অসমশীৰ্ষ

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ দুই সন্তান

প্ৰথম খবৰ:নেপালৰ কাঠমাণ্ডুত পঞ্চায়তী যুৱ ক্ৰীড়া সন্থাৰ দ্বাৰা অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০১৯ ৰ বেডমিণ্টন পুৰুষ শাখাত দ্বিতীয় বাৰৰ বাবে স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছে শিৱসাগৰৰ অৰিন্দম কাকতি আৰু গুৱাহাটীৰ বিতু দাস৷দিল্লীত অনুষ্ঠিত হোৱা বাছনি প্ৰক্ৰিয়াত এই অসমৰ দুইজন খেলুৱৈ অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰি বাছনি হৈছিল আন্তঃৰাষ্ট্ৰীয় খেল খনৰ বাবে৷ অসমৰ এই দুই সু সন্তানে কাঠমাণ্ডুত হোৱা প্ৰতিযোগিতা খনত অৰিন্দমে নেপালৰ খেলুৱৈক ২১-০৯ আৰু বিতু দাসে বাংলাদেশৰ খেলুৱৈক ২১-১৬ ৰ ব্যৱধানত পৰাস্ত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷শিৱসাগৰৰ অনিল কাকতি আৰু অপৰাজিতা কাকতিৰ সুযোগ্য সন্তান অৰিন্দম কাকতি আৰু গুৱাহাটী উলুবাৰীৰ তপন দাস আৰু সৰস্বতী দাসৰ সুযোগ্য সন্তান বিতু দাসৰ সাফল্যত সকলো এতিয়া গৌৰাৱাম্বিত হোৱাৰ লগতে সকলোৱে এই ধাৰা অব্যাহত ৰাখি অসমৰ বাবে আৰু সন্মান কঢ়িয়াই অনাৰ আশা কৰিছে৷

Related Articles

Leave a Reply

Close