অসমনলবাৰীশীৰ্ষ

শাৰীৰিক ভাৱে সক্ষম ব্যক্তি দিলে বৰঙণি যজ্ঞভূমি—দৌলগোবিন্দপুৰত ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী – নলবাৰী জিলাৰ যজ্ঞভূমি চকত ৮ ছেপ্টেম্বৰৰ দিনা সংগীত সূৰ্য্য ডঃ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক জন্মদিন উদযাপন কৰা হয়। নলবাৰী গোপাল বজাৰস্থিত ভূপেন হাজৰিকা সংগীত বিদ্যালয়ৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভ কৰে শিক্ষক,কবি,বৃক্ষপ্ৰেমি ব্যক্তি ভূপেন কুমাৰ দাসে। দিনটো জিলাখনৰ বিভিন্ন ঠাইৰ লগতে যজ্ঞভূমি চকতো অনুষ্ঠান পৰিবেশন কৰে। যজ্ঞভূমি চকত ভূপেন হাজৰিকাৰ একান্ত সেৱক দ্বীজেন দত্ত,শিল্পী দেৱতেজ দত্ত, প্ৰীতম ডেকা সহ কেইবাজনো শিশু শিল্পীয়ে মুকলি ঠাইতে ভূপেন্দ্ৰ সংগীত আৰু সময়ৰ গীত পৰিবেশন কৰি সমবেত সকলক মুগ্ধ কৰে। সংগীত পৰিবেশনত বাদ্যযন্ত্ৰী শিল্পী গণেশ কলিতা,দিগন্ত বৰ্মন,প্ৰহ্লাদ বৈশ্য, জ্যোতিষ দাসে সহযোগ কৰে।অনুষ্ঠানত সমাজসেৱক হৰিশ কলিতা,যজ্ঞভূমি বণিক সন্থাৰ সম্পাদক দ্বীপেন কলিতা,সাংস্কৃতিক কৰ্মী উৎপল শৰ্মা আৰু সচেতন যুৱক উৎপল শৰ্মা,যুৱ নেতা নিহাৰ ভৰালী সহ বহু সংখ্যক ৰাইজ উপস্থিত থাকে।উল্লেখ্য যে অনুষ্ঠান চলোৱা বাবে উদ্যোক্তা সকলে ৰখা বৰঙণি পাত্ৰত বিভিন্ন জনৰ লগতে এগৰাকী শাৰীৰিক ভাবে সক্ষম ব্যক্তিয়ে বৰঙণি আগবঢ়োৱা দেখি ৰাইজৰ হৃদয় চুই যায়। সন্ধিয়া নলবাৰী থানাৰ দাঁতিৰ ঘূৰণীয়া উদ্যানত অসংখ্য ৰাইজে হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰে। আনহাতে জিলাখনৰ দৌলগোবিন্দপুৰ জ্যেষ্ঠ নাগৰিক সমাজৰ উদ্যোগত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্মদিন পালন কৰা হয়। তদুপলক্ষে নাগৰিক সমাজৰ সভাপতি বীৰেন্দ্ৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত শিক্ষাবিদ নগেন দত্ত,বিশিষ্ট নাগৰিক লক্ষীধৰ মিশ্ৰ,দেবেন মেধি, নাগৰিক সমাজৰ সাধাৰণ সম্পাদক দিলজিৎ বৰ্মন সহ কেইবাজনেও ডঃ হাজৰিকাৰ কৰ্ম জীৱন আৰু সাহিত্য -সাংস্কৃতিক দিশৰ ওপৰত বক্তব্য ৰাখে। সভাত নাগৰিক সমাজৰ সম্পাদক শৈলেন ভট্টাচাৰ্যই অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক সকলক লৈ বিভিন্ন কাৰ্য্য সাধনৰ বাবে পৰিকল্পনা ব্যক্ত কৰে। তদুপৰি সভাত অহা দুই অক্টোবৰত বিভিন্ন কাৰ্যসূচীৰে গান্ধী জয়ন্তী উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হয় ।

Related Articles

Leave a Reply

Close