰ উত্তৰো কাকলিৰ হাতত নথকা নহয়৷ ইয়াৰ বাবে দায়ী নিশ্চয় চিন্তাৰ বৈপৰীত্য৷ মনৰ নাটনিবোৰ সজাই ল’ম বুলিয়েইটো ভাবিছিল তাই৷ কিন্তু এই সজাই লোৱা বাটটো যে বৰ খলাবমা৷ তথাপি সজাই ল’ব৷ সকলোবোৰ সজাই ল’ব৷ ত্যাগেৰে সজাই ল’ব ৷ এইয়া তাইৰ পৰীক্ষা৷ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব তাই — কাকলিয়ে ভাবে৷

সেইদিনা অকলে বহি থকা গধূলীটোত বিক্ৰম আহি তাইৰ কাষত বহে৷
: কি ভাবি আছা? – বিক্ৰমে সুধে
: একো ভবা নাই৷ জোনাকী পৰুৱাবোৰলৈ চাইছো৷ ইমান ভাল লাগে চাই এন্ধাৰত জিলিকি থকা জোনাকী পৰুৱা বোৰ৷
তাইৰ কথা শুনি বিক্ৰমে গুণগুণায় গায়–
” এন্ধাৰ চোতালতে/তিৰবিৰাই জোনাকী পৰুৱা/ মনৰে কথাবোৰ/ ওঁঠতে ৰাখিছা কিয় / মধুসনা ….

খঙাল জেদী বিক্ৰমৰ বিপৰীতে এইয়া গান গাই ভালপোৱা ৰোমান্টিক বিক্ৰমৰ ৰূপ!!- কাকলিৰ মনে মনে হাঁহি উঠে কথাটো ভাবি৷ কাকলিয়ে বিক্ৰমৰ হাতখনত ধৰে৷
ভালপোৱাৰে খং ৰাগ অভিমান আঁতৰাই নতুন জীৱনৰ বাট বুলিব দুয়ো৷ বাট বুলি বহুদূৰ যে যাবলৈ আছে …

ooooooo

সোনমানু জন্ম হ’ল৷ পিতৃত্বৰ সুখেৰে বিক্ৰমৰ মন ভৰি উঠিল৷ বিক্ৰমে নিজেই তাৰ নাম ৰাখিলে — ধ্ৰুৱ বিক্ৰম ফুকন৷ বিক্ৰমে বিচাৰে তেওঁৰ পুত্ৰই সমাজত নাম উজ্জ্বল কৰি ধ্ৰুৱ তৰাটিৰ দৰে জিলিকি থাকিব৷

সোনমানুৰ তেতিয়া দহ মাহ৷ সোনমানু জন্ম হোৱাৰ পিছৰ পৰা কাকলি মাকৰ ঘৰলৈ যোৱাই নাই৷ মাকৰ ঘৰৰ মানুহ আহিহে চাই থৈ যায়৷ সেয়ে তাই বিক্ৰমক ক’লে —
” কেইদিনমানৰ বাবে সোনমানুক লৈ মাৰ ঘৰত থাকোঁগৈ৷”
কবলৈহে পালে, বিক্ৰমে লগে লগে বাধা দি উঠিল৷
-“মোৰ পুত্ৰ এবছৰ নোহোৱালৈকে মই তাক কাৰো ঘৰলৈ নপঠিয়াওঁ৷”
বিক্ৰমৰ কথাই কাকলিক আহত কৰিলে৷ কাকলিয়ে ক’লে –” তুমি যে অনবৰতে কৈ থাকা সোনমানু তোমাৰ পুত্ৰ বুলি, সি কি মোৰ পুত্ৰ নহয় নেকি? মোৰ মাৰ ঘৰখনে তাক তুমি আলৈ আথানি কৈ ৰাখিব বুলি কিয় ভাবিছা?”
– “নাই, মই এবাৰেই ক’লো – তাক মই পঠিয়াব নোৱাৰোঁ৷” — বিক্ৰমে গম্ভীৰতাৰে কৈ উঠিল৷ কাকলিৰ যেন ধৈৰ্যৰ সীমা বাহিৰ হৈ গ’ল৷কাকলিয়ে সকলো সহ্য কৰিব পাৰে কিন্তু নিজৰ মাকৰ ঘৰখনক অনাদৰ অৱহেলা কৰা যেন লগা অপমান সহ্য কৰিব নোৱাৰে৷

