অসমবিনোদন

আন্ত:ৰাষ্ট্ৰীয় নৃত্য প্ৰদৰ্শনীত উজলিল দুধনৈ নৃত্যকলা একাডেমীৰ শিল্পী

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, ১৪ অক্টোবৰ

শাৰদীয় উৎসৱৰ মাজতে দুধনৈৰ নৃত্যকলা একাডেমী” ৰ শিল্পীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰি উজলি উঠিবলৈ সক্ষম হৈছে। ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হোৱা “আন্তঃৰাষ্ট্ৰীয় বহু ভাষিক নৃত্য-সঙ্গীত মহোৎসৱ-২০১৯” ত চাৰিটাকৈ শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় দুধনৈৰ “নৃত্য কলা একাডেমী” শিল্পী দলটিয়ে ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এই মহোৎসৱত  ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা যোৱা প্ৰতিযোগিৰ উপৰিও শ্ৰীলংকাৰ কলম্বো, মালয়ছিয়া, থাইলেণ্ড আদিৰ পৰা অহা প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত দুধনৈস্থিত “নৃত্য কলা একাডেমীৰ” সাংস্কৃতিক দলটিয়ে অংশগ্ৰহণ কৰি সফলতা লাভ কৰি দুধনৈৰ লগতে অসমৰ নাম  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে শিল্পী দলটিয়ে উক্ত প্ৰতিযোগিতাত লোকনৃত্য, ভাৰত নাট্যম আৰু লঘু শাস্ত্ৰীয় সংগীত নৃত্যৰ যৌথ আৰু একক শাখাত প্ৰতিযোগিতাত অংশ কৰি আটাইবোৰ শাখাতে নৃত্যত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় বুলি নৃত্য কলা একাডেমীৰ অধ্যক্ষা ইলোৰা ৰয় দাসে প্ৰকাশ কৰে ৷ উৎল্লেখনীয় যে ইয়াৰ পূৰ্বেও নৃত্যকলা একাডেমীৰ শিক্ষাৰ্থী সকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিছিল। শিল্পী দলটিত অংশগ্ৰহণ কৰিছিল ক্ৰমে-শতাব্দী ৰায় দাস, ননিমা ৰাভা, ডেইজী বৰা হাটো,সাক্ষী শৰ্মা,একিউনা এন চাইন, দীক্ষা বসুমতাৰী চয়নিকা খাখলাৰী, আৰু জ্যোতিস্মিতা হাজং৷ 

Related Articles

Leave a Reply

Close