অসমশীৰ্ষ

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ললে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী: সমগ্ৰ ভাৰতজুৰি আয়োজন কৰা “লক্ষ্য চাৰ্টিফিকেশ্যন” কাৰ্যসূচীৰ অধীনত অপাৰেশ্যন থিয়েটাৰ আৰু প্ৰসূতিৰ প্ৰতি সেৱা আগবঢ়োৱা চিকিৎসালয়ক প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে । এই কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হৈছে । এই কাৰ্যসূচীৰ অধীনত অসমৰ চাৰিখন জিলাৰ ভিতৰত নলবাৰী জিলাৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়েও এই “লক্ষ্য প্ৰমাণ পত্ৰ ” পাবলৈ সক্ষম হৈছে । নলবাৰী জিলাৰ অসামৰিক চিকিৎসালয়ে ইয়াৰ অপাৰেশ্যন থিয়েটাৰৰ সুব্যৱস্থা আৰু চিকিৎসালয়খনলৈ অহা প্ৰসূতি মহিলাৰ প্ৰতি আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে ” লক্ষ্য চাৰ্টিফিকেট ” পাবলৈ সক্ষম হৈছে । যোৱা ১৫ ছেপ্টেম্বৰত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক উমেশ ফাংচুৰ হাতত আনুষ্ঠানিকভাৱে এই “লক্ষ্য প্ৰমাণ পত্ৰ” প্ৰদান কৰে । নলবাৰীৰ অসামৰিক চিকিৎসালয়খনে “লক্ষ্য প্ৰমাণ পত্ৰ ” পোৱাত জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে চিকিৎসালয়খনৰ সংশ্লিষ্ট চিকিৎসক তথা অন্যান্য বিষয়ববীয়াক অভিনন্দন তথা ধন্যবাদ জনাইছে । তেওঁ আশা প্ৰকাশ কৰে যে অসামৰিক চিকিতসালয়খনে আগলৈও এইদৰে উৎকৃষ্ট সেৱা আগবঢ়াই যাব । ইফালে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী তথা চিকিৎসালয় খনিৰ সভাপতি চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাইও চিকিৎসালয় কৰ্তৃপক্ষক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলো বিষয়া, চিকিৎসক, ফাৰ্মাচিষ্ট , নাৰ্ছ, কৰ্মচাৰী সকলে দুগুণ উৎসাহেৰে কামত ব্যস্ত হোৱাৰ আহ্বান জনায়।