অসমশীৰ্ষ

শুক্লাই কৰম উৎসৱৰ সামৰণি

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমকুছি:আদিবাসী জনগোষ্ঠী অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণে অসমীয়া জাতি গঠন হৈছে৷ আদিবাসী জনগোষ্ঠীৰ ছাত্ৰছাত্ৰীয়ে আজিও অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি আহিছে আৰু পিছলৈ অধ্যয়ন কৰি যাব৷ আদিবাসীক কেতিয়াও মাহী আইৰ দৃষ্টিৰে নাচাব। আদিবাসী আজিও শোষিত আৰু নিস্পেষিত৷ আদিবাসীৰ সমস্যা বুজিবলৈ কাৰো সময় নাই৷ আমাক প্ৰতাৰণা কৰা বন্ধ কৰক। এই মন্তব্য সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰ ।দুইদিনীয়া কাৰ্য্যসূচীৰে শুক্লাই জঙ্গলবস্তীত অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক কৰম উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেঁও এইদৰে ভাষন আগবঢ়ায়৷ শুক্লাই জঙ্গলবস্তী শাখা আছাৰ উদ্যোগত তথা আটাৰীখাট আছাৰ সহযোগত অনুষ্ঠিত কৰম উৎসৱত মুকলি সভা উদ্ধোধন কৰে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি টিংকু ওৰাঙে আৰু আদৰনী ভাষন আগবঢ়ায় আটাৰীখাট আঞ্চলিক সমিতিৰ সভাপতি বাবুল পাইকে৷ ওদালগুৰি জিলা আছাৰ সম্পাদক ৰবিৰাম বাস্কেৰ সভাপতিত্বত অনুষ্ঠিত সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচি পৰিষদৰ উপাধ্যক্ষ নেৰছন বড়োয়ে আদিবাসী জনগোষ্ঠীক উন্নয়ন, প্ৰগতিৰ বাবে তেঁও দৃঢ় সংকল্প বুলি কয়৷ আদিবাসী জনগোষ্ঠীক উন্নয়নৰ হকে তেঁও কাম কৰি যাব বুলি মুকলি সভাত ভাষণ আগবঢ়ায়৷ মুকলি সভাত ওদালগুৰি জিলা আছাৰ সাংগঠনিক সম্পাদক ৰবীন গোৱালা, আদিবাসী মহিলা মৰ্চাৰ সম্পাদিকা মাৰিয়াম টপ্ন,অৱসৰপ্ৰাপ্ত শিক্ষক ধন বাহাদুৰ ছেত্ৰী, প্ৰাক্তন আছা নেতা প্ৰভাত পানিকা, এবছু,আগছু,আক্ৰাছু, আছুৰ আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক উপস্থিত থাকে৷ আনহাতে দিনৰ ১বজাত বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ ৰাতিপুৱাৰ কাৰ্য্যসূচীত অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে নৰেশ্বৰ পৌড়েলে আৰু কৰম পতাকা উত্তোলন কৰে বনিৰাম গোঁড়ে৷৯বজাত আছাৰ পতাকা উত্তোলন কৰে আটাৰীখাট আছাৰ সভাপতি বিজয় মাঝিয়ে৷ ছহীদ তৰ্পন কৰে সম্পাদক বাবুল পাইকে৷ বৃক্ষৰোপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে গংগা ঢুংগেল,কমল মৈনালী,প্ৰসন্ন দাসে৷ দিনৰ ২বজাত আদিবাসী সমাজ ও সংস্কৃতিৰ ওপৰত এক আলোচনাচক্ৰ অনুষ্ঠিত হয়। আবেলি ৪বজাত আখড়া উদ্ধোধন কৰে অজয় সিং গোঁড়ে ।

Related Articles

Leave a Reply

Close