অসমশীৰ্ষ

ৰঙিয়া ৰেল ডিভিজনত বৈঠক: শীঘ্ৰেই মঙলদৈ সোমাব ৰেলৰ মানচিত্ৰত

প্ৰথম খবৰ ৰঙিয়া ১২ ছেপ্টেম্বৰঃ অচিৰেই ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত হব মঙলদৈ চহৰ। এই সন্দৰ্ভত সকলো জৰীপ সম্পন্ন হৈছে। আজি ৰঙিয়াত এই কথা সদৰি কৰে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি ৰঙিয়াত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ ৰেল উন্নয়ন সন্দৰ্ভত সাংসদ সকলৰ এক উচ্চস্তৰীয় বৈঠকৰ অন্তত মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই সাংবাদিক সকলৰ আগত এই কথা সদৰি কৰে। ইতিমধ্যে বৰপেটা চহৰ লগতে তীৰ্থ নগৰী হাজোও ৰেলৰ মানচিত্ৰত সোমোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বৰপেটাৰ সাংসদ আব্দুল খালেকে আজি বৈঠকৰ জৰিয়তে এই প্ৰস্তাৱ পুনৰবাৰ ৰেলৱে বোৰ্ডলৈ প্ৰেৰণ কৰে। তেওঁ কয়, তীৰ্থ নগৰী হাজো ৰেলৰ মানচিত্ৰত স্থান লাভ কৰিলে হাজো দেশৰ ভিতৰত অন্যতম তীৰ্থ স্থান লগতে পৰ্যটনস্থলী হিচাপে গঢ়ি উঠিব। ৰেলৱে মান্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত পৌৰহিত্য কৰে উত্তৰ পূৱ সীমান্ত ৰেলৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়ে। বৈঠকত ৰঙিয়া ৰেল স্টেচনত সকলো ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰা, শিক্ষা সংস্কৃতিৰ অন্যতম পীঠস্থান নলবাৰী ৰেল ষ্টেচনত দক্ষিণ ভাৰত অভিমুখে যোৱা সকলো দূৰনীবটিয়া ৰেল ৰখোৱাৰ ব্যৱস্থা কৰা, অসমত যাত্ৰীবাহী ৰেলৰ সংখ্যা বৃদ্ধি, ৰেল স্টেচন সমূহৰ স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান, ভূটানলৈ ৰেল পথ সম্প্ৰসাৰন, নাহৰলগুন- নতুনদিল্লী এ ছি এক্সপ্ৰেছ মুৰ্কংছেলেকলৈ সম্প্ৰসাৰন আদি সন্দৰ্ভত বিতং আলোচনা কৰা হয় ।আলোচনাৰ বিষয়বস্তু সমূহ মহা প্ৰৱন্ধকৰ জৰিয়তে ৰেলৱে বোৰ্ডলৈ প্ৰেৰণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হয়। মঙলদৈ সাংসদ দিলীপ শইকীয়াই ৰাজ্যৰ ৰেল ব্যৱস্থা উন্নীতকৰণ সন্দৰ্ভত বিজেপি সহ বিভিন্ন দল সংগঠনে দিয়া ৮ খন স্মাৰকপত্ৰ মহা প্ৰৱন্ধকৰ হাতত অৰ্পণ কৰে। বৈঠকত মুলত ৰেল সন্দৰ্ভত ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ সমূহ সাংসদ সকলে ৰেলৱেৰ উচ্চ পদস্থ বিষয়াৰ আগত দাঙি ধৰে। বৈঠকত সাংসদ দিলীপ শইকীয়া, আব্দুল খালেকৰ উপৰিও, তেজপুৰৰ সাংসদ পল্লব লোচন দাস, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা লগতে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে নিজ নিজ সমষ্টিৰ ৰেলৰ অভাৱ অভিযোগ সন্দৰ্ভত মতামত ব্যক্ত কৰে। বৈঠকত ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকাৰ, অতিৰিক্ত মাণ্ডলিক প্ৰৱন্ধক সন্তোষ কুমাৰ শৰ্মা, উত্তৰ পূৰ্ব সীমান্ত ৰেলৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া সুভানন চন্দা, জন সম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য , মুখ্য বাণিজ্যিক প্ৰবন্ধক অনীত দুলত, প্ৰিন্সিপাল চীফ অপাৰেছন মেনেজাৰ উৎপল পৰ্ণা হাজৰিকা, মুখ্য নিৰাপত্তা আয়ুক্ত তথা আৰক্ষী মহা পৰিদৰ্শক বি বি মিশ্ৰ সহ ৰঙিয়া ৰেল সংমণ্ডলৰ সকলো উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে । এই বৈঠক উপলক্ষে সাংসদ সকলে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয় চৌহদত বৃক্ষৰোপন কৰে।

Related Articles

Leave a Reply

Close