অসমশীৰ্ষসাহিত্য

আচাৰ্য পংকজ পাঠকৰ বিশেষ লেখা

ৰাতিপুৱাই অলপ ধৰ্মৰ কথা লিখিলোঁ । পঢ়িব পাৰিলে জীৱনত কামত আহিব ।

চাৰি গোত্ৰ , চাৰি উদ্দেশ্যে , চাৰি যুগ আৰু চাৰি বেদ

আমাৰ সকলোৰে শেষ destination হল পৰমেশ্বৰৰ লগত বিলীন হৈ যোৱাৰ । যাক আমি ব্ৰাহ্মণ হোৱা , ব্ৰহ্মত্ত পোৱা বা মুক্তি পোৱা বুলিও কওঁ ।।

পৰমেশ্বৰক পোৱাৰ বাবে যিটো পথ আছে , সেইটোকে ‘ধৰ্ম ‘ বুলি বুলি কয় ।

এই ধৰ্মপথেৰে গলে আমি 4 খন খটখতি পাম । সেই খটখতি 4 খনক গোত্ৰ বুলি কয় ।

সেই খটখতি খনৰ প্ৰথম গোত্ৰ বা প্ৰথম খলপটোৰ খনৰ নাম হল শূদ্ৰ

দ্বিতীয় হল বৈশ্য

তৃতীয় ক্ষত্ৰীয়

আৰু চতুৰ্থ ব্ৰহ্মত্ত বা ব্ৰাহ্মণ

যত প্ৰথম খোজটো দিম বা আৰম্ভ কৰিম  সেই খলপটোৰ নাম শূদ্ৰ
আৰু শেষৰটো হল ব্ৰাহ্মণ বা ব্ৰহ্মত্ত ।
ব্ৰাহ্মণ হল মানে এই ব্ৰহ্মাণ্ডত আপুনি সকলো জ্ঞানৰ অধিকাৰী হল আৰু আপুনি ভগৱানৰ লগত মিলিত হৈ গল ।

এই চাৰিটা গোত্ৰক সহজ ভাষাত আজিকালি মানুহৰ জীৱনৰ উদ্দেশ্য কৰ্ম , অৰ্থ , ধৰ্ম আৰু মোক্ষ বুলি কয় ।

অৰ্থাৎ

যেতিয়া এজন মানুহে ধৰ্মৰ বিষয়ে একো নাজানে , সেই সময়ত তেওঁ নিজৰ নৈতিক কৰ্ম কৰি যাব লাগে ।

সেই কৰ্মৰ দ্বাৰা উপাৰ্জিত পুণ্যক অৰ্থ বুলি কয় ।

শূদ্ৰ হৈ সকলোৰে জন্ম হয় । জন্ম সূত্ৰে তেওঁ একো নাজানিলেও নিজৰ কৰ্মৰ গুণ অনুসৰি আগুৱাই গৈ পূণ্য অর্জন কৰি বৈশ্য গোত্ৰত বা দ্বিতীয় খলপটো পায় ।

বৈশ্য গোত্ৰত  খলপটো পিছত তেওঁ যদি ক্ৰমান্বয়ে আগুৱাই যাব পাৰে , তেন্তে তেওঁ ক্ষত্ৰীয় হয় ।

ক্ষত্ৰীয় খলপটো পাৰ হৈ ব্ৰহ্মত্ত বা ব্ৰাহ্মণ হব পাৰে । কিন্তু এই খলপটো পাৰ কৰা সকলোৰে বাবে সম্ভৱ নহয় । কাৰণ জীৱনৰ আচল যুদ্ধখন এই খলপটোতে আৰম্ভ হয় ।

প্ৰকৃতি প্ৰদত্ত তিনিটা গুণ সাত্বিক , ৰাজসি আৰু তামচি এই তিনিতাই মানুহক কৰ্ম কৰিবলৈ বাধ্য কৰায় । এজন মানুহৰ প্ৰতিটো কৰ্মক এই তিনিটা ভাগত শ্ৰেণীবিভাজন কৰি হিচাপ কৰে বিধাতাই ।

কিন্তু যেতিয়া আপুনি ক্ষত্ৰীয় হয় , তেন্তে আপোনাৰ গাত এই তিনিটা গুণৰ যি প্ৰভাৱ আছে অৰ্থাৎ আপুনি এই তিনিটা গুণে আপোনাক প্ৰকৃতিৰ দাস কৰি থৈছে , সেই তিনিটা গুণক কাটিব লাগিব ।

