অসমশীৰ্ষ

শাৰদী ৰাণীক আদৰিবলৈ সাজু দুধনৈবাসী

প্ৰথম খবৰ, দুধনৈ,ভবেশ চন্দ্ৰ ভাগৱতী:মাজত মাঠো কেইদিনমান বাকী৷ নিয়ৰসনা কহুৱাৰ ফাকে ফাকে নাচিবাগি ধৰালৈ নামি আহিছে শাৰদীৰাণী৷ শাৰদীৰাণীক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে দুধনৈবাসী ৰাইজ৷ বিগত বছৰবোৰৰ দৰে এইবছৰো দুধনৈত দুধনৈ সাৰ্বজনীন দুৰ্গা পূজাকে ধৰি মুঠ চৈধ্যখন দুৰ্গা পূজা অনুস্থিত হব৷ এক উখল মাখল পৰিবেশৰ মাজত পূজা কমিটি সমুহে সীমাহীন ব্যস্ততাৰ মাজেৰে প্ৰস্তুতি অব্যাহত ৰাখিছে৷ ভক্তপ্ৰাণ ৰাইজক আকৰ্ষিত কৰিব পৰাকৈ পূজামণ্ডপ সমুহ সজাই পৰাই তোলা কামত ব্যস্ত হৈ পৰিছে মণ্ডপ নিৰ্মাণকাৰী কৰ্মী সকল৷ মৃতশিল্পী সকলে দেৱীমাঁৰ মৃণ্ময় মুৰ্তিত শেষ পৰশ দিয়া দেখিবলৈ পোৱা গৈছে৷ নিত্য ব্যবহাৰ্য সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীৰ জুইছাই দাম হোৱাৰ পিচতো কাপোৰৰ দোকান, জোতা চেন্দলৰ দোকানত গ্ৰাহকৰ হেতা ওপৰা লাগিছে৷ সকলোৰে এটাই চিন্তা নতুন কাপোৰ পিন্ধি পূজা চোৱা৷ ৪ অক্তোবৰৰ পৰা  ৮ অক্তোবৰলৈ অনুষ্ঠিত হব লগীয়া পূজাৰ কেইদিনৰ পাঁচদিনীয়া বৰ্ণাধ্য কাৰ্যসূচী সকলমে ৰূপায়ণ কৰাৰ বাবে প্ৰশাসনেও নিৰাপত্তাৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ ইতিমধ্যে স্থানীয় প্ৰশাসনে পূজা কমিটি সমুহৰ লগত যৌথভাবে নিৰাপত্তাৰ দিশ সম্পৰ্কে মিলিত হৈছে৷ পূজাথলী সমুহত সকলো দিশৰ পৰা নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিবলৈ প্ৰশাসনে নীতি নিৰ্দেশনা জাৰি কৰিছে৷ প্ৰত্যেকখন পূজা মণ্ডপত চিচি কেমেৰা, পৰ্যাপ্ত পোহৰ, অগ্নিনিৰ্বাপন সামগ্ৰী, বিশুদ্ধ পানী, প্ৰাথমিক চিকিৎসা সামগ্ৰী, স্বেচ্ছাসেৱক উপলব্ধ হোৱাৰ লগতে প্লাষ্টিক মুক্ত পূজাথলী হিচাবে গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে৷ আনহাতে ধুমপান আৰু নিচাজাতীয় সামগ্ৰী নিষিদ্ধ কৰাৰ বাবেও নিৰ্দেশ জাৰি কৰা হৈছে৷ ইয়াৰ উপৰিও স্বচ্ছতাৰ দিশটো চোৱাচিতা কৰাৰ বাবেও পূজা কমিটি সমুহক নিৰ্দেশ জাৰি কৰা হৈছে৷ ইপিনে বিশেষ প্ৰয়োজন অনুসৰি পূজা কমিটি সমুহক এই কেইটা ফোন নম্বৰত- ৯৪৩৫১৭১৬৩৬(আৰক্ষী),৮১৩৩৯১৭৮১৯, ৮৪৮৬৫৩৫১২৯( অগ্নি নিৰ্বাপক বাহিনী), ৮৭০৬৪৩৬৫৯২, ১০৮,(এম্বুলেঞ্চ) আৰু ৯১০১৭৯৪৫৬৫(হস্পিতাল)”যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে৷

Related Articles

Leave a Reply

Close