অসমবিনোদন

ৰঙিয়াত একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন

ৰঙিয়াত পোন প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিক একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন

প্ৰথম খবৰ ৰঙিয়া ২৫ ছেপ্টেম্বৰঃ ৰাজ্যত অভিনয় প্ৰতিভাৰ উত্তৰণ লগতে সুপ্ত নাট্য প্ৰতিভাৰ বিকাশৰ উদ্দেশ্য আগত ৰাখি ৰঙিয়াত পোন প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে একক অভিনয় প্ৰতিযোগিতা । সঙ্গীত গ্ৰুপ অফ ক্ৰিয়েশ্বনৰ বেনাৰত ৰঙিয়াৰ বিশিষ্ঠ সংস্কৃত পণ্ডিত, জ্যোোতষী তথা কৃতি শিক্ষক বাাণেশ্বৰ শৰ্মাৰ সোৱৰণত আয়োজন কৰা এই একক অভিনয় প্ৰতিযোগিতা অহা বছৰ শিল্পী দিৱসৰ দিনা অৰ্থৎ ১৭ জানুৱাৰীত শুভাৰম্ভ কৰা হব বুলি উদ্যোক্তা সকলৰ তৰফৰপৰা পংকজ পল্লব শৰ্মা আৰু ৰঞ্জন উপাাধ্যায় জানিবলৈ দিয়ে ।এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বয়সৰ কোনো সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। ইচ্ছুক শিল্পী সকলক বিতং তথ্যৰ বাবে ৯৯৫৪২ ৯৩৬৬৮ নাইবা ৯৬৭৮৭ ৬৬১৫৮ ফ’ন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈৈছে । উল্লেখ্য এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ৰাজ্যৰ এগৰাাকী বিশিষ্ট শিল্পীক বাণেশ্বৰ শৰ্মা সোঁৱৰণী জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হব। প্ৰতিযোগিতাত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিল্পী সকলক চলচিত্ৰ আৰু অসমীয়া ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ প্ৰদান কৰা হব বুলি উদ্যোক্তা সকলৰ তৰফৰপৰা জনোৱা হৈছে ।

Related Articles

Leave a Reply

Close