“তেন্তে, তুমিও মোৰ সিদ্ধান্ত শুনি লোৱা৷ মই মাৰ ঘৰলৈ যাম, যাম বুলি কৈছো যামেই৷ তোমাৰ পুত্ৰ সোনমানুক তুমিয়েই চাবা!” -এইবুলি কৈ তাই বেগ এটাত ঘপাঘপ কাপোৰ কেইযোৰমান ভৰাই বিক্ৰমক একো কবলৈ সুবিধা নিদি সোনমানুক বিচনাতে শুৱাই থৈ ঘৰৰ পৰা ওলাই আহিল৷

মাকৰ ঘৰখনে কাকলিক অকলে দেখি আচৰিত হ’ল৷ তাই মাক-দেউতাকৰ আগত আদ্যোপান্ত বিৱৰি ক’লে ৷ মাক-দেউতাকে তাইক প্ৰথমে বিক্ৰমৰ ঘৰত থৈ আহিবলৈ যো-জা কৰিছিল কিন্তু তাই নাযাওঁ বুলি অতিপাত জেদ ধৰাত আৰু বিক্ৰমেও অলপ শিক্ষা পাওক বুলি ভাবি আহিছে বুলি কোৱাত মাক-দেউতাক মনে মনে থাকিল৷

খং আৰু জেদত সোনমানুক এৰি থৈ আহিল যদিও সোনমানুলৈ মনত পৰি ৰাতি ৰাতি কাকলিৰ টোপনি নহা হ’ল৷
যিমান হ’লেও মাতৃ-হৃদয়৷
” সি বাৰু মোক বিচাৰি কান্দি কান্দি ঠেৰেঙা হৈছে নেকি? বিক্ৰমে তাক কেনেকৈ চম্ভালিছে?ভালকৈ খোৱাইছেনে তাক!!” –এইবোৰকে ভাবি ভাবি তাই চটফটাই থকা হ’ল৷ দিনত আগফালে গে’টৰ মাত শুনিলেই তাই দৌৰি যায় কিজানি সোনমানুক লৈ বিক্ৰমে তাইক নিবলৈ আহিছে! ৰাতি কাৰোবাৰ ঘৰৰ পৰা কেচুৱাৰ কান্দোন শুনিলে সোনমানুৱে কান্দি থকা যেন লাগে৷ সোনমানুৰ গাখীৰত সেন্দুৰ দিয়া থোপোকা মুখখন,তাৰ ফুটো-নুফুটো মাত কথাবোৰ মনত পেলাই চকুপানী টুকি থকা হ’ল মাক কাকলি ৰাজনন্দিনী৷

লাহে লাহে টোপনি ক্ষতি কৰি কৰি কাকলিৰ গা বেয়া হ’বলৈ আৰম্ভ কৰিলে৷ এদিন তাইৰ ভীষন জ্বৰ উঠিল — টোপনিতে “সোনমানু”,”সোনমানু” বুলি বিৰবিৰাই থাকিল৷

কাকলিয়ে সোনমানুক এনেকৈ এৰি থৈ অহাৰ দহ দিনৰ দিনা কাকলিলৈ বিক্ৰমৰ পৰা এখন চিঠি আহে৷ চিঠিখন তাই খুলি পঢ়ি চায় —

লি,
তুমি উভতি আহাঁ৷ তোমাৰ অবিহনে মই আৰু সোনমানু থাকিব নোৱাৰোঁ৷ তুমি নথকাৰ বাবে সোনমানুৰ বহুত আলৈ আথানি হৈছে৷খীনাই গৈছে সি৷ তাৰ গা টোও বেয়া, জ্বৰ উঠিছে সোনমানুৰ৷ মোক ক্ষমা কৰা লি৷ মই তোমাক কথা দিছো ভৱিষ্যতে আমাৰ সংসাৰলৈ এনেকুৱা কোনো বেয়া পৰিস্থিতিৰ সৃষ্টি হ’ব নিদিওঁ৷ তুমি বেয়া পোৱা কাম নকৰোঁ৷

– তোমাৰ বিক্ৰম

চিঠিখন পঢ়ি কাকলিয়ে চকুৰ পানীৰে কাগজ তিয়ালে৷ বিক্ৰমে প্ৰমিজ কৰা কথাখিনিৰ ওপৰত ভৰসা নাথাকিলেও সোনমানুৰ গা বেয়া বুলি জানি তাইৰ বুকুখন ধৰফৰাই উঠিল৷
— ” মা, মোক এতিয়াই তোমালোকে থৈ আহাঁ৷ সোনমানুৰ জ্বৰ বোলে! সি বহুত কষ্টত আছে মা৷ তাক মই বহুত কষ্ট দিলোঁ, আৰু নিদিওঁ! ” – কাকলিয়ে মাকক কয় লৰালৰিকৈ কাপোৰ ভৰোৱাত লাগিল৷ (আগলৈ)

Related Articles

Leave a Reply

Close