অসমশীৰ্ষ

ওদালগুৰিত এনডিএ এফ বিৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

শান্তি আলোচনাৰ স্বাৰ্থত ৰঞ্জন দৈমাৰীৰ মুক্তিৰ আহ্বান

প্ৰথম খৱৰ ,গুনজিৎ দাস,ওদালগুৰি:এন ডি এফ বিৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ওদালগুৰিত থকা সংগঠনটোৰ প্ৰতিটো গোটৰ শিৱিৰতে পালন কৰে।ওদালগুৰিৰ সোনাই গাওত থকা এন ডি এফ বি(আৰ) ৰ ডেজিগনেটেদ কেম্পত দিনজোৰা কাৰ্যসুচীৰে পালন কৰা হয় সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসটো। এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ অবিহনে আয়োজিত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ ৰাতিপুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰে এন ডি এফ বি(আৰ)ৰ সাধাৰন সম্পাদক বি অঞ্জালুৱে। পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পনো কৰে সাধাৰন সম্পাদক গৰাকীয়ে। স্হানীয় ৰাইজৰ উপস্হিতিত অনুস্হিত প্ৰতিষ্ঠা দিৱসৰ ভাষনত সাধাৰন সম্পাদক গৰাকীয়ে বড়োজাতিৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম খনৰ সৈতে জড়িত হৈ বলিদান দিয়া শ্বহীদ সকলক শ্ৰদ্ধাৰে সোৱৰন কৰি সংগঠনটোৰ প্ৰতিষ্ঠাৰ তাৎপৰ্য বাখ্যা কৰে। ইপিনে সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ লগতে তিনিগৰাকী শীৰ্ষ নেতা কাৰাৰুদ্ধ হৈ থকা অৱস্হাত তেওলোকৰ অনুপস্হিত প্ৰতিষ্ঠা দিৱসটো পালন কৰিব লগা হোৱাত নেতা গৰাকীয়ে নিজৰ ভাষনত দুখ প্ৰকাশ কৰে । পিছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত শান্তি আলোচনাৰ প্ৰসংগ উত্থাপন কৰি এন ডি এফ বিৰ সাধাৰন সম্পাদক গৰাকীয়ে কয় যে শান্তি আলোচনা সঠিক দিশত আগবাঢ়িছিল যদিও সম্প্ৰতি সেই আলোচনা স্হবিৰ হৈ আছে। শান্তি আলোচনা আগবঢাই নিয়াৰ স্বাৰ্থত এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ কৰা মুক্ত কৰাৰ বাৱে যাৱতীয় ব্যৱস্হা গ্ৰহণ কৰিবলৈ উভয় চৰকাৰৰ প্ৰতি নেতা গৰাকীয়ে আহ্বান জনায়। ইপিনে ধীৰেন বড়োৰ নেত্ৰিত্বত এন ডি এফ বি(প্ৰ) ৰ আন এটা গেট নতুনকৈ গঠন কৰা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত আৰৰ নেতা গৰাকীয়ে বিভাজনে বড়োসমস্যা সমাধান নহয় বৰঞ্চ বাধাগ্ৰস্থ হে কৰিব বুলি মন্তব্য কৰি বড়োজাতিৰ সমস্যা সমাধানৰ স্বাৰ্থত সকলোকে একত্ৰিত হবলৈ আহ্বান জনায়। দুপৰীয়া ১২-০০ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা।মুকলি সভাত মুখ্যঅতিথি হিচাপে উপস্হিত থাকে শ্বহীদ ডি খাউলাৰ কনিষ্ঠ ভাত্ৰি দুলন দৈমাৰীয়ে।

ইপিনে এন ডি এফ বি (প্ৰ)ৰ ওদালগুৰিৰ ডেজিগনেটেদ শিৱিৰতো সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সংগঠনটোৱে পালন কৰা প্ৰতিষ্ঠা দিৱসৰ পতাকা উতিতোলন কৰে সংগঠনটোৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে । এন ডি এফ বি (প্ৰ) ৰ সভাপতি বসুমতাৰীয়ে সাংবাদিকৰ ওচৰত কেচবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে এন ডি এফ বিৰ সংবিজিৎ গোটটো এতিয়া কাগজৰ বাঘহৈ জীয়াই থকা বুলি মন্তব্য কৰি সংগঠনটোৰ প্ৰায় সকলোবোৰ সদস্য ম্যানমাৰ আৰু ভাৰতৰ জেলত বন্দি হৈ পৰাবুলিও তেও সাংবাদিকৰ ওচৰত প্ৰকাশ কৰে । বি বি ডাইৰ সৈতে যোগাযোগ কৰে যদিও বিডাই কোনোপধ্যে আত্মসমৰ্পন নকৰে বুলি গোবিন্দ বসুমতাৰীয়ে উল্লেখ কৰে।
আনহাতে ইচ্ছা কৰিলে ভাৰত চৰকাৰে এক মিনিটতে এন ডি এফ বিৰ সমস্যা সমাধান কৰিব পাৰে বুলি উল্লেখ কৰি ভাৰতৰ সকলো সহস্ৰ সংগঠনৰ সৈতেই আলোচনা কৰি সমস্যা সমাধান কৰাৰ বাৱে নেতা গৰাকীয়ে চৰকাৰক আহ্বান জনায়।

Related Articles

Leave a Reply

Close