নিবন্ধশীৰ্ষসাহিত্য

শৰতৰ আগমনত কঁহুৱাৰ নাচোন

কনক ডেউৰী

শৰৎ আহে, কহুৱা ফুলে। ফিৰ ফিৰ বতাহৰ সৈতে কহুৱাই নাছে। আকাশৰ নিৰ্মলতাক কহুৱাই আৰু সুন্দৰ ৰূপত তুলি ধৰে। কহুঁৱা ফুলৰ নতুন সাজযোৰ পিন্ধি আকৌ আহিল শৰত ৷ শৰত অহাৰ লগে লগে চাৰিওফালে পৰিলক্ষিত হৈছে এক সুকীয়া পৰিবেশ ৷নিয়ৰৰ তোপাল,শেৱালি ফুলৰ সুভাষে সকলোৰে মন আনন্দময় কৰি তুলিছে ৷গছৰ কুহে কুহে শৰত অহাৰে যেন বতৰা ৷ প্ৰকৃতি শুন্দৰ ৰূপে সজাই তুলিবলৈকে যেন শৰতৰ আগমন ৷ নদীৰ বাকৰিত এতিয়া শুকুলা কহুঁৱা ফুল ৷সেউজ কাৰ্বি পাহাৰৰ পৰা নিগৰি অহা জান-জুৰি নদীৰ কাষে কাষে হালি-জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কহুঁৱা ৷ নৈৰ কাষে কাষে ফুলা এই কহুঁৱা ফুলবোৰৰ বতাহত হালি জালি যেন সৌন্দৰ্য সমাহাৰ ঘটাই অধিক সৌন্দৰ্য বৰ্ধণ কৰি তুলিছে সমগ্ৰ পৰিবেশ ৷ এই কহুঁৱাৰ ফুলৰ মনোৰম দৃশ্যয়ে যেন মানুহৰ মনলৈও লৈ আহিছে আফুৰন্ত আশা আৰু পেৰণাৰ বতৰা ৷ প্ৰকৃতিৰ অনন্য এই কহুৱাবোৰ স্বাভাৱিকভাৱেই গজি উঠে নৈ, জান, বিলৰ পাৰত। গীতৰ মাজত কহুৱাই জীপাল কৰে শৰতৰ সেই মধুৰ আৱেগসনা পৰিৱেশৰ। কিন্তু এই কহুৱাৰ নাই কোনো ব্যৱহাৰিক প্ৰয়োজন। অথচ কহুৱাবিহীন গীত, কবিতা, প্ৰকৃতিৰ ৰূপ মাদকতা কোনোটোৱেই সম্পূৰ্ণ নহয়। শেৱালি আৰু কহুলা ফুলিলেহে যেন শৰত আহে। শৰত আহিলেহে আহে দূৰ্গা পূজা। পূজা মানেই যেন আনন্দৰ সম্ভাৰ। কহুৱাৰ মায়াই সকলোকে হাত বাউলি মাতে। সেয়েহে কহুৱা আমাৰ এক অংগ হৈ পৰিছে। কোনোবাই যদি নৈৰ পৰাৰ কহুৱা হৈ উৰিব খোজে, আন কোনোবাই সেই বিনন্দীয় পৰিৱেশৰ মাজত নিজৰ মনটোক কহুৱা কোমল কৰি প্ৰেমময় পৃথিৱীত এৰি দিয়ে। বতাহত লহপহকৈ ফুলি নাচি বাগি থকা এই কহুৱাবোৰৰ মনবোৰ যেন এতিয়া অশান্ত ৷কিন্তু শৰতৰ আগমণৰ পাছতেই কহুৱা হৈ পৰে আকৌ এলাগী। আকৌ কহুৱাৰ সেই সৌন্দৰ্য্য বিচাৰিবলৈ অপেক্ষা কৰিব লাগে আন এক শৰতৰ আগমণলৈ। ৰাজ্যখনত সংঘটিত হৈ থকা প্ৰাকৃতিক দুৰ্যোগ মহামাৰী আদি নাইকিয়া হৈ কহুঁৱা ফুলৰ দৰে মানুহৰ মন বোৰো যেন হৈ পৰক নিৰ্মল আৰু শান্তিৰ এক বন্যা।

Related Articles

Leave a Reply

Close