অসমশীৰ্ষ

মৰিগাঁৱত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংবাদমেল

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ ধনে হাজেলাই হস্পিতালত বনোৱাৰ অভিযোগ

প্ৰথম খবৰ, মৰিগাঁও:এন আৰ চিৰ তালিকাক লৈ সদৌ অসম বাঙালী ফেডাৰেচনৰ সুখী নহয়৷ প্ৰতীক হাজেলাই স্বদেশীক বিদেশী আৰু বিদেশীক স্বদেশী কৰিলে৷ ১৬০০ কোটি টকাৰ হিচাপ অসমীয়া ৰাইজক দিয়ক৷ কৰ্মচাৰীক দৰমহা চৰকাৰে দিছে৷ হাজেলাৰ বিৰুদ্ধে উচিত তদন্ত কৰি গ্ৰেপ্তাৰ কৰক এই মন্তব্য প্ৰদান কৰে বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অজয় ভূষণ সৰকাৰে। আজি দিনৰ ভাগত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাগৃহত সংবাদ মেল সম্বোধন কৰি কেন্দ্ৰীয় সাধাৰণ সম্পাদক সৰকাৰে কয়-

চৰকাৰে কলেই আমি এফ টি কৰ্টত নাজাও ৷এঘৰত ৬ জনৰে ৪ জনৰ এন আৰ চিত ত নাম আহে ২ জন নাহে কেনেকৈ৷ আমি ভাৰতীয় প্ৰয়োজনত আমাৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰক ৷ আমাক কেব দি ভাৰতীয় কৰিব নালাগে আমি ভাৰতীয় । কেন্দ্ৰীয় মন্ত্ৰী অমৃত শ্বাহে কোৱা দৰে কেব আমাক নালাগে৷ কেব দি আমাৰ অসমীয়া বঙালী মাজত বিভেদ কৰিলে৷ অমৃত শ্বাহে এন আৰ চিত নাম নহা সকলক ভাৰত ত্যাগ কৰাৰ কথা কিয় কলে ৷আমাক কিয় বিদেশী কব ? আমি চেলেঞ্জ কৰিছো অমৃত শ্বাহক৷ আমৰ ঘৰৰ ৪ জন স্বদেশী আৰু বাকী ২ জন বিদেশী নেকি৷ কেব আনিলে আছুৱে প্ৰতিবাদ নকৰিলেও আমি প্ৰথম আন্দোলন কৰিম ৷ কেব আমাৰ লগতে কোনো বাঙালীয়ে বিচৰা নাই। ইয়াৰ উপৰিও কেন্দ্ৰীয় সাধাৰণ সম্পাদক সৰকাৰে এক বিষ্ফোৰক মন্তব্য কৰি কয় যে- প্ৰতীক হাজেলাই পশ্চিমীয়া দেশৰ পৰা ধন পোৱাৰ খবৰ আহিছে আৰু সমন্বয়ক হাজেলাই মধ্যপ্ৰদেশত ডাঙৰ হস্পিতাল খোলিছে ইয়াৰ তদন্ত হব লাগে। ভাৰতীয় লোক বাদ পৰে এন আৰ চিত আৰু বিদেশীৰ নাম এন আৰ চিত সোমাল ৷ এন আৰ চিক লৈ ২০ চেপ্তেম্বৰ তাৰিখে আন্দোলনৰ হুংকাৰ সংগঠনটোৱে ৷ আনহাতে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কাম চলি থাকোতে কিয় উচ্চতম ন্যায়লক ইয়াৰ সন্দৰ্ভত সময় থাকোতে বিসংগতি নজনালে বুলি সংগঠনটোৰ নেতৃত্বই সংবাদ মেলত প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close