অসমশীৰ্ষ

ৰহাৰ পহুপুৰীত মহিলাৰ অংকীয়া ভাওনা, কুৰুক্ষেত্ৰ সমৰত ” মহিলাৰ যুদ্ধ ।

প্ৰথম খবৰ ,বুলন চন্দ্ৰ নাথ, ৰহা:পবিত্ৰ ভাদ মাহৰ ভৰপক।অসমৰ নামঘৰে নামঘৰে প্ৰতিদিনেই হৰিনামৰ লহৰ। এই পবিত্ৰ ভাদ মাহৰ উপলক্ষে ৰহাৰ দীঘলদৰিৰ কাষত থকা পহুপুৰিত মহিলাসকলে কালি মঞ্চস্থ কৰিলে অংকীয়া ভাওনা ‘কুৰুক্ষেত্ৰ মহাসমৰ’। গাওঁ খনৰ জীয়ৰী – বোৱাৰীহতে শংকৰী কলা-সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াসৰ চেষ্টা কৰি প্ৰায় এমাহৰ আগতে আৰম্ভ কৰিছিল নাটমেলা কাৰ্য্য । প্ৰাক্তন শিক্ষক তথা বিশিষ্ট শংকৰী শিল্পী যদুকান্ত নাথৰ নেতৃত্বত আৰম্ভ হল আখৰা । প্ৰতিদিনেই গাঁৱৰ নামঘৰত জীয়াৰী – বোৱাৰীয়ে মেখেলা চাদৰৰ ওপৰত ককালত টঙালি বান্ধি পুৰুষৰ বেশত নাচিলে ,বিলাপ – পয়াৰৰ কৰুন সুৰত আউৰালে বচন । পহুপুৰি মহিলা সমাজৰ দ্বাৰা পহুপুৰি নামঘৰত কালি দিনতে পৰিবেশন কৰা হয় এই অংকীয়া ভাওনা। এই লৈ পুৱাৰে পৰা অঞ্চলটোত দেখিবলৈ পোৱা গ’ল এক উখল মাখল পৰিবেশ। গায়ন বায়নৰ বৰধেমালী – সৰুধেমালীৰ খোল তালৰ মাজত ৰজনজনাই গ’ল চৌদিশ। দুপৰীয়া দুই বজাৰ পৰা অনুষ্ঠিত হোৱা এই কুৰুক্ষেত্ৰ মহাসমৰত কোনোবাগৰাকী হৈছে যুধিষ্ঠিৰ, কোনোবাগৰাকী হৈছে ভীম ,অৰ্জুন নাইবা দুৰ্যোধন। পুৰুষৰ দৰেই অভিনয় কৰিলে মহিলাসকলে। মহিলাসকলৰ অভিনয় চাবলৈ দৰ্শকে ভিৰ কৰিলে পহুপুৰি নামঘৰ আৰু মহিলাসকলৰ অভিনয় চাই আপ্লুত হ’ল দৰ্শকসকল। যুদ্ধৰ বাজানা ,বিলাপ ,পয়াৰৰ কৰুন সুৰ প্ৰতিধ্বনিত হৈছিল কলঙৰ বুকুত ,অঞ্চলটোলৈ নমাই আনিছিল অন্যএক মাদকতা । মহিলাই পুৰুষৰ বেশত খোল তালৰ চেৱে -চেৱে সাজি- কাঠি নাচি নাচি পুৰুষ দৰ্শকক দিছিল অবিমল আনন্দ । কলঙৰ পাৰত থকা নামঘৰৰ বাজনাৰ শব্দই প্ৰতিধ্বনিত হৈ বাহনি আৰু কলঙৰ বুকুত তুলিছিল এন্য এক সুৰৰ ধ্বনি ।

Related Articles

Leave a Reply

Close