নলবাৰীশীৰ্ষ

শিক্ষাক বাণিজ্যিকীকৰণ কৰাৰ কুচকাৱাজ চলিছে, নলবাৰী সাহিত্য সমাজৰ ভৱনত ডি এছ অৰ ছাত্ৰ সন্মিলন সম্পন্ন

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা , নলবাৰী:অলইণ্ডিয়া ডি এছ অ’ৰ উদ্যোগত আজি নলবাৰী সাহিত্য সমাজৰ ভৱনত প্ৰথম বাৰ্ষিক ছাত্ৰ সন্মিলন অনুষ্ঠিত হৈ যায়। দুপৰিয়া অংক বজাত ছাত্ৰ সংগঠনটোৰ পতাকা উত্তোলন কৰি ছাত্ৰ সন্মিলন উদ্ধোধন কৰে ডি এছ অৰ ৰাজ্যিক জিতেন্দ্ৰ চলিহাই। দেশ -বিদেশৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জনাই শ্বহীদ বেদিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৰাজ্যিক সম্পাদক প্ৰজ্জ্বল দেৱ আৰু বিশিষ্ট শিক্ষক পৰেশ দত্তই । প্ৰীয়ম শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা ছাত্ৰ সন্মিলনত প্ৰধান বক্তা হিচাপে উপস্থিত থাকি সংগঠনটোৰ ৰাজ্যিক সভাপতি জিতেন্দ্ৰ চলিহাই ভাষনত কয় যে – কেন্দ্ৰ -ৰাজ্যৰ বিজেপি চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ লেখিয়া পুঁজিপতিৰ স্বাৰ্থত শিক্ষা ব্যৱস্থা ব্যৱসায়িকৰণ তীব্ৰতৰ কৰি দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ সংকত নমাই আনিছে। ভাষন প্ৰসংগত তেওঁ জাত পাত, ধৰ্ম বৰ্ণ বিচাৰ নকৰি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সমস্যাৰ দিশত ঐক্যবদ্ধ ছাত্ৰ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। সন্মিলনত প্ৰিয়ম শৰ্মাক সভাপতি, কুশল পেগুক সম্পাদক হিচাপে লৈ আঠ জনীয়ে অল ইণ্ডিয়া ডি এছ অৰ নলবাৰী জিলা সমিতি খন গঠন কৰাৰ লগতে ১৪ জনীয়া জিলা কাউন্সিল ও গঠন কৰা হয়।

Related Articles

Leave a Reply

Close