অসমশীৰ্ষ

মৰিগাঁৱত পৌৰসভাৰ প্ৰতিকৃতি দাহ আছুৰ৷ সমস্যা সমাধান নহলে শীত তাপ নিয়ন্ত্ৰণ কোঠাত নহয় ৰাইজৰ দৰবাৰত হব পৌৰসভাৰ হিচাপ

প্ৰথম খবৰ মৰিগাঁও:মৰিগাঁও চহৰত এজাক বৰষুণত সমগ্ৰ নগৰখনতেই কৃত্ৰিম বানত ডুব যায়। এই বাতৰি প্ৰথম খবৰত প্ৰচাৰ হৈছিল যোৱাকালি আৰু তাৰ পিছতে আজি মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ নেতৃত্বত বহু ছাত্ৰ ছাত্ৰী আৰু আছু কৰ্মীয়ে মৰিগাঁও পৌৰ সভাৰ পুত্তলিকা দাহ কৰি চহৰ খনৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷এজাক বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত সকলো পথ , পদপথ পনীত ডুবি বছৰ বছৰ ধৰি ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণ যাতায়ত কৰাত জীয়াতু ভোগি আহিছে  ৷ নগৰখনক এই কৃত্ৰিম বানৰ পৰা উদ্ধাৰ কৰিবলৈ পৌৰসভাৰক ছাত্ৰ সন্থাই বহু বাৰ দাবী জনাই আহিছে যদিও পৌৰসভাই কোনো গুৰুত্ব প্ৰদান নকৰি ছিমপ্লেক্সে নামৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানক এই কামৰ দায়িত্ব ৮ বছৰ আগতে দিয়া আছে বুলি টুলুঙা মন্তব্য কৰি গা এৰি চলিব বিচাৰে৷ কিন্তু প্ৰতিবাদকাৰীৰ প্ৰশ্ন ভাৰতীয় জনতা পাৰ্টিৰ অধীনস্থ পৌৰসভা খনে কিয় নিজৰ চৰকাৰ থাকোতে নাকী লগাব পৰা নাই এই প্ৰতিষ্ঠানটোক৷ পৌৰসভা গঠন হোৱাৰ পৰা অধিকাংশ সময় কেবল ক্ষমতাৰ লোভত পৌৰপতি ভঙা পতাতে ব্যস্ত থকা পৌৰ সভাখন ভংগ কৰাৰো হুংকাৰ দিলে সদৰ ছাত্ৰ সন্থাৰ নেতৃত্বতই৷ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথৰ স্পষ্ট মন্তব্য পৌৰসভাই এই চহৰ খনৰ কৃত্ৰিম বানৰ পৰা ৰাইজক পৰিত্ৰাণ দিব লাগিব এই পৌৰসভাৰ দায়িত্ব৷ আনহাতে সদৰ ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক মৃগাঙ্ক মেধী আৰু সভাপতি কমল মহন্তৰ মতে শীত তাপ নিয়ন্ত্ৰণ কোঠাত মিনাৰেল পানী খাই এইবাৰ আলোচনা নহব আগন্তুক দিনত যদি এই সমস্যা দূৰ কৰিবলৈ পৌৰসভা অপাৰকতা স্বীকাৰ কৰে তেন্তে ৰাইজৰ দৰবাৰত ইয়াৰ প্ৰতুত্তৰ দিবলৈ সাজু হব লাগিব৷

Related Articles

Leave a Reply

Close