অসমশীৰ্ষ

ৰহাত প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ(পিএমকেএমৱাই) সজাগতা সভা

প্ৰথম খবৰ,ৰহা বুলন চন্দ্ৰ নাথ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষুদ্ৰ আৰু উপান্ত কৃষক সকলৰ ভবিষ্যতৰ কল্যাণ আৰু সুৰক্ষাৰ কথা চিন্তা কৰি ১৪ বছৰৰ পৰা ৪০ বছৰ বয়সলৈ আৰম্ভ কৰা ” প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ” ( প্ৰধানমন্ত্ৰী কৃষাণ মান- ধন যোজনা)এখন সজাগতা সভা আজি ৰহা উন্নয়ন খণ্ডৰ সভাগৃহত অনুষ্ঠিত হয় । যোৱা ৯ আগষ্টৰ পৰা আৰম্ভ কৰা আঁচনি খনৰ সজাগতা সভাখন উদ্ধোধন কৰে ৰহা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাস্কৰ বৰবৰাই । কৃষি বিভাগৰ ৰহা মহকুমা কৃষি বিষয়াৰ (আত্মা) কাৰ্যালয়ৰ ৰহা উন্নয়ন খণ্ডৰ কৃষি প্ৰযুক্তি ব্যবস্হাপনা অভিকৰণৰ উদ্যোগত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কৃষি বিভাগৰ ‘ ব্লক টেকনিকেল মেনেজাৰ ‘ ৰেখা মনি চেতিয়াই । সভাত মোদী চৰকাৰে আৰম্ভ কৰা বিভিন্ন আঁচনিৰ ব্যাখ্যা কৰে ৰহা আঞ্চলিক পঞ্চায়তৰ সভাপতি যতীন শইকীয়াই , কৃষি সম্পসাৰণ সহায়ক বাবুল বৰুৱা আৰু এগ্ৰি- বি.টি.এম.ৰেখামণি চেতিয়াই কৃষকৰ পেঞ্চন আঁচনিৰ বিভিন্ন দিশ আৰু কৃষকে পাব পৰা সুবিধা সমূহৰ আলোচনা কৰে । চি.এচ.চি. হৈ সভাত অংশগ্ৰহণ কৰা সাংবাদিক বুলন চন্দ্ৰ নাথে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ সহায়ৰ বাবে আৰম্ভ কৰা ” ই ডিষ্ট্ৰিক প্ৰটেল” ৰ কামৰ তালিকা ডাঙি ধৰি ৰাইজে কেনেকৈ সহজে নিজ অঞ্চলতে এই কামৰ সুবিধা পাব পাৰে সেই বিষয়ে আলোচনা কৰে আৰু’ কমন চাভিৰ্চ চেন্টাৰ’ত কি কি সুবিধা আছে ,কেনেকৈ সেই সুবিধা লব পাৰে তাৰো আলোচনা কৰে । কৃষি বিভাগৰ ‘সহ প্ৰযুক্তি পৰিচালক’ নিহাৰিকা দেৱীকে ধৰি প্ৰায় শতাধিক অঞ্চলটোৰ কৃষকে সজাগতা সভাখনত অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close