অসম

উত্তৰ গুৱাহাটী শিলসাকোঁৰ আউনীআটী কমল দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ কৰ্তন, প্ৰতিক্ৰিয়া

পঙ্কজ নাথ, চাংসাৰি, ১৩ অক্টোবৰ :

দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ এই আপ্তবাক্য শাৰী এতিয়া প্ৰতিপন্ন হৈছে উত্তৰ গুৱাহাটীত । বৃটিছৰ আমোলত প্ৰতিষ্ঠা হোৱা অসমৰ তিনিখন হাইস্কুলৰ অন্যতম উত্তৰ গুৱাহাটীৰ এ কে ইনষ্টিটিউছনে মৃত্যুৰ ক্ষণ গণিছে দুই পক্ষৰ মনোমালিন্যৰ বাবে । বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ অধ্যক্ষাৰ মাজৰ দীৰ্ঘদিনীয়া যুঁজৰ বাবে ডেৰশ বছৰ গৰকা ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ পৰা উঠাই দিয়া হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰ । অসমৰ প্ৰাচীনতম বিদ্যালয় সমূহৰ ভিতৰত অন্যতম বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ বাবেই পৰীক্ষা কেন্দ্ৰ উঠাই নি উত্তৰ গুৱাহাটীৰেই ৰংমহল হাইস্কুলত সংলগ্ন কৰা হৈছে ।আউনীআটী কমলদেৱ ইনষ্টিউছনৰ অধ্যক্ষা চাৰুলতা কলিতাৰ বিৰুদ্ধে স্বৈৰাচাৰিতাৰ অভিযোগৰে পৰিচালনা সমিতিয়ে বিগত দুটা বৰ্ষত বিনষ্ট কৰিছে শৈক্ষিক পৰিবেশ । ইফালে অধ্যক্ষা চাৰুলতা কলিতায়ো বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে আনিছে সীমাহীন অভিযোগ । অভিযোগ প্ৰতি অভিযোগৰ মাজত এতিয়া পণবন্দী হৈ পৰিছে ইয়াৰ শিক্ষাৰ্থীসকল । ঐতিহ্যমণ্ডিত এ কে ইনষ্টিটিউছনৰ পূৰ্বৰ শিক্ষাৰ্থী বৰ্তমান জাপান ,আমেৰিকাৰ অভিযন্তা কিন্তু বিদ্যালয়খনৰ চৰম নৈৰাজ্যৰ বাবে আন বিদ্যালয়লৈ খোজ দিবলৈ বাধ্য হৈছে বৰ্তমানৰ শিক্ষাৰ্থী । এতিয়া এই সময়ত বিদ্যালয় পৰিদৰ্শকৰ সিদ্ধান্ত চেন্টাৰ টো ৰংমহল হাইস্কুলৰ লগত সংলগ্ন কৰাত ডেৰশ বছৰীয়া ইতিহাস সমৃদ্ধ এ কে ইনিষ্টিটিউছন খনৰ মৃত্যুৰ দিন সমাগত বুলি উত্তৰ গুৱাহাটীৰ সচেতন মহলত এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close