অসমশীৰ্ষ

ৰহাৰ সমাজ কল্যাণ বিভাগৰ ” ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতা সমদল ,বাটৰ নাট

প্ৰথম খবৰ , বুলন চন্দ্ৰ নাথ, ৰহা:সমাজ কল্যাণ বিভাগত যোৱা ১ চেপ্তেম্বৰৰ পৰা চলি থকা ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি ৰহাত উলিওৱা হয় এক বৃহৎ সজাগতা সমদল। তিনি শতাধিক অংগনৱাডী কৰ্মী সহায়িকাই হাতে হাতে বেনাৰ প’ষ্টাৰ লৈ ৰহা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ পৰা এই সমদল উলিয়াই সমগ্ৰ ৰহা চহৰ পৰিভ্ৰমণ কৰে। লগতে শিশু প্ৰসূতিক নিয়মীয়া যত্ন ল’বলৈ আহ্বান জনাই অংগনৱাডী কৰ্মীসকলে শপত বাক্যও লয়। ইপিনে এই সজাগতা সমদলৰ লগত সংগতি ৰাখি ৰহা নতুন চাৰিআলিত এখন বাটৰ নাটো প্ৰদৰ্শন কৰে অংগনৱাডী কৰ্মীসকলে। সজাগতা সমদলত কৰ্মী, সহায়িকাৰ লগত ৰহা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পংকজ বৰা ; খণ্ড সমন্বয়ক মানস প্ৰতিম শৰ্মা বৰুৱা, খণ্ড প্ৰকল্প সহায়ক পৰিক্ষীতা পাঠক, আৰু মুখ্য সেৱীকা সকলে অংশগ্ৰহণ কৰে । সমদল কাৰী সকলে বাল্যবিবাহ বন্ধ কৰক , বেজৰ চিকিৎসা বন্ধ কৰক , প্ৰসূতি মাতৃক সেৱা কৰক , শিশু শ্ৰমিক বন্ধ কৰক আদি শ্লোগানেৰে ৰহাৰ আকাশ বতাহ মুখৰিত কৰি তুলে।

Related Articles

Leave a Reply

Close