অসম

ৰাভা হাছঙৰ পুঁজিৰে ৰূপায়ণ কৰিৱলগীয়া আঁচনিৰ দ্বাৰকাত আধাৰশিলা

প্ৰথম খবৰ, দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী, ১২ছেপ্টেম্বৰ :-

গোৱালপাৰা জিলাৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত দ্বাৰকা পৰিষদীয় সমষ্টিত ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰূপায়ণ কৰিৱলগীয়া দুটা আঁচনিৰ আধাৰশিলা আজি একেদিনাই স্হাপন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হৰিশ চন্দ্ৰ ৰাভাই। কাৰ্যবাহী সদস্য গৰাকীয়ে আজি প্ৰথমে দ্বাৰকা আঞ্চলিক আৰছুৰ কাৰ্যালয় চৌহদত পাচ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিৱলগীয়া শৌছাগাৰ গৃহৰ আধাৰশিলা স্হাপন কৰে। অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কনিষ্ঠ অভিযন্তা মনদ্বীপ ৰাভা, নিখিল ৰাভা ছাত্র সন্হাৰ আলোচনী সম্পাদক জয়চন্দ্ৰ দাবাং, গোৱালপাৰা জিলা আৰছু বিষয়ববীয়া থানেশ্বৰ পামৰ লগতে দ্বাৰকা আঞ্চলিক ৰাভা ছাত্র সন্হা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী কমিটিৰ সভাপতি-সম্পাদকৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে। আধাৰশিলা অনুষ্ঠানৰ আঁত ধৰে দ্বাৰকা আঞ্চলিক আৰছুৰ উপ-সভাপতি জয়ন্ত ৰাভাই। উক্ত আঁচনিৰ আধাৰশিলা স্হাপনৰ পিছতেই মজাইপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত পৰিষদৰ চলিত বিত্তীয় বৰ্ষৰ আবন্তিত পাচ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগীয়া মজাইপাৰা আঞ্চলিক ৰাভা কৃষ্টি সন্মিলনৰ সাংস্কৃতিক সভাগৃহৰ আধাৰশিলা স্হাপন কৰে। আধাৰশিলা অনুষ্ঠানত উপস্থিত ৰাইজৰ আগত ভাষণ দি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে চলিত বিত্তীয় বৰ্ষত দ্বাৰকা পৰিষদীয় সমষ্টিৰ প্ৰথম আঁচনি ৰূপায়ণ হিচাবে দ্বাৰকা আঞ্চলিক ৰাভা ছাত্র সন্হা আৰু ৰাভা মহিলা পৰিষদৰ উমৈহতীয়া কাৰ্যালয়ৰ চৌহদত নিৰ্মাণ কৰিবলগীয়া শৌচাগাৰ টোৱে এক বহু দিনীয়া ৰাজহুৱা অভাৱ পূৰণ কৰিব পাৰিব। আনহাতে মজাইপাৰাত প্ৰতিটো বছৰতে আয়োজিত ৰাভা কৃষ্টি সন্মিলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সভাগৃহৰ অভাৱ এইবেলি নিৰ্মাণ কৰিবলৈ লোৱা সাংস্কৃতিক সভাগৃহ খনে দূৰ কৰিবলৈ সমৰ্থ হৱ। দুয়োটা আঁচনিৰ গুণগত মানদণ্ড সঠিক ৰূপত ৰূপায়ণ কৰাৰ বাবে কাৰ্যবাহী সদস্য গৰাকীয়ে আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত স্থানীয় দল সংগঠনৰ লগতে সংশ্লিষ্ট সকলোলৈকে সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Close