ক্ষ = মানে হল কটা

ত্ৰিয়= তিনিটা

এই তিনিটা গুণক কটা মানে এই সংসাৰত আপুনি প্ৰকৃতিৰ দাস নহয় আৰু প্ৰকৃতিয়ে আপোনাক কোনো কৰ্মত বাধ্য কৰাব নোৱাৰে । আপুনি কেৱল ঈশ্বৰৰ দাস হয় ।

এই তিনিটা গুণৰ পৰা উৎপত্তি হয় 101  টা বাধ্যতা বা দোষ ।  যাক কৌৰব বুলি কয় । যেতিয়া ক্ষত্ৰীয় হয় , তেতিয়া এই বাধাবোৰক কাটি আগুৱাই যাব লাগে । এই বাধাবোৰ নিজৰ শৰীৰত নিহিত হৈ থাকে । যাৰ বাবে অৰ্জুনে সমস্ত কৌৰৱক নিজৰ ভাই-ককাই , পিতামহ আদি দেখিছিল ।

101 টা দোষক শৰীৰৰ পৰা  কাটিব  লাগে । এই 101 টা দোষৰ প্ৰধান হল দুৰ্যোধন ।

দুৰ্যোধন মানে হল দূষিত ধন । অৰ্থাৎ পাপ কৰ্ম কৰি উপাৰ্জন কৰা ধনকেই দূষিত ধন বা দুৰ্যোধন বুলি কোৱা হয় ।

এই 101 টা দোষক আপুনি তেতিয়ালৈকে মাৰিব নোৱাৰিব , যেতিয়ালীকে পিতামহ ভীষ্ম জীয়াই থাকিব ।

পিতামহ ভীষ্মৰ ইচ্ছা মৃত্য হৈছিল ।

অৰ্থাৎ এই 101 টা দোষৰ ৰজা দূষিত ধন হলেও এই সকলোবোৰ নিৰ্ভৰ কৰে ইচ্ছাৰ ওপৰত । যিদিনা ইচ্ছাৰ মৃত্যু হব , সেইদিনা বাকী সকলো দোষ আঁতৰ হব শৰীৰৰ পৰা নিজে নিজে ।।

সেইবাবেই কৃষ্ণই background ত দেখুৱাইছিল । হে অৰ্জুন , তুমি এখোজ আগুৱাই যোৱা । তুমি কেৱল আগুৱাই যোৱা । এইবোৰ তো নিজে নিজেই মৰিব । কেৱল ইচ্ছাৰ মৃত্য হব লাগে । বাকীবোৰক যদিও তুমি মাৰিছা , কিন্তু আচলতে সিহঁতক মই মাৰি আছোঁ ।

অৰ্থাৎ যেতিয়া ইচ্ছাৰ শেষ হয় , তেতিয়া শৰীৰৰ পৰা সমস্ত দোষ আঁতৰ হয় নিজে নিজে ।

ক্ষত্ৰীয়ৰ খলপটো পাৰ হৈ ব্ৰাহ্মণ হোৱা বা ভগৱানৰ লগত মিলিত হোৱাৰ মাজৰ বাধা ইচ্ছা । ইচ্ছা সকলোৰে পিতামহ আছিল । ইচ্ছা এৰি দিলে সকলো নিজে নিজে ধ্বংস হব ।

এই ক্ষত্ৰীয়ৰ খলপটোক সাধাৰণ ভাষাত ধৰ্ম বুলি কৈছে । এইতো পাৰ হলেই মোক্ষ বা মুক্তি পায় ।

ইয়াকেই চাৰি গোত্ৰ অনুসৰি ভগাই দিছে ।

শূদ্ৰ= কৰ্ম

বৈশ্য =অৰ্থ

ক্ষত্ৰীয়=ধৰ্ম

ব্ৰাহ্মণ= মোক্ষ

সেই অনুসৰি এজন মানুহৰ জীৱনত চাৰিটা যুগ থাকে ।

ইয়াত আজিৰ জাতি প্ৰথাৰ কোনো মিল নাই ।

যেতিয়া আপুনি একো নাজানে অৰ্থাৎ জন্ম হৈছে ,

 তেতিয়া আপুনি শূদ্ৰ হয় আৰু আপুনি কলিযুগী ।

অলপ জানিলে  বা অলপ ধাৰ্মিক অৰ্থ উপাৰ্জন কৰিলে  আপুনি দ্বাপৰ যুগী

তাৰ দেওনা পাৰ কৰিলে আপুনি ক্রেতা যুগী হব । অৰ্থাৎ শ্ৰী ৰামচন্দ্ৰৰ দৰে আপুনি সকলো ত্যাগ কৰিব বনত যাব লগা হবও পাৰে ।
এইখন একেই অৰ্জুনৰ যুদ্ধৰ দৰে ।

