অসমনলবাৰীশীৰ্ষ

মৰোৱাত ‘পৃথিৱীৰ অসুখ’ বাটৰ নাট মঞ্চস্থ

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা ,নলবাৰী: নলবাৰী জিলাৰ মৰোৱা আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ইকো ক্লাৱৰ উদ্যোগত আজি বিদ্যালয় খনিৰ খেল পথাৰ আৰু বাহঁজানীৰ মৰোৱা- মাধাপুৰ বজাৰত ‘পৃথিৱীৰ অসুখ নামৰ বাটৰ নাট খনি সফল ভাৱে মঞ্চস্থ কৰে। উল্লেখ্য যে শব্দ, বায়ু, মাটি পানী আদিৰ প্ৰদূষণ ৰোধ কৰা আৰু বৃক্ষৰোপন কৰি সেউজ পৃথিৱী গঢ়াৰ সংকল্প আগত ৰাখি ‘পৃথিৱীৰ অসুখ ‘ নাটখন মঞ্চস্থ কৰি ৰাইজৰ মাজত সজাগতা অনাৰ বাবে প্ৰয়াস চলাই। বিদ্যালয়ৰ সহ শিক্ষক তথা নাট্যকাৰ তিলক বৈশ্যই ৰচনা কৰা পৰিচালনা আৰু ৰূপসজ্জা শিল্পী নৱজিৎ বৈশ্যৰ । তদুপৰি নাটক খনৰ পৰিকল্পনা আছিল বিদ্যালয়ৰ অধ্যক্ষ বিদ্যানাথ মেধিৰ আৰু নাটক খনৰ নেতৃত্ব বহন কৰিছিল ইকো ক্লাৱৰ তত্বাৱধায়ক ত্ৰিদিপ বৈশ্যই। নাটকখনত অভিনয় কৰিছিল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ক্ৰমে – এজন গাৱলীয়া লোকৰ চৰিত্ৰত ধীৰাজ দাস আৰু নিপন ডেকাই, অৱসৰপ্ৰাপ্ত শিক্ষকৰ চৰিত্ৰত দীক্ষিত বৈশ্যই, ছাত্ৰ সন্থাৰ চৰিত্ৰত চিন্ময় বৈশ্যই, গাৱলীয়া তিৰোতাৰ চৰিত্ৰত প্ৰিয়ংকা বৈশ্য আৰু জ্যৌতিশিখা বৈশ্যই,কলেজীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল চন্দনা বৈশ্যই। বিদ্যালয় খনৰ লগতে ক্লাৱটোৰ পদক্ষেপক ৰাইজে প্ৰশংসা কৰে ।

Related Articles

Leave a Reply

Close