অসমশীৰ্ষ

২১০ জন কৃষকক এক হাজাৰ গছপুলি প্ৰদান

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা , নলবাৰী:নলবাৰী জিলাৰ সৰিয়হতলিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ কাৰ্যালয় প্ৰাংগনত আজি ভাৰত চৰকাৰৰ কৃষি আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত বৃক্ষৰোপনৰ ওপৰত সজাগতা সভা আৰু সমুহীয়া বৃক্ষৰোপন আঁচনিৰ উদ্বোধনী অনুষ্ঠান হৈ যায়। ভূমি বিজ্ঞানী ডঃ মানসী চক্ৰৱৰ্তীয়ে উদ্দেশ্য বাখ্যা কৰা সভাত মুখ্য অতিথি হিচাপে স্থানীয় বিধায়ক অশোক শৰ্মা, জিলা কৃষি বিষয়া প্ৰণৱ শইকীয়া ,জিলা কৃষি বিভাগৰ সহকাৰী সঞ্চালক হেমন্ত কলিতা সহ কেন্দ্ৰটোৰ সমূহ বিজ্ঞানী,এপাৰ্ট নলবাৰী শাখাৰ সদস্য সকল উপস্থিত থাকে। সভাত ভাষন ৰাখি বিধায়ক অশোক শৰ্মাই কয় যে সম্প্ৰতি গছপুলি ৰোপন অতি প্ৰয়োজন হৈছে। সেইকাম মাথো চৰকাৰী বিভাগে নহয় প্ৰতিজন নাগৰিকেও কৰা দৰকাৰ বুলি দোহাৰে। তদুপৰি গছ গছনি, প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰতাৰ সম্পৰ্কেও ভাষনত প্ৰকাশ কৰে। সভাত আদৰণি ভাষনত কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ডঃ মৃদুল ডেকাই কয় যে গছ গছনি থাকিলেহে মানৱ সভ্যতা থাকিব।লগতে বৰ্তমান বতৰৰ পৰিবৰ্তনৰ কথাও বিশদ ভাবে দাঙি ধৰে। সভাৰ শেষত কৃষি বিজ্ঞান কেন্দ্ৰটোৰ চৌহদত সমূহীয়া কৈ বৃক্ষৰোপন কাৰ্যসূচীটো উদ্বোধন কৰে বিধায়ক অশোক শৰ্মাই। এই কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ২১০ জন পুৰুষ মহিলা কৃষকৰ মাজত এক হাজাৰ গছপুলি বিতৰণ কৰা হয়।

Related Articles

Leave a Reply

Close