অসমশীৰ্ষ

ৰঙামাটিত ইটা ভৰ্তি ডাম্পাৰ বাগৰী ঠিতাতে এজনৰ মৃত্যু

প্ৰথম খবৰ,বাদুলিপাৰা,পাৰ্থপ্ৰতীম বৰুৱা:ৰাতিপুৱা প্ৰায় ৮ মান বজাত গোলাঘাট জিলাৰ বাদুলিপাৰৰ সমিপৱৰ্তী ৰঙামাটি বাগিচা অঞ্চলত সংঘঠিত হয় এক চাঞ্চল্যকৰ ঘটনা।ডাম্পাৰৰ চকা বদলি কৰোতেই সংঘঠিত হৈছিল ঘটনাটো।প্ৰাপ্ত খবৰ অনুশৰি জানিব পৰা গৈছে যে ৰঙামাটিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী গোপাল পুৰুহীতৰ পুত্ৰ ললিত পুৰুহীত(শৰ্মা)ৰ AS03 BC-4275 নম্বৰৰ হালধিয়া ৰঙৰ মিনি ডাম্পাৰ খনত ইটা ভৰ্তি কৰি থোৱা আছিলে,তেনেতে ডাম্পাৰ খনৰ চকা বিজুতী হৈ থকা দৃষ্টি পৰিলে ডাম্পাৰৰ চালক মেহবুব আলিৰ আৰু ততাতৈয়াকৈ এটা জেকৰ সহায়ত বিজুতী হৈ থকা চকাটো খোলে।”ভাগ্যৰ লিখন কোনে খণ্ডাব” হঠাৎ গাড়িখনত সংযোগ কৰা জেকটো পিছলি যায় আৰু লগে লগে ইটা ভৰ্তি ডাম্পাৰ খন চালক মেহবুব আলিৰ (৩০)শৰীৰৰ ওপৰতে পৰি মৃত্যুক আকোঁৱালি ললে।প্ৰত্যক্ষ দৰ্শীয়ে জনোৱা মতে স্থানীয় ৰাইজ আৰু মালিক পক্ষৰ তৎপৰতাত পৰিয়ালক শান্তনা দিয়াৰ স্বাৰ্থত মেহবুবক উদ্ধাৰ কৰি দেৰগাঁওস্থিত ধেমাজি চৰকাৰী চিকিৎসালয়লৈ লৈ যায় যদিও নীয়ম অনুশৰি মৃত ব্যক্তিজনক মৰনোত্তৰ পৰিক্ষাৰ বাবে যোৰহাট চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ পিতৃ,পত্নী সহ এটি ডেৰ বছৰীয়া শিশু আৰু এটি ৬ বছৰীয়া শিশুক এৰি থৈ যায়।ঘটনা স্থলিৰ পৰা দেৰগাঁও থানাৰ যান বাহন নিয়ন্ত্ৰন শাখাই দুৰ্ঘটনা সংঘঠিত ডাম্পাৰ খন লৈ যায়।ডাম্পাৰখনৰ মালিক পক্ষই মৃত কৰ্মচাৰী পৰিয়ালক কেনেদৰে সহায়ৰ হাত আগবঢ়াই সেইয়াহে হব লক্ষ্যনীয়।

Related Articles

Leave a Reply

Close