অসমশীৰ্ষ

উপ নিৰ্বাচনত কোটিপতি কোন? দুখীয়া প্ৰাৰ্থী কোন?

গুৱাহাটী, প্ৰথম খবৰ:

উপ-নিৰ্বাচনত কংগ্ৰেছৰ দুয়োজন চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীয়েই কোটিপতি। সোণাৰিৰ সুশীল চূড়ীৰ সম্পত্তিৰ পৰিমাণ ১.৪৪ কোটি। তেওঁৰ পৰিবাৰ এখন ক্ষুদ্ৰ চাহ বাগিছাৰো মালিক। ৰঙাপৰাৰ কাৰ্তিক কুৰ্মীৰ সম্পত্তিৰ পৰিমাণ ১.০২ কোটি টকা। সোণাৰিৰ বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ো কোটিপতি। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.১৩ কোটি টকা। এই উপ-নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থীজন ৰঙাপৰাৰ বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰ। তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১.৪৮ কোটি টকাৰ। প্ৰায় ৭৫,৫১০ টকাৰ সম্পত্তিৰে জনিয়াৰ নিৰ্দলীয় প্ৰাৰ্থী সুভাষ সূত্ৰধাৰ উপ-নিৰ্বাচনৰ আটাইতকৈ দৰিদ্ৰ প্ৰাৰ্থী। নিৰ্বাচনী প্ৰাৰ্থীৰ সম্পত্তিৰ এই হিচাপো চৰ্চিত সংবাদ মাধ্যমত৷
তথ্য সৌজন্য- প্ৰাণজিত শইকীয়া

Related Articles

Leave a Reply

Close