অসমশীৰ্ষ

আউলাচৌকা আঞ্চলিক দূৰ্গাপুজাৰ বুঢ়ীগোসানী থানত শিল্পী সম্বৰ্ধনা

প্ৰথম খবৰ,মঙলদৈ:আউলাচৌকা আঞ্চলিক দূৰ্গাপুজাৰ বুঢ়ীগোসানী থানত বিগত বৰ্ষৰ দৰে এইবাৰো স্বৰ্গীয় হৰকান্ত দেৱ শৰ্মা সোৱঁৰণী শিল্পী সম্বৰ্ধনা সভাখনি পূজা মণ্ডপত অনুষ্ঠিত হয়৷সভা সঞ্চালনা কৰে ভ্ৰাম্যমাণ নাট্যজগতৰ শিল্পী তুলশী শইকীয়া ই৷সভাত ব্যাহৰ ওজা শিল্পী ৰমণী মোহন শৰ্মাক এইবাৰ স্বৰ্গীয় হৰকান্ত দেৱ শৰ্মা সোৱঁৰণী সম্বৰ্ধনা আগবঢ়োৱা হয় ৷সভাত পূজা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি পুস্প কলিতা ,দ্বাৰম বাৰ্তালোচনী ৰ সম্পাদক গৌতম শৰ্মাৰ প্ৰাক্তন সভাপতি শৈলেন্দ্ৰ শৰ্মা অৱসৰী শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ ভাগৱতীকে ধৰি কেবাজনো সমাজ কৰ্মী উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close