সেইখন যুদ্ধ পাৰ হলে মোক্ষ পোৱা যায়।  অৰ্থাৎ আপুনি সত্যযুগী হল ।

সত্যযুগী হোৱা মানে আপুনি স্বৰ্গ ৰাজ্যত বাস কৰা বা সোণৰ ৰাজ্যত বাস কৰা বুজোৱা নাই ।

সত্যযুগী মানে যত প্ৰকৃতিৰ সুখ-দুখঃ কোনো কথাৰে প্ৰভাৱ আপোনাৰ ওপৰত নপৰে । যেতিয়া প্ৰকৃতিৰ সুখ দুখঃ একোৱে আপোনাক লৰাব নোৱাৰে , তেতিয়া আপুনি সত্যযুগী হয় ।

এই কেইটা যুগ এজন মানুহৰ শৰীৰত এটা জীৱনত বিৰাজমান হব পাৰে । মাথোঁ সেই মানুহজনে ভগৱানক পোৱাৰ সেই খটখতি খনত উঠিব লাগিব আৰু আগবাঢ়ি যাব লাগিব। ।

এই ভগৱানক পোৱা সত্য পথটোক সনাতন বুলিও কোৱা হয়।  সনাতন পথ বা সনাতন ধৰ্মত সকলো আত্মাই যিটো পথ

অনুসৰণ কৰিলে ভগৱানৰ বা পৰমেশ্বৰৰ লগত বিলীন হব পাৰে , সেই পথটোক সনাতন ধৰ্ম বুলি কয় ।

এই পথত নছলি যদি মানুহে নিচ কৰ্ম কৰে , তেতিয়া অধম যোনীত জন্ম লয় ।
যদি সেই পথত চলি আগুৱাই গৈ থকাত মৃত্য হয় , তেন্তে আকৌ ভগৱানে পুনৰজন্ম কৰি দি সেই পথটো যত আধৰুৱা হৈছিল , তাতেই আকৌ আনি ঠিয় কৰাই দিয়ে । সেইবাবে কিছুমান শিশু জন্মসূত্ৰে ধাৰ্মিক হয় আৰু সকলো শাস্ত্ৰতে অতি কম সময়তে পাৰ্গত হয় ।

কেতিয়াবা খুব উশৃংখল পিতৃ মাতৃৰ সন্তানো বহুত ধাৰ্মিক এই বাবেই হয়।

এইখিনিত আমি বুজি পালো যে আমি যিবোৰ শুনি আছোঁ বা আমাক যিবোৰ শুনাই আছে , সেইবোৰ সকলো মিছা।

জাত পাতৰ সৃষ্টি ভগৱানে কৰা নাই আৰু গোত্ৰৰ বিষয়ে নতুনকৈ যি বিৱৰণ দিব ধৰিছে , সেইবোৰো মিছা ।

গোত্ৰ সনাতন ধৰ্মত মানুহে খাদ্য উপাৰ্জনৰ বাবে কৰা  কামৰ কথা কোৱা নাই কেতিয়াও । গোত্ৰ কেৱল ভগৱানক পোৱাৰ যি  চাৰিখন খটখতি আছে , সেই কেইখনক পাৰ কৰাৰ যি ব্যৱস্থা ভাগ কৰি দিছে , তাকেই কৈছে ।

সেই অনুসৰি ব্ৰহ্মাৰ চাৰিখন মুখেৰে জ্ঞানৰ পাঠ হৈছিল আৰু বেদৰ ৰূপ লৈছিল ।

ব্ৰহ্ম বা ব্ৰহ্মা মানে হল জ্ঞান ।সনাতন ধৰ্মৰ পথত চলিবলৈ যিবোৰ জ্ঞান লাগে , সেইবোৰেই বেদত আছে।
সেয়েই চাৰি যুগ , চাৰি গোত্ৰ , চাৰিটা উদ্দেশ্য আৰু ব্ৰহ্মাৰ চাৰিখন মুখ ।

এইবোৰ পূজা কৰা বস্তু নহয় । জীৱনত অধ্যয়ন কৰি জীৱনত ব্যৱহাৰ কৰা বস্তু ।

সুপ্ৰভাত সকলোকে ।

Related Articles

Leave a Reply

Close