শীৰ্ষসাহিত্য

উৰুখা পঁজাত সোণোৱালী সপোন

ড° বুলজিৎ বুঢ়াগোহাঁই:

হিৰন্ময় গগৈ আৰু পৰী ৰাজখোৱাৰ ‘উৰুখা পঁজাত সোণোৱালী সপোন’ নামৰ কিতাপখন সকলো শ্ৰেণীৰ পাঠকৰ বাবে উপযোগী৷ এই কিতাপখন পঢ়ি যিসকলে হতাশাত ভুগিছে, জীৱনৰ গতিপথত আগবাঢ়িবলৈ বাট বিচাৰি পোৱা নাই, তেওঁলোক
বিশেষভাৱে উপকৃত হ’ব৷ কিতাপখনত থকা লেখাসমূহ হ’ল – আৰ্থিক অভাৱ হেঙাৰ হ’ব পাৰে নেকি? সুখ ক’ত বিচাৰি পাম? সময় আৰু পৰিস্থিতিয়ে আমাৰ জীৱন সলনি কৰে; মানুহক আকৰ্ষিত কৰাৰ কৌশল; এটা চহকী জীৱনৰ অভিমুখে যাওঁ আহক; Recharge Every Day; Intellectual Companionship; Active and Passive Income; The investor in you; Red ocean and Blue ocean strategy; Physical and Mental Fitness; Clean your subconscious mind; Emotional Intelligence আদি৷ কিছুমান লেখাৰ শিৰোনাম যদিও ইংৰাজীত আছে যদিও বৰ্ণনাবোৰ অসমীয়াতে আছে৷ লেখাবোৰত বাস্তৱ জীৱনৰ উদাহৰণবোৰ সুন্দৰকৈ দাঙি ধৰিছে৷

‘উৰুখা পঁজাত সোণোৱালী সপোন’ কিতাপখন এই বছৰৰ ছেপ্তেম্বৰ মাহত প্ৰকাশ পাইছে আৰু আগ্ৰহীসকলে এমাজন (www.amazon.in)ৰ পৰা অনলাইনযোগে কিনিব পাৰিব৷ যোগাযোগৰ নম্বৰ হ’ল ০৯১০১৯২৬৯৩৪৷ এনে এখন সুন্দৰ কিতাপ সমাজলৈ আগবঢ়াই দিয়া বাবে জি কে কে গ্ৰুপ প্ৰতিষ্ঠাৰ নেতৃত্ব দিয়া তথা উদ্যোগী, লেখক আৰু ডিজিটেল মাৰ্কেটাৰৰূপে পৰিচিত
হিৰন্ময় গগৈ (www.hironmoygogoi.com) আৰু পৰী ৰাজখোৱাক ধন্যবাদ জনাইছোঁ৷

Related Articles

Leave a Reply

Close