অসমশীৰ্ষ

আইনগত অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰক দুমাহৰ সময়সীমা নিৰ্ধাৰণ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ

প্ৰথম খবৰ,পঙ্কজ নাথ, চাংসাৰি:সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ৰাজ্যিক নেতৃত্বই অসমৰ মুঠ ৩৮২৩৮ গৰাকী সুলভ মূল্যৰ দোকানীক আইনগত অধিকাৰ প্ৰদানৰ বাবে যোৱা ১০ অক্টোবৰ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু খাদ্য মন্ত্ৰী ফণীভূষণ চৌধুৰীক পৃথকে পৃথকে একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷ বিগত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা “ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন- ২০১৩“ৰ অধীনত ৰাজ্যৰ মুঠ ২৫৬০০০০০ গৰাকী হিতাধিকাৰীক দোকানী সকলে বিভিন্ন ঘাট- প্ৰতিঘাটৰ মাজেৰে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে যদিও ৰাজ্য চৰকাৰৰ পৰা আইনগতভাৱে পাব লগীয়া কমিচন তথা প্ৰকৃত মৰ্য্যদা প্ৰাপ্তিৰ পৰা চৰকাৰী পঞ্জীয়ণভূক্ত দোকানী সকল বঞ্চিত হৈ থাকিব লগা হৈছে ৷ আনহাতে দোকানী সকলে আইনগতভাৱে Advance payment পাব লাগে যদিও আজি পৰ্য্যন্ত চৰকাৰে দিব পৰা নাই ৷ ইয়াৰ লগতে Door Step Delivery পোৱাৰ ক্ষেত্ৰতো ৰাজ্যৰ বহু কেইখন জিলা বঞ্চিত হৈ থাকিব লগা হৈছে ৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পৰা চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ যোগান হ্ৰাস কৰাৰ লগতে কেৰাচিন তেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ ফলত দোকানী সকলৰ ওপৰিও দুখীয়া হিতাধিকাৰী সকল সমস্যাত পৰিব লগীয়া হৈছে ৷ বিশেষ ৰাজ্যৰ মৰ্য্যদা পোৱা অসমৰ দোকানী সকলে আইনগতভাৱে নিৰ্দ্ধাৰিত কমিচন প্ৰতি কুইন্টলত ১৪৩ টকাকৈ পাব লাগে যদিও ৰাজ্য চৰকাৰে সমবায় বিভাগক সাৰ-পানী যোগান ধৰাৰ নামত দোকানী সকলৰ পৰা প্ৰতি কুইন্টলত ৪২·৯০ টকাকৈ কৰ্তন কৰি সম্প্ৰতি ১০০·১০ টকাকৈ অনিয়মীয়াভাৱে কমিচন যোগান ধৰি আৰ্থিক সংকটৰ সৃষ্টি কৰিছে বুলি সন্থাই স্মাৰক পত্ৰত অভিযোগ উত্থাপন কৰিছে ৷ আনহাতে প্ৰস্তাৱিত ডি বি টি ব্যৱস্থা বলৱৎ হ‘লে ৰাজহুৱা বিতৰণ ব্যৱস্থাটোৱেই সম্পূৰ্ণ ৰূপে বন্ধহৈ যোৱাৰ আশংকাই দেখা দিছে ৷ যোৱা ১০ অক্টোবৰত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰহৈ এটি প্ৰতিনিধি দলৰ সদস্য ক্ৰমে ৰাজ্যিক সমিতিৰ উপদেষ্টা বিষ্ণু দাস,সভাপতি ধৰণীধৰ বৰা,সাধাৰণ সম্পাদক হৰিনাৰায়ণ দত্ত,সম্পাদক ধৰ্ম্মেশ্বৰ বৰা আৰু বিত্ত সম্পাদক আছাৰুল হকে লাঞ্চিত, বঞ্চিত আৰু প্ৰতাৰিত দোকানী সকলৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু খাদ্য মন্ত্ৰী ফণীভূষণ চৌধুৰীক সাক্ষাত কৰি বিভিন্ন সমস্যা সামাধানৰ দাবী উত্থাপনেৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উক্ত স্মাৰক পত্ৰৰ জড়িয়তে চেনীৰ যোগান ধৰা,নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী নূন্যতম সমৰ্থন মূল্যত সুলভ মূল্যৰ দোকানীৰ জড়িয়তে ৰাইজক যোগান ধৰা, সকলো জিলাতে আটা যোগান ধৰা ব্যৱস্থা সু নিশ্চিত কৰা, ৰাজ সাহাৰ্য্যযুক্ত কেৰাচিন তেলৰ যোগান অব্যাহত ৰখা, পূৰ্বৰ বকেয়া ধন আদায় দিয়া, কমিচন বৃদ্ধি কৰা, দোকানী সকলৰ মাহিলী উপাৰ্জনৰ আয়ৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰা, যোগান নিগম ব্যৱস্থা কাৰ্য্যকৰী কৰি সুলভ মূল্যৰ দোকানীলৈ খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰাৰ ওপৰিও ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, হোজাই, বি টি এ ডি, কামৰূপ, কাৰ্বি আংলং আদি জিলা সমূহৰ বিভিন্ন সমস্যা সমাধানৰ লগতে ৰাজ্যৰ সমূহ দোকানীক বেঙ্ক একাউন্টৰ জড়িয়তে কমিচন দিবলৈ দাবী জনাই ৷ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধি দলৰ পৰা দুয়ো গৰাকী মন্ত্ৰীয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি স্মাৰক পত্ৰত উল্লেখিত দাবী সমূহ বিচাৰ- বিবেচনাৰ মাধ্যমেৰে অতি সোনকালে পূৰণৰ ব্যৱস্থা কৰা হ‘ব বুলি আস্বাস প্ৰদান কৰিছে যদিও সন্থাই চৰকাৰক দাবী পূৰণৰ শেষ সময়সীমা অহা নৱেম্বৰ মাহলৈকে নিৰ্দ্ধাৰণ কৰি দিয়ে ৷ অহা নৱেম্বৰৰ আগতে চৰকাৰে চূড়ান্ত সিদ্ধান্ত নিদিলে অথবা উত্থাপিত দাবী সমূহ কাৰ্য্যকৰী নকৰিলে অনাগত সময়ত সন্থাই সমগ্ৰ ৰাজ্যযুৰি বৃহৎ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ লগতে চাউল উত্তোলন আৰু বিতৰণৰ পৰা বিৰত থাকিব বুলি সন্থাৰ নেতৃবৰ্গই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close