অসমশীৰ্ষ

হিন্দু যুৱকে মুছলিম বিধবা মহিলাক পলুৱাই আনি ৰাইজৰ ৰোষত

প্ৰথম খবৰ ,নলবাৰী:নলবাৰীত শনিবাৰে নিশা সংঘটিত হল এক তীব্ৰ প্ৰতিক্ৰিয়ামুলক ঘটনা । জিলাখনৰ এলেংগীদল কুমাৰপাৰাৰ হৰেণ কুমাৰ (৩৮) নামৰ এজন লোকে স্বামী হাৰা মহিলা এগৰাকীক পলুৱাই আনি ৰাইজৰ ৰোষত পৰে । শাক পাচলিৰ ব্যৱসায় কৰা যুৱকজনে তেওঁৰ পত্নীৰ মৃত্যু হোৱাৰ অচিলাৰে জিলাখনৰ খাতিকুছিৰ এগৰাকী মহিলাক ভুৱা পৰিচয় দি দীৰ্ঘদিন ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল । নিজকে চাইদুল বুলি পৰিচয় দি স্বামী হাৰা মহিলা গৰাকীৰ সতে প্ৰেম নিবেদন কৰি অবশেষত এগৰাকী কনমানি সন্তান সহ মহিলা গৰাকীক পলুৱাই অনাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে । প্ৰেমিক হৰেণ কুমাৰ ওৰফে চাইদুলৰ ভাগ্য বেয়া আছিল । মহিলা গৰাকীক পলুৱাই লৈ আহি কুমাৰপাৰাৰে এটা পৰিয়ালত ৰাখিছিল।পিছে পৰিয়ালটোত ৰখাই নহয় যোৱা নিশা স্থানীয় সূৰ্য্য শীলৰ ঘৰত কৌশলেৰে থাকিব লয় যদিও অসংযত অৱস্হাত ৰাইজে প্ৰত্যক্ষ কৰে। এই কথা ৰাষ্ট্ৰ হৈ পৰাত স্থানীয় একাংশ যুৱকে এক অভাবনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে সাধাৰণ লপা থপা দি আৰক্ষীক খবৰ দিয়াত প্ৰকৃত ঘটনা পোহৰলৈ আহে । মহিলা গৰাকীৰ অভিযোগ – নিজকে চাইদুল বুলি ভুৱা পৰিচয় দি তেওঁক পলুৱাই লৈ আহিছে। অৱশেষত আৰক্ষীয়ে দুয়োকে আটক কৰি নিশাই নলবাৰী থানালৈ নিয়ে ।

Related Articles

Leave a Reply

Close