অসমবিনোদনশীৰ্ষ

অসমত ছুপাৰষ্টাৰ এজনেই, ‘ৰত্নাকৰ’ৰ সফলতাৰ আঁৰতো তেওঁ

প্ৰথম খবৰ ব্যুৰ’:
অসমত ছুপাৰষ্টাৰ এজনেই৷ কৰো বুলিলেই চিনেমা ছুপাৰহিট কৰিব পাৰে৷ কৰো বুলিলেই তেওঁ প্ৰতিটো প্ৰজন্মক আন্দোলিত কৰি ৰাখিব পাৰে দীৰ্ঘকাল৷ একো নকৰিলেও কেৱল মাত্ৰ গীতৰেই সন্মোহিত কৰি ৰাখিব পাৰে লক্ষ লক্ষজনক৷ তেওঁ আন কোনো নহয়৷ তেওঁ জুবিন গাৰ্গ৷ অন্ত:ত বেলেগে স্বীকাৰ নকৰিলেও জনপ্ৰিয় অভিনেতা যতীন বৰাইও স্বীকাৰ কৰিবলৈ বাধ্য হ’ল- জুবিন গাৰ্গ এটা সাহসৰ প্ৰতীকৰ নাম৷ জুবিন গাৰ্গৰ মিছন চাইনাৰ পৰাই ডাঙৰ ছবি নিৰ্মাণৰ উৎসাহ পাইছিল যতীন বৰাই৷ ৰত্নাকৰ ছবিৰ প্ৰমোচনৰো ফৰ্মূলা লৈছিল জুবিন গাৰ্গৰ পৰাই৷

ফটো সৌজন্য ফেচবুক
দেওবাৰে যতীন বৰাই ৰঙিয়াৰ গল্ড ছবিগৃহত উপস্থিত হৈ দৰ্শকৰ সৈতে মত বিনিময় কৰিলে৷ তাতেই যতীন বৰাৰ ধন্যবাদ জুবিন গাৰ্গক৷ আনকি, ৰত্নাকৰ ছবিখনত উপহাৰ দিয়া জুবিন গাৰ্গৰ গীত আজি সকলোৰে মুখে মুখে৷ ৰত্নাকৰ ছবিখনৰ সফলতাই প্ৰমাণ কৰিলে জুবিন গাৰ্গৰ জনপ্ৰিয়তা৷

ফটো সৌজন্য ফেচবুক
অৱশ্যে টীম ৰত্নাকৰেও অলেখ কষ্ট কৰিছে ছবিখনক আগুৱাই নিয়াৰ বাবে৷ ৰত্নাকৰৰ প্ৰথম দিনৰ বক্স অফিচ কালেকশ্যন 41 লাখ টকা, দ্বিতীয় দিনাৰ কালেকশ্বন 49 লাখ আৰু দেওবাৰৰ দিনটোতো উপাৰ্জনে 50 লাখৰ ঘৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে৷

Related Articles

Leave a Reply

Close