গল্পশীৰ্ষসাহিত্য

ICU ৰ অনুভূতি

         স্ৰীতি কাশ্যপ

ICU লৈ গ’লে মানুহবোৰ সাহসী হয় চাগে… কৃত্ৰিম উপায়বোৰে উশাহবোৰ গৰম কৰিব খোজে কাৰণে নেকি?
নাজানো।
ICU বাহিৰত যে ৰৈ থকা আপোন মানুহবোৰ — তেওঁলোকৰ বাবে চিকিৎসকৰ পৰা অহা এটাই সৰল উত্তৰ — কাম কৰিছে দৰৱে।সঁহাৰি দিছে শৰীৰটোৱে। responding medicines.. The patient..

ৰোগীজনৰ শৰীৰটো জীৱিত থাকে।
কেনেকৈ? হৃৎপিণ্ডৰে নে মগজুৰে?

আবেলি ভঙাগড়ৰ general ICU বাহিৰত ৰৈ থাকোতে দেখিলো চৰাইবোৰ বাহলৈ ঘূৰি যোৱা। তাতো, মেডিকেল কলেজ হাসপাতালৰ সিফালৰ পাহাৰবোৰত বাহ আছে, চৰাইৰ। তাতে জীৱনে পাহি মেলে সিহঁতৰ। কণ কণ বোৰে ডাঙৰ হৈ বাৰু একেটা পাহাৰতে বাহ সাজেনে?
সন্মুখেদি ষ্ট্ৰেচাৰত এটা জ্বলি যোৱা দেহ পাৰ হৈ হ’ল।
Burn case.. অপেক্ষা ৰত ICU ৰ ৰোগীবোৰৰ আত্মীয়, বন্ধুৰ মুখেৰে বাগৰি গ’ল পানী এজোলোকা সাউৎকৈ কচুপাতেদি নিমজকৈ সৰি পৰাৰ দৰে।
মোৰ কলিজাটো আৰু ডাঠ হৈ গ’ল। সৰুতে বেজিটো লৈ ৰৈ থকা মাহঁতৰ সৰু ডিস্পেন্স্যাৰী খনৰ compounder জনক শত্ৰুৰ শাৰীত থৈ নিশ্চিন্তে থকা কণমানি মইজনী ক্ৰমে নিষ্ঠুৰ হৈ আহিছিলো।নহ’লেনো car accident ত যে মানুহহালৰ মৃত্যু হৈছিল থিতাতে , সিহঁতৰ মৃত শৰীৰবোৰ মোক যে দেখুৱাবলৈ নিয়া হৈছিল– মানুহজন অ নহয়, মানুহজনৰ শৰীৰটো তেতিয়াও গাড়ীতে বহি আছিল। বহি আছিল মানুহে মৃতদেহটো উলিয়াব নোৱাৰা হোৱা বাবেহে। তেতিয়া মোৰ সন্মুখত মানুহজনে খুব আৰামৰ ভংগীৰে বহি আছিল আৰু সদায়েই দুপৰীয়া এবাৰ ঘৰলৈ আহি সংগ দিয়া তেওঁৰ পত্নী মাটিত শুই আছিল। কোনে যে মোক ধৰি লৈ গৈছিল শৰীৰকিটাৰ ওচৰলৈ। হাত দুখন লগলগাই দিছিল। মোৰ শেষ শ্ৰদ্ধা জনাবলৈ মই পাহৰি গৈছিলো। হয়টো সেইবোৰ ঘটনা, দুৰ্ঘটনা, জীৱন কঢ়া কথাবোৰ মোৰ বাবে তেতিয়াও তেনেই অপূৰঠ আছিল। তাৰপাছত কতবাৰ যে ICU ৰ বাহিৰত ৰৈ থাকিলো ! বহুকাৰণত।প্ৰতিবাৰেই বুকু কাঠ হৈ পৰাত সহায় হ’ল। মৃত্যুৰ খবৰৰ অপেক্ষাত থকাৰ সহায়। হৃদয় বোৰ ভাঙি নপৰাকৈ থব লাগে। আত্মীয়, বন্ধু সকলোৰে মৃত্যুৰ খবৰ আহিব পাৰে। ICU ত থাকি হাৰি যোৱা শৰীৰবোৰৰ।

আজি ভাৰতীক চাবলৈ আহি সন্মুখেদি পাৰ হোৱা সেই পোৰা শৰীৰটো — কিমান percent বা? মোৰ স’তে থকা জুনুমা বাইদেৱে কৈ উঠাত এটা পোৰা দেহে খোজকাঢ়ি আহি থকা যেন লাগিল—- অহেতুক ধাৰণা।

১০ নং patient ICU ৰ ভাৰতী। সোমাই গলো। চকুৰে বাকীবোৰ নম্বৰক নাচাই ১০ নম্বৰলৈ পোনে পোনেই গৈ ভৰি পতানত থিয় হলো। oxygen। মুখত মাস্ক লৈ মোলৈ চাই থকা ভাৰতীৰ মণিটৰটোৱে কাম কৰি আছে। সুহুৰীয়াই পাৰ হৈছে ৰেখাবোৰ।আৰু ডাক্টৰ , নাৰ্চক কৈ আছে lifeline is running. হৈ থাকক তাইৰ হৃদয়ৰ কম্পন এনেকৈ। কংকালসাৰ ভাৰতীৰ হাতখন উঠি আহিব খুজিলে কঁপি কঁপি। মোৰ দুহাতত সোমোৱাই তাইৰ কম্পিত কিন্তু দৰদী হাতত আশ্বাস দিলো। কিহৰ আশ্বাস মই নুবুজিলো, কিন্তু মোৰ চকুৰ মণিত পূৰ্বৰ ভাৰতীক ভাঁহি থকাটোলৈ চাই তাই সোনকালেই সেই ভাৰতী হ’ব বুলি দিয়া আশ্বাস হয়টো। মোৰ আশ্বাসত আশ্বস্ত হোৱা তাই কৈ উঠিল — ঘৰলৈ নিবলৈ কৈছো মোক। আপোনাৰ ভাল নে? Oxygen musk ৰ ভিতৰেদি ভাঁহি অহা শব্দ – আৰু মোৰ চকুৱে তাইৰ ৰোগত জৰ্জৰিত, আক্ৰান্ত শৰীৰটো খুটিয়াই চাই থাকি সুধিলো- কেনে দেখিছা? তাই মোৰ কঁপাললৈ চকু দি আছিল। চন্দনৰ ফোঁটটো তেতিয়াও আছিল — পোৱা উপাসনাৰ সময়ত লোৱা। কওঁ নেকি — তোমাৰ কাৰণেও ভাবিছিলো চাকি জ্বলাওঁতে। নাই তাইৰ স’তে কিদৰে কথাৰ মহলা মাৰো? তাই ঘৰলৈ যোৱাৰ পাছত ঘৰত লগ ধৰি কথা পাতিম বুলি কৈ ওলাই আহোঁতে ৮ নং বিচনাৰ ৰোগীজনৰ অনিয়মীয়া কম্পন নে নিষ্কম্প বুকুখনত চকু পৰিল। মণিটৰৰ সেই অনিয়মীয়া, অনিশ্চুক মাতৰ গতি। ভয়হীন মই ৰোগীজনৰ মুখলৈ চালো। এজন ডেকা ল’ৰা। ক’ৰ বাৰু? কি হৈছিল? Duty ত থকা নাৰ্চক কওঁনেকি? কিন্তু খুব নিশ্চিন্তে চকু মুদি পৰি থকা ৰোগীজনক তেনেকৈয়ে এৰি ওলাই আহিলো।মনত পৰিল ভাৰতীৰ কাষৰ মুণ্ডন কৰা শিৰৰ ৰোগীগৰাকীলৈ। তেওঁ আমাৰ কথাবোৰ শুনি আছিল। মানে সুষ্ঠ হৈ উঠিছে নেকি তেওঁ? উঠক , সুষ্ঠ হৈ ICU ৰ পৰা ওলাই আহক। ভাৰতীও আহিব এদিন। ২২ দিন ICU ত থাকি তাইৰো আমনি লাগিছে।
ICU বোৰলৈ গ’লে দেখা কৰিবলৈ যোৱা ৰোগীৰ কাষৰ জন নোহোৱা হৈ থাকে, কেতিয়াবা হঠাতে ষ্ট্ৰেচাৰত উঠি আহে তেজে তুমৰলি একোজন।
বাহিৰত থাকে অন্তহীন খুদুৱনি লৈ কিছুমান অসহায় অন্তৰ। মোৰ হৃদয় কঁপিবলৈ এৰিছে আকষ্মিক কথা, কাণ্ডত।কিন্তু আশা আছে। নীড়মুখী চৰাইবোৰ যেনেকৈ পাহাৰ, ভৈয়াম সকলোতে ওভতে যোৱা বাটে, তেনেকৈয়ে ICU ৰ মণিটৰৰ শব্দত ওভতিবই ওভটিব সকলোবোৰ ভগ্ন, ৰুগ্ন আৰু পোৰা মানুহৰ জীয়া শৰীৰ।
ভাৰতীও আহিব, তাইৰ শৰীৰৰ ঘাঁ, post operational infection বোৰ শুকাই যাব। বাকীবোৰৰ কথা, পৃথিবীত, এই মূহূৰ্তত যুঁজি থকা ICU ৰ ৰোগীবোৰ আৰু তেওঁলোকক জীয়াই ৰাখিবলৈ চলি থকা সঁজুলিবোৰ আৰু চিকিৎসক, নাৰ্চৰ কথাবোৰ নজনাকৈ থাকিম।
নাজানিলে মোৰ হৃদয়খন কমকৈ সাহসী হ’ব।

Related Articles

Leave a Reply

Close