অসমশীৰ্ষ

মৰিগাঁৱত ৰাষ্ট্ৰীয় পুষ্টি মাহ সামৰণি অনুষ্ঠানত সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

প্ৰথম খবৰ, মৰিগাঁও : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো পোষন অভিযানৰ অধীনত ১ ছেপ্টেম্বৰৰ পৰা মাহজোৰাকৈ আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পুষ্টি মাহৰ আজি অনুষ্ঠানিকভাৱে সামৰণি পৰে।এই সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্যখনৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম।উল্লেখযোগ্য যে মৰিগাঁও জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত ,লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত আজি জিলাখনৰ কুশতলি আঞ্চলিক ৰাস মন্দিৰৰ ৰঙ্গ মঞ্চত পোষন অভিযানৰ পুষ্টি মাহ সামৰণি অনুষ্ঠানটো অনুষ্ঠিত হয়।গুৰুজনাৰ এটি বৰগীতেৰে কাৰ্যসূচী শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্যখনৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী বহ্ম।মন্ত্ৰী গৰাকীয়ে মুখ্য অতিথিৰ ভাষণত পোষন অভিযানৰ সন্দৰ্ভত বিস্তৃত মন্তৱ্য ৰাখে।লগতে প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰ চাফ-চিকুণতা কৰি ৰখাৰ লগতে শিশু সকলক পুষ্টিকৰ খাদ্য যোগান ধৰা আৰু শিশু, গৰ্ভৱতী মহিলা, কিশোৰী আদি সকলৰ পৰি পুষ্টিৰ বাবে অৱন্টিত ধন সমূহ অথলে নিনিয়াবলৈও কৰ্মীসকলক আহ্বান জনায়।আনহাতে অনুষ্ঠানটোত কণমানি শিশু সকলৰ গীত – নৃত্য চাই আনন্দিত হৈ পৰা মন্ত্ৰী ব্ৰক্ষ্মই অংগনৱাড়ী কেন্দ্ৰ সমূহৰ শিশু সকলৰ মাজত বিভিন্ন পাৰদৰ্শিতামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰি শীৰ্ষস্থান লাভ কৰা কেন্দ্ৰ সমূহৰ মাজত বঁটা প্ৰদানৰ ব্যৱস্থা কৰিবলৈও বিভাগটোৰ বিষয়া সকলক অনুৰোধ জনায়। আনহাতে এই সভাতে অতি কম পাৰিশ্ৰমিকত অনিয়মীয়াকৈ কেন্দ্ৰৰ কৰ্মী – সহকৰ্মী সকলে সেৱা আগবঢ়াই থকা বুলি দুখ প্ৰকাশ কৰি মাননি সমূহ নিয়মীয়া কৰিবলৈ মন্ত্ৰী গৰাকীয়ে সভাত উপস্থিত থকা সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব গৰাকীক ৰাজহুৱাভাৱে আহ্বান জনায়।সভাত বিভাগটোৰ আয়ুক্ত সচিব ৰূপম মজুমদাৰ আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়েও ভাষণ ৰাখে।আদৰণি ভাষণ পাঠ কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।উল্লেখযোগ্য যে লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মী আৰু সহকৰ্মী সকলে পুষ্টি মাহ সামৰণি অনুষ্ঠানৰ উপলক্ষে লাহৰীঘাটৰ পৰা কুশতলিলৈকৈ ১০-১২ কিল’ মিটাৰ খোজ কাঢ়ি এটি শোভাযাত্ৰা উলিয়াই।ইফালে অনুষ্ঠানটোত লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত একাংশ কণমানি শিশুৱে গীত-নৃত্যৰে সকলোৰে মন মুহিত কৰি তোলে।একেদৰে জনজাতীয় সাংস্কৃতিক অনুষ্ঠানেৰে সকলোকে আনন্দ দিয়ে।আনকি জিলাখনৰ ভূৰবন্ধা সংহত শিশু উন্নয়ন প্ৰকল্পৰ একাংশ কৰ্মী আৰু সহকৰ্মীয়ে পোষন অভিযানৰ ওপৰত এখন আকস্মিক নাট প্ৰদৰ্শন কৰি অনুষ্ঠানটোৰ সোষ্ঠৱ বৃদ্ধি কৰে।এই অনুষ্ঠানতে মন্ত্ৰী গৰাকীয়ে কৰ্মী সকলৰ মাজত আনুষ্ঠানিকভাৱে শিশু সকলৰ ওজন আৰু উচ্চতা নিৰীক্ষণ যন্ত্ৰ প্ৰদান কৰে।অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত অৰূপ পাঠক,লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া বিদ্যুৎ হাজৰিকা, কপিলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মণিকা বৰঠাকুৰকে ধৰি লাহৰীঘাট, ভূৰবন্ধাৰ আৰু কপিলী খণ্ডৰ মুখ্য সেৱিকা সকলৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই জিলা সমাজ কল্যাণ বিষয়া দেবজিৎ বৰাই।

Related Articles

Leave a Reply